হায়দৰাবাদ: আই পি এল ২০২৫ ৰ প্ৰথম ৫ খন মেচৰ ভিতৰত ৪ খনতে পৰাস্ত হোৱা চেন্নাই ছুপাৰ কিংছ (চি এছ কে) ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে ৷ কাৰণ দলটোৰ অধিনায়ক ৰুতুৰাজ গাইকোৱাড়ে আঘাতৰ বাবে আধাতে বাহিৰ হ’বলগীয়া হৈছে চলিত ছিজনৰ আই পি এলৰ পৰা ৷
কঁকালৰ আঘাতৰ বাবে আই পি এল ২০২৫ ৰ পৰা বাদ পৰে ৰুতুৰাজ ৷ তেওঁৰ স্থানত এম এছ ধোনীক দলৰ অধিনায়কৰ দায়িত্ব দিয়া হৈছে ।
🚨 News 🚨
— IndianPremierLeague (@IPL) April 10, 2025
🗣 #CSK Head Coach Stephen Fleming announces MS Dhoni's return to captaincy as Ruturaj Gaikwad is ruled out of #TATAIPL 2025 due to an injury. pic.twitter.com/Far8uAleam
কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে দলটোৰ ঘৰুৱা খেলৰ পূৰ্বে বৃহস্পতিবাৰে দলটোৰ মুখ্য প্ৰশিক্ষক ষ্টিফেন ফ্লেমিঙে এই কথা নিশ্চিত কৰে ।
কঁকাল ভাঙিছে ঋতুৰাজ গাইকোৱাড়ৰ
৩০ মাৰ্চত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে চি এছ কেৰ খেলখনত তুষাৰ দেশপাণ্ডেৰ মুখামুখি হোৱাৰ সময়তে ২৮ বছৰীয়া গাইকোৱাড়ে কঁকালত আঘাত পাইছিল ।অৱশ্যে পৰৱৰ্তী দুখন মেচত দিল্লী কেপিটেলছ আৰু পঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলিছিল চেন্নাই চুপাৰ কিংছৰ অধিনায়কগৰাকীয়ে ৷ পৰৱৰ্তী সময়ত স্কেনত আঘাতৰ কথাটো নিশ্চিত হৈছে ।
চি এছ কেৰ অধিনায়ক হিচাপে প্ৰত্যাৱৰ্তন ধোনীৰ
গাইকোৱাড়ৰ আঘাতৰ পৰিণতিত ৪৩ বছৰীয়া ধোনীয়ে চি এছ কেৰ অধিনায়ক হিচাপে দায়িত্ব গ্ৰহণ কৰিব ৷ পূৰ্বে ২০২২ চনত ধোনীয়ে কিছুদিনৰ বাবে ৰবীন্দ্ৰ জাদেজাৰ হাতত দলৰ অধিনায়কৰ বাঘজৰী অৰ্পণ কৰিছিল যদিও ছিজনৰ মাজভাগত পুনৰ সেই দায়িত্ব নিজৰ হাতলৈ আনে ৷
২০২৪ চনৰ ছিজনৰ পূৰ্বে ধোনীয়ে অধিনায়কত্ব এৰি গাইকোৱাড়ৰ হাতত এই দায়িত্ব অৰ্পণ কৰে ।
চলিত ছিজনৰ আই পি এলত চি এছ কেৰ দুৰ্বল প্ৰদৰ্শন
চলিত ছিজনৰ আই পি এলত ধাৰাবাহিকভাৱে দুৰ্বল প্ৰদৰ্শন কৰা চি এছ কেৰ অধিনায়কৰ দায়িত্ব পুনৰ ধোনীৰ হাতত অৰ্পণ কৰা হৈছে ৷ এই ছিজনত দলটোৱে ৫ খন মেচৰ ভিতৰত মাত্ৰ এখনত জয়লাভ কৰি পইণ্ট টেবুলত নৱম স্থানত আছে ।
সামগ্ৰিকভাৱে ধোনীয়ে চি এছ কেৰ ২৬৮ খন মেচৰ ভিতৰত ২৩৫ খন মেচৰ অধিনায়কৰ দায়িত্ব পালন কৰিছে ৷ অভিজ্ঞ ক্ৰিকেটাৰগৰাকীয়ে দলটোক ধাৰাবাহিকভাৱে সফলতাৰ শিখৰলৈ লৈ গৈছে ।
ধোনীৰ নেতৃত্বত চি এছ কেয়ে ৫ টা আই পি এল খিতাপ দখল কৰিছে
ধোনীৰ নেতৃত্বত চি এছ কেয়ে ৫ টা আই পি এল খিতাপ (২০১০, ২০১১, ২০১৮, ২০২১, ২০২৩) আৰু দুটা চেম্পিয়নছ লীগ টি-২০ ট্ৰফী লাভ কৰিবলৈ সক্ষম হৈছে । উল্লেখযোগ্য যে, দলটোৱে আই পি এলৰ মাত্ৰ দুটা ছিজনত – ২০২০ আৰু ২০২২ চনত শীৰ্ষ চাৰিৰ বাহিৰত স্থান দখল কৰাৰ বিপৰীতে ২০১০ চনৰ পৰা ২০১৩ চনলৈকে একেৰাহে চাৰিটা বছৰকে ধৰি ১০ বাৰ ফাইনেলত প্ৰৱেশ কৰিছে ।
লগতে পঢ়ক: আই পি এলৰ ইতিহাসত আনে গঢ়িব নোৱৰা অভিলেখৰ গৰাকী হ’ল মহেন্দ্ৰ সিং ধোনী