মুম্বাই : আই পি এল ২০২৫ত দেওবাৰে দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলখনত ১২ ৰাণত জয়লাভ কৰে মুম্বাই ইণ্ডিয়ানছে । অৱশ্যে খেলখনৰ শেষত জ্যেষ্ঠ খেলুৱৈ ৰোহিত শৰ্মাই নিজৰ অধিনায়কত্বৰ দক্ষতা দেখুৱাইছিল, তেওঁ ডগআউটৰ পৰাই নিজৰ কৌশলেৰে মেচখন নিজৰ পক্ষত ঘূৰাই আনিছিল ।
ৰোহিত শৰ্মাক পুনৰ অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ আবেদন
এই প্ৰসংগত এজন অনুৰাগীয়ে ফ্ৰেঞ্চাইজিৰ মালিক নীতা আম্বানীক ৰোহিতক পুনৰ অধিনায়ক হিচাপে নিযুক্তি দিবলৈ অনুৰোধ জনায় । মুম্বাইৰ ফ্ৰেঞ্চাইজিৰ স্বত্বাধিকাৰী নীতা আম্বানীয়ে সোমবাৰে শিৰদী ছাই বাবা মন্দিৰ দৰ্শন কৰে । মন্দিৰলৈ যাওঁতে হাতযোৰ কৰি এজন অনুৰাগীয়ে বাৰে বাৰে অনুৰোধ কৰিছিল যে ৰোহিত শৰ্মাক পুনৰ মুম্বাই দলৰ অধিনায়ক বনাবলৈ ।
Man was demanding captaincy for Rohit Sharma in front of Nita Ambani. This is madness.💀 pic.twitter.com/dCbdVuQZJu
— Gems of Cricket (@GemsOfCrickets) April 13, 2025
নীতা আম্বানীয়েও দিলে উত্তৰ :
মন্দিৰৰ বাহিৰত অনুৰাগী আৰু নীতা আম্বানীৰ মাজত হোৱা কথা-বতৰাৰ এটা ভিডিঅ’ ক্লিপ তেতিয়াৰ পৰাই ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । নীতা আম্বানীয়ে অনুৰাগীৰ কথাখিনি হাঁহি হাঁহি মানি লৈ উত্তৰ দিলে ‘বাবা কি মাৰ্জী’ ।
২০২৪ চনত ৰোহিত শৰ্মাৰ অধিনায়কত্ব কাঢ়ি লোৱা হৈছিল
২০২৪ চনত ৰোহিত শৰ্মাৰ ঠাইত হাৰ্দিক পাণ্ডিয়াক মুম্বাই ফ্ৰেঞ্চাইজিৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছিল । অৱশ্যে সেই সময়ত ৰোহিত আৰু মুম্বাইৰ অনুৰাগীয়ে এই কথাটো ভাল নাপালে । ছ'চিয়েল মিডিয়াত ইয়াৰ তীব্ৰ বিৰোধিতা কৰে । পোষ্টটো শ্বেয়াৰ কৰি অনুৰাগীয়ে কয় যে দলৰ হৈ পাঁচটা খিতাপ দখল কৰা অধিনায়কক অপসাৰণ কৰাটো সঠিক নহয় । ইয়াৰ পিছত দল পৰিচালনা সমিতিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে দলৰ সুবিধা আৰু ভৱিষ্যতৰ কথা মনত ৰাখি এই সিদ্ধান্ত লোৱা হৈছে ।
Tight at the top! 🔝#GT edge ahead, but 3⃣ others are right on their heels with 8 points each!#TATAIPL 2025 points table is spicing up 🌶️ pic.twitter.com/mRNobsicxF
— IndianPremierLeague (@IPL) April 13, 2025
আই পি এল ২০২৪ত মুম্বাইৰ প্ৰদৰ্শন
আই পি এল ২০২৪ত পইণ্ট তালিকাৰ তলৰ স্থান দখল কৰাৰ পিছতো মুম্বাইয়ে হাৰ্দিক পাণ্ডিয়াক অধিনায়ক হিচাপে সমৰ্থন কৰি থাকিল । লগতে ৰোহিত শৰ্মা, সূৰ্যকুমাৰ যাদৱ, যশপ্ৰীত বুমৰাহ আৰু তিলক বাৰ্মাকো ধৰি ৰাখিলে । ১৬.৩০ কোটি টকাত ৰোহিতক ৰাখিলে এম আইয়ে ।
আই পি এল ২০২৫ত ৰোহিত শৰ্মা আৰু মুম্বাইৰ দুৰ্বল প্ৰদৰ্শন
ইফালে এই ছিজনত ৰোহিতে আশা কৰা ধৰণে প্ৰদৰ্শন কৰা নাই । ৫ খন মেচত মাত্ৰ ৫৬ ৰাণহে কৰিবলৈ সক্ষম হৈছে ৰোহিত শৰ্মা । হাৰ্দিক পাণ্ডিয়াৰ দলটোৱে প্ৰথম ছয়খন খেলৰ ভিতৰত মাত্ৰ দুখন খেলত জয়লাভ কৰি বৰ্তমান ১০ দলৰ পইণ্ট তালিকাত সপ্তম স্থানত আছে । এতিয়াৰ পৰা প্লে অফত প্ৰৱেশ কৰিবলগীয়া হ’লে প্ৰতিখন মেচ গুৰুত্বপূৰ্ণ হ’ব ।