ETV Bharat / sports

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে জয়লাভ মুম্বাই ইণ্ডিয়ানছৰ, ৰোহিত শৰ্মাৰ অৰ্ধশতক - IPL 2025

মুম্বাই ইণ্ডিয়ানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক ৭ উইকেটত পৰাস্ত কৰিছে । খেলখনত ৰোহিত শৰ্মাই অৰ্ধশতক অৰ্জন কৰাৰ বিপৰীতে ব’ল্টে ৪ টা উইকেট দখল কৰে ।

IPL 2025
ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে বেটিং কৰি থকা অৱস্থাত ৰোহিত শৰ্মা আৰু সূৰ্যকুমাৰ যাদৱ (IANS)
author img

By ETV Bharat Assamese Team

Published : April 23, 2025 at 11:57 PM IST

3 Min Read

হায়দৰাবাদ: আই পি এল ২০২৫ ৰ ৪১ সংখ্যক মেচখনত মুম্বাই ইণ্ডিয়ানছে ঘৰুৱা ময়দানত পৰাস্ত কৰিছে ছানৰাইজাৰ্ছ হায়দৰাবাদক ৷ মুম্বাইৰ দলটোৱে মেচখনত ৭ উইকেটত পৰাজয়বৰণ কৰে ।

হাৰ্দিক পাণ্ডিয়া নেতৃত্বাধীন মুম্বাইয়ে পঞ্চমটো জয় অৰ্জন কৰি ৯ খন মেচৰ ৪ খনত পৰাজয় আৰু ৫ খনত জয়ৰে পইণ্ট তালিকাত তৃতীয় স্থান দখল কৰিছে । আনহাতে, পেট কামিন্সৰ অধিনায়কত্বৰে পৰিচালিত হায়দৰাবাদে ৮ খন মেচৰ ছয়খনত পৰাজয়বৰণ কৰি পইণ্ট তালিকাৰ নৱম স্থানতে সন্তুষ্ট থাকিবলগীয়া হৈছে ।

৭ উইকেটত পৰাস্ত ছানৰাইজাৰ্ছ হায়দৰাবাদ

হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত এই মেচত মুম্বাই ইণ্ডিয়ানছে টছত জয়লাভ কৰি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় । টছত পৰাস্ত হোৱাৰ পাছত ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ২০ অভাৰত ৮ টা উইকেট হেৰুৱাই ১৪৩ ৰাণ সংগ্ৰহ কৰে ।

প্ৰত্যুত্তৰত মুম্বাই ইণ্ডিয়ানছে ৩ টা উইকেট হেৰুৱাই ১৫.৪ অভাৰত ১৪৬ ৰাণ সংগ্ৰহ কৰি মেচখনত জয়লাভ কৰে । মুম্বাইৰ এই জয়ত ৰোহিত শৰ্মা আৰু ট্ৰেণ্ট ব’ল্টে পালন কৰে গুৰুত্বপূৰ্ণ ভূমিকা ।

ৰোহিত শৰ্মাৰ বিস্ফোৰক অৰ্ধশতক

এই মেচখনত মুম্বাইৰ ৰোহিত শৰ্মা আৰু ৰিয়ান ৰিকেলটনে হায়দৰাবাদে বান্ধি দিয়া ১৪৪ ৰাণৰ লক্ষ্য আগত লৈ প্ৰথমে ক্ৰিজলৈ আহে ৷ জয়দেৱ উনাদকটে ৰিকেলটন(১১) ৰ ৰূপত দলটোক প্ৰথম সফলতা প্ৰদান কৰে ।

ইয়াৰ পিছত উইল জেকে ২২ ৰাণ সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় ৷ অৱশ্যে ক্ৰিজৰ আনটো মূৰত থকা ৰোহিতে অৰ্ধশতকীয় ইনিংছ খেলে । ক্ৰিকেটাৰগৰাকীয়ে ৪৬ টা বলত ৮ টা চাৰি আৰু ৩ টা ছয়ৰে ৭০ ৰাণৰ বিস্ফোৰক বেটিং কৰে ৷

হিটমেনৰ বাহিৰেও মুম্বাইৰ হৈ ১৯ টা বলত ৪০ ৰাণৰ অপৰাজিত ইনিংছ খেলিছিল সূৰ্যকুমাৰ যাদৱে । যাদৱে ৫ টা চাৰি আৰু দুটা ছয়ৰে নিজৰ ইনিংছটো সজায় । সূৰ্যৰ সৈতে তিলক বাৰ্মাই অপৰাজিত ২ ৰাণ সংগ্ৰহ কৰি মুম্বাইক আকাংক্ষিত বিজয়ৰ সোৱাদ দিয়ে ৷

হায়দৰাবাদৰ হৈ জয়দেৱ উনাদকট, ঈশান মালিংগা আৰু জীশন আনছাৰীয়ে এটাকৈ উইকেট দখল কৰে ।

ক্লাচেন আৰু মনোহৰে ৰক্ষা কৰিলে হায়দৰাবাদৰ সন্মান

বুধবাৰৰ মেচখনত মুম্বাইৰ বলাৰৰ সন্মুখত দিশহাৰা হৈ পৰে হায়দৰাবাদৰ টপ অৰ্ডাৰ বেটছমেনসকল ৷ দলটোৰ হৈ ট্ৰেভিছ হেডে ০, ঈশান কিষাণে ১ আৰু অভিষেক শৰ্মাই ৮ ৰাণ সংগ্ৰহ কৰে । এনে পৰিস্থিতিত হাইনৰিখ ক্লাচেনে অভিনৱ মনোহৰৰ সৈতে যুটি বান্ধি ৰাণ সংগ্ৰহৰ ক্ষেত্ৰত দলটোক এক সন্মানজনক স্থিতিত উপনীত কৰোৱায় ৷ ক্লাচেনে ৪৪ টা বলত ৭১ ৰাণৰ ইনিংছ খেলি ৯ টা চাৰি আৰু দুটা ছয় কোবায় ।

ক্লাচেনৰ উপৰিও অভিনৱ মনোহৰে দুটা চাৰি আৰু ৩ টা ছয়ৰ সহায়ত ৩৭ টা বলত ৪৩ ৰাণৰ ইনিংছ খেলি দলীয় স্ক’ৰ ১৪৩ লৈ নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । মুম্বাইৰ হৈ ট্ৰেণ্ট ব’ল্টে ৪ টা আৰু দীপক চহৰে দুটা উইকেট দখল কৰে ।

লগতে পঢ়ক: আই পি এল: খেলুৱৈ-আম্পায়াৰৰ পোচাকত ক’লা বেজ, নানাচিব চিয়েৰলিডাৰ্ছে, নুফুটিব আতচবাজীও

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.