মুম্বাই: ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ ৰ এখন গুৰুত্বপূৰ্ণ মেচত সোমবাৰে মুম্বাই ইণ্ডিয়ানছ (এম আই) আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰ চি বি) মুখামুখি হ'ব । দুয়োটা দলৰ মাজত খেলখন সন্ধিয়া ৭.৩০ বজাত মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ।
এইটো ছিজনত এতিয়ালৈ মুম্বাই ইণ্ডিয়ানছৰ প্ৰদৰ্শনত অনুৰাগীসকল নিৰাশ হোৱা দেখা গৈছে । দলটোৱে ৪ খন মেচৰ ভিতৰত মাত্ৰ এখনতে জয়ী হৈছে । আনহাতে, আৰ চি বিয়ে এতিয়ালৈকে উন্নত প্ৰদৰ্শন দেখুৱাইছে আৰু ৩ খন মেচৰ ভিতৰত দুখনত ইতিমধ্যে জয়ী হৈছে । পইণ্টছ টেবুলত এম আই অষ্টম স্থানত আৰু আৰ চি বি তৃতীয় স্থানত আছে ।
মুম্বাই বনাম বেংগালুৰু
হাৰ্দিক পাণ্ডিয়াৰ নেতৃত্বত মুম্বাইৰ দলটোৱে আজি পঞ্চমখন খেলত অৱতীৰ্ণ হ'ব । দলটোৰ এতিয়ালৈ প্ৰদৰ্শন দুৰ্বল দেখা গৈছে । দলটোৱে ঘৰুৱা ষ্টেডিয়াম ৱাংখেড়েত একমাত্ৰ বিজয় সাব্যস্ত কৰিছে । য'ত তেওঁলোকে কলকাতা নাইট ৰাইডাৰ্ছক ৮ উইকেটত পৰাস্ত কৰিছিল । ইয়াৰ লগতে পাঁচবাৰৰ চেম্পিয়ন এই দলটোৱে চেন্নাই ছুপাৰ কিংছ, গুজৰাট টাইটানছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে পৰাজিত হৈছে । তথাপিও আজি আৰ চি বিৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া খেলখনত তাৰকা বলাৰ যশপ্রীত বুমৰাহে খেলাৰ সম্ভাৱনা আছে । বুমৰাহে শনিবাৰে দলত যোগদান কৰে ।
#IPLRivalryWeek is here and it doesn’t get bigger than #MI vs #RCB at the Wankhede! 💙❤
— Star Sports (@StarSportsIndia) April 6, 2025
While Bengaluru have not won in Mumbai since 2016, will the streak end, or will the #MIPaltan hold their ground once again? 👀#IPLonJioStar 👉 #MIvRCB | MON 7 APR, 6:30 PM on Star Sports… pic.twitter.com/RmetDQholg
আনহাতে, আৰ চি বিৰ প্ৰদৰ্শন এতিয়ালৈ আকৰ্ষণীয় দেখা গৈছে । দলটোৰ প্ৰদৰ্শনত অনুৰাগীসকলো আনন্দিত হৈছে । ৰজত পাটিদাৰৰ নেতৃত্বত আৰ চি বিয়ে উদ্বোধনী মেচতে বিগত বৰ্ষৰ চেম্পিয়ন কে কে আৰক পৰাস্ত কৰে । পৰৱৰ্তী মেচত চেন্নাইক পৰাজিত কৰে । অৱশ্যে ঘৰুৱা খেলপথাৰত গুজৰাট টাইটানছৰ বিৰুদ্ধে দলটো পৰাজয়ৰ সন্মুখীন হয় । আৰ চি বিৰ অনুৰাগীসকলে এইবাৰ দলটোৰ খিতাপ লাভৰ আশাত আছে ।
মুম্বাই বনাম বেংগালুৰু হেড টু হেড
মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত হেড টু হেড ৰেকৰ্ডৰ কথা ক'বলৈ গ'লে মুম্বাইৰ পক্ষ গধুৰ যেন লাগে । দুয়োটা দলৰ মাজত এতিয়ালৈকে মুঠ ৩৩ খন মেচ অনুষ্ঠিত হৈছে । এই সময়ছোৱাত ১৯ বাৰ মুম্বাই জয়ী হৈছে । আনহাতে, আৰ চি বিয়ে ১৪ খন মেচত জয়ী হৈছে । অৱশ্যে দুয়োটা দলৰ মাজত খেলা অন্তিম ৫ খন মেচত আৰ চি বিৰ প্ৰদৰ্শন শক্তিশালী আছিল আৰু দলটোৱে ৩ খন মেচতে জয়ী হ'বলৈ সক্ষম হৈছে ।
Blue 🔵 vs. Red 🔴
— Star Sports (@StarSportsIndia) April 6, 2025
Hitman 👊 vs. King 👑
RO 🆚 KO#IPLRivalryWeek begins with the clash of Gen GOLD's GOATs! 🏏⚔️
Who do you believe will win this battle of greats? 💙❤️#IPLonJioStar 👉 #MIvRCB | MON 7 APR, 6:30 PM on Star Sports 1, Star Sports 1 Hindi & @JioHotstar pic.twitter.com/UGPArSJgIw
ৱাংখেড়ে ষ্টেডিয়ামৰ পিটচ ৰিপ'ৰ্ট
মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়াম সদায়ে হাই স্কোৰিং হয় । অনুৰাগীসকলে দুয়োটা দলৰে বেটছমেনৰ পৰা আক্ৰমণাত্মক ইনিংছ আশা কৰিব পাৰে । কিয়নো ষ্টেডিয়ামৰ বাউণ্ডাৰী লাইন চুটি । টছ সম্ভৱতঃ গুৰুত্বপূৰ্ণ নহ'ব । তথাপি অধিকাংশ অধিনায়কে দ্বিতীয় ইনিংছত সম্ভাব্য কুঁৱলীৰ প্ৰতি লক্ষ্য ৰাখি এই পিটচত প্ৰথমে বলিং কৰা অধিক পছন্দ কৰে ।
𝘽𝙝𝙖𝙞𝙘𝙝𝙖𝙧𝙖 on pause tonight. ⏸️🔥#MumbaiIndians #PlayLikeMumbai #TATAIPL #MIvRCB pic.twitter.com/pUhvlr6ZnR
— Mumbai Indians (@mipaltan) April 7, 2025
মুম্বাই আৰু বেংগালুৰুৰ সম্ভাব্য প্লেয়িং-১১
মুম্বাইৰ সম্ভাব্য প্লেয়িং-১১: ৰোহিত শর্মা, ৰায়ান ৰিকেলটন (উইকেটকীপাৰ), উইল জেক্স, সূৰ্যকুমাৰ যাদৱ, তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), নমন ধীৰ, ৰাজ অংগদ বাৱা, মিচেল চেণ্টনাৰ, দীপক চাহাৰ আৰু ট্ৰেণ্ট বোল্ট ।
ইম্পেক্ট প্লেয়াৰ: বিগনেশ পুথুৰ/অশ্বিনী কুমাৰ
বেংগালুৰুৰ সম্ভাব্য প্লেয়িং-১১: বিৰাট কোহলী, ফিল ছল্ট, দেৱদত্ত পাডিক্কাল, ৰজত পাটিদাৰ (অধিনায়ক), লিয়াম লিভিংষ্টন, জিতেশ শৰ্মা (উইকেটকীপাৰ), টিম ডেভিড, ক্ৰুণাল পাণ্ডিয়া, ভূৱনেশ্বৰ কুমাৰ, জছ হেজেলউড আৰু যশ দয়াল ।
ইমপেক্ট প্লেয়াৰ: সুয়শ শৰ্মা/ৰচিখ দাৰ ছালাম
লগতে পঢ়ক : শুভমন গিলৰ অৰ্ধশতক-চিৰাজৰ ৪ উইকেট, গুজৰাট টাইটানছৰ ৭ উইকেটত জয় - IPL 2025