ETV Bharat / sports

IPLৰ নতুন তাৰিখ ঘোষণা, ৬টা ভেন্যুত অনুষ্ঠিত হ'ব সকলো মেচ, ফাইনেল হ'ব ৩ জুনত

ঘোষণা কৰা হৈছে আই পি এল ২০২৫ৰ নতুন সূচী । ১৭ মে’ৰ পৰা আৰম্ভ হ’ব এই প্ৰতিযোগিতাখনৰ ফাইনেল ৩ মে’ত ।

IPL 2025 New Schedule announced
আই পি এল ২০২৫ (IANS)
author img

By ETV Bharat Assamese Team

Published : May 13, 2025 at 12:00 AM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৮ সংখ্যক ছিজনৰ নতুন সূচী ঘোষণা কৰিছে BCCI-এ । এতিয়া ১৭ মে’ৰ পৰা আৰম্ভ হ’ব IPL ২০২৫ । এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন এতিয়া ৩ জুনত অনুষ্ঠিত হ’ব । IPL ৰ বাকী ১৭খন মেচ মুঠ ৬টা স্থানত অনুষ্ঠিত হ’ব ।

১৭ মে’ৰ পৰা আৰম্ভ হ’ব IPL ২০২৫

IPL ৰ অফিচিয়েল X একাউণ্টত পোষ্ট কৰি IPL পুনৰ আৰম্ভ হোৱাৰ তথ্য দিছে । BCCI-এ এই সন্দৰ্ভত জাৰি কৰা প্ৰেছ বিজ্ঞপ্তিটোত লিখিছে - ''ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড BCCI-এ টাটা IPL ২০২৫ পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰি আনন্দিত হৈছে । চৰকাৰ আৰু নিৰাপত্তা সংস্থাসমূহৰ সৈতে আৰু সকলো গুৰুত্বপূৰ্ণ অংশীদাৰৰ সৈতে ব্যাপক আলোচনাৰ অন্তত ব’ৰ্ডে ছিজনৰ বাকী অংশৰ সৈতে আগবাঢ়ি যোৱাৰ সিদ্ধান্ত লৈছে ।''

২০২৫ চনৰ ১৭ মে’ৰ পৰা আৰম্ভ হ’বলগীয়া এই প্ৰতিযোগিতাখন ৬টা স্থানত অনুষ্ঠিত হ’ব আৰু ২০২৫ চনৰ ৩ জুনত ফাইনেলত শিখৰত উপনীত হ’ব । নতুন সূচীত দুটা দেওবাৰে অনুষ্ঠিত হ’বলগীয়া দুখন ডাবল হেডাৰ অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰ লগতে প্লে অফ আৰু কোৱালিফায়াৰৰ সময় আৰু তাৰিখো সলনি কৰা হৈছে যদিও প্লে অফৰ স্থান পিছত ঘোষণা কৰা হ’ব বুলি কোৱা হৈছে ।

IPL 2025 NEW SCHEDULE
আই পি এল ২০২৫ (BCCI)

লগতে পঢ়ক : পুনৰ কেতিয়াৰ পৰা আৰম্ভ হ'ব IPL ? বি চি চি আয়ে কি কয়

লগতে পঢ়ক : দেশৰ পৰিস্থিতি ভাল নহয়: আই পি এলৰ বাকী থকা সকলো খেল বাতিল

আই পি এল ২০২৫ প্লে অফ মেচ

  • কোৱালিফায়াৰ ১ - ২৯ মে'
  • এলিমিনেটৰ - ৩০ মে'
  • কোৱালিফায়াৰ ২ - ১ জুন
  • চূড়ান্ত - ৩ জুন

আই পি এল ২০২৫ৰ স্থান

  1. বেংগালুৰু
  2. লক্ষ্ণৌ
  3. দিল্লী
  4. জয়পুৰ
  5. মুম্বাই
  6. আহমেদাবাদ

এই সুযোগতে BCCI-এ ভাৰতৰ সশস্ত্ৰ বাহিনীৰ সাহস আৰু স্থিতিস্থাপকতাক পুনৰবাৰ প্ৰণাম জনাইছে, যাৰ প্ৰচেষ্টাই ক্ৰিকেটৰ নিৰাপদ প্ৰত্যাৱৰ্তন সম্ভৱ কৰি তুলিছে । লীগখনৰ সফল সম্পূৰ্ণতা নিশ্চিত কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰতি ব’ৰ্ডে নিজৰ দায়বদ্ধতা পুনৰ দৃঢ় কৰিছে ।

লগতে পঢ়ক : টীম ইণ্ডিয়াৰ টেষ্ট অধিনায়কৰ দৌৰৰ পৰা আঁতৰিল যশপ্ৰীত বুমৰাহ

লগতে পঢ়ক : টেষ্ট ক্ৰিকেটত বিৰাট যুগৰ অন্ত, আধৰুৱা হৈ ৰ’ল 10 হাজাৰ ৰাণ সংগ্ৰহৰ সপোন