হায়দৰাবাদ : ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৮ সংখ্যক ছিজনৰ নতুন সূচী ঘোষণা কৰিছে BCCI-এ । এতিয়া ১৭ মে’ৰ পৰা আৰম্ভ হ’ব IPL ২০২৫ । এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন এতিয়া ৩ জুনত অনুষ্ঠিত হ’ব । IPL ৰ বাকী ১৭খন মেচ মুঠ ৬টা স্থানত অনুষ্ঠিত হ’ব ।
১৭ মে’ৰ পৰা আৰম্ভ হ’ব IPL ২০২৫
IPL ৰ অফিচিয়েল X একাউণ্টত পোষ্ট কৰি IPL পুনৰ আৰম্ভ হোৱাৰ তথ্য দিছে । BCCI-এ এই সন্দৰ্ভত জাৰি কৰা প্ৰেছ বিজ্ঞপ্তিটোত লিখিছে - ''ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড BCCI-এ টাটা IPL ২০২৫ পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰি আনন্দিত হৈছে । চৰকাৰ আৰু নিৰাপত্তা সংস্থাসমূহৰ সৈতে আৰু সকলো গুৰুত্বপূৰ্ণ অংশীদাৰৰ সৈতে ব্যাপক আলোচনাৰ অন্তত ব’ৰ্ডে ছিজনৰ বাকী অংশৰ সৈতে আগবাঢ়ি যোৱাৰ সিদ্ধান্ত লৈছে ।''
🗓️ #TATAIPL 2025 action is all set to resume on 17th May 🙌
— IndianPremierLeague (@IPL) May 12, 2025
The remaining League-Stage matches will be played across 6⃣ venues 🏟️
The highly anticipated Final will take place on 3rd June 🏆
Details 🔽https://t.co/MEaJlP40Um pic.twitter.com/c1Fb1ZSGr2
২০২৫ চনৰ ১৭ মে’ৰ পৰা আৰম্ভ হ’বলগীয়া এই প্ৰতিযোগিতাখন ৬টা স্থানত অনুষ্ঠিত হ’ব আৰু ২০২৫ চনৰ ৩ জুনত ফাইনেলত শিখৰত উপনীত হ’ব । নতুন সূচীত দুটা দেওবাৰে অনুষ্ঠিত হ’বলগীয়া দুখন ডাবল হেডাৰ অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰ লগতে প্লে অফ আৰু কোৱালিফায়াৰৰ সময় আৰু তাৰিখো সলনি কৰা হৈছে যদিও প্লে অফৰ স্থান পিছত ঘোষণা কৰা হ’ব বুলি কোৱা হৈছে ।

লগতে পঢ়ক : পুনৰ কেতিয়াৰ পৰা আৰম্ভ হ'ব IPL ? বি চি চি আয়ে কি কয় লগতে পঢ়ক : দেশৰ পৰিস্থিতি ভাল নহয়: আই পি এলৰ বাকী থকা সকলো খেল বাতিল |
আই পি এল ২০২৫ প্লে অফ মেচ
- কোৱালিফায়াৰ ১ - ২৯ মে'
- এলিমিনেটৰ - ৩০ মে'
- কোৱালিফায়াৰ ২ - ১ জুন
- চূড়ান্ত - ৩ জুন
আই পি এল ২০২৫ৰ স্থান
- বেংগালুৰু
- লক্ষ্ণৌ
- দিল্লী
- জয়পুৰ
- মুম্বাই
- আহমেদাবাদ
এই সুযোগতে BCCI-এ ভাৰতৰ সশস্ত্ৰ বাহিনীৰ সাহস আৰু স্থিতিস্থাপকতাক পুনৰবাৰ প্ৰণাম জনাইছে, যাৰ প্ৰচেষ্টাই ক্ৰিকেটৰ নিৰাপদ প্ৰত্যাৱৰ্তন সম্ভৱ কৰি তুলিছে । লীগখনৰ সফল সম্পূৰ্ণতা নিশ্চিত কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰতি ব’ৰ্ডে নিজৰ দায়বদ্ধতা পুনৰ দৃঢ় কৰিছে ।