ETV Bharat / sports

১০বছৰৰ পিছত RCBৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ পৰাজয়, ভূৱনেশ্বৰ কুমাৰৰ ইতিহাস - IPL 2025

মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনত আৰ চি বি-ৰ তাৰকা বলাৰ ভূৱনেশ্বৰ কুমাৰে ৰচে ইতিহাস ।

IPL 2025
দলীয় সতীৰ্থৰ সৈতে ভূৱনেশ্বৰ কুমাৰ (IANS Photo)
author img

By ETV Bharat Assamese Team

Published : April 8, 2025 at 4:17 PM IST

3 Min Read

মুম্বাই: আই পি এল ২০২৫ ৰ ২০সংখ্যক মেচত সোমবাৰে ৱাংখেড়ে ষ্টেডিয়ামত ১০ বছৰৰ পাছত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে জয়লাভ কৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰ চি বি) য়ে ।

এই খেলখনত আৰ চি বিৰ অভিজ্ঞ ফাষ্ট বলাৰ ভূৱনেশ্বৰ কুমাৰে ইতিহাস ৰচনা কৰে । সোঁহতীয়া বলাৰজনে মুম্বাই ইণ্ডিয়ানছৰ তাৰকা বেটছমেন তিলক বাৰ্মাৰ গুৰুত্বপূৰ্ণ উইকেটটো দখল কৰাৰ পিছতে ইতিহাসৰ পাতত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হয় ।

  • আই পি এলত সৰ্বাধিক উইকেট দখলকাৰী বলাৰত পৰিণত ভূৱনেশ্বৰ কুমাৰ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ৰ ইতিহাসত সৰ্বাধিক সফল ফাষ্ট বলাৰ হিচাপে পৰিগণিত হৈছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰ চি বি) ৰ বলাৰ ভূৱনেশ্বৰ কুমাৰ । ৱেষ্ট ইণ্ডিজৰ অলৰাউণ্ডাৰ ড্ৱেইন ব্ৰাভোক অতিক্ৰমি বলাৰগৰাকীয়ে এই কৃতিত্ব অৰ্জন কৰে ।

টুৰ্ণামেণ্টখনৰ ইতিহাসত সৰ্বাধিক উইকেট দখল কৰা ফাষ্ট বলাৰত পৰিণত হৈছে ভূৱনেশ্বৰ কুমাৰ । ভূৱনেশ্বৰে ১৭৯ খন মেচত ১৮৪ টা উইকেট দখল কৰাৰ বিপৰীতে ড্ৱেইন ব্ৰাভোৱে ১৬১ খন আই পি এল মেচত ১৮৩ টা উইকেট লাভ কৰিছিল ।

  • আই পি এলৰ ইতিহাসত সৰ্বাধিক উইকেট দখলকাৰী শীৰ্ষৰ পাঁচগৰাকী ফাষ্ট বলাৰ
  1. ভূৱনেশ্বৰ কুমাৰ - 184 উইকেট (179* মেচ)
  2. ড্ৱেইন ব্ৰাভো - 183 উইকেট (161 উইকেট)
  3. লাচিত মালিংগা - 170 উইকেট (122 উইকেট)
  4. যশপ্ৰীত বুমৰাহ -165 উইকেট (134 উইকেট)
  5. উমেশ যাদৱ - 144 উইকেট (148 মেচ)
  • আই পি এলৰ তৃতীয় সৰ্বাধিক উইকেট দখলকাৰীত পৰিণত ভূৱনেশ্বৰ

ভূৱনেশ্বৰ কুমাৰ আই পি এলৰ তৃতীয় সৰ্বাধিক উইকেট দখলকাৰীত পৰিণত হৈছে । আই পি এলৰ সৰ্বাধিক উইকেট দখলকাৰীৰ তালিকাৰ শীৰ্ষ দুটা স্থানত আছে যুজবেন্দ্ৰ চাহাল (১৬২ খন মেচত ২০৬ উইকেট) আৰু পীযুষ চাওলা (১৯২ খন মেচত ১৯২ উইকেট) ।

  • আই পি এলৰ ইতিহাসত সৰ্বাধিক উইকেট দখল কৰা শীৰ্ষৰ পাঁচগৰাকী বলাৰ
  1. যুজবেন্দ্ৰ চাহাল - 206 উইকেট (162* মেচ)
  2. পীযুষ চাওলা - 192 উইকেট (192 মেচ)
  3. ভূৱনেশ্বৰ কুমাৰ - 184 উইকেট (179* মেচ)
  4. ড্ৱেইন ব্ৰাভো - 183 উইকেট (161 মেচ)
  5. আৰ অশ্বিন - 183 উইকেট (216 মেচ)
  • মুম্বাই ইণ্ডিয়ানছ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ খেলখন কেনে পৰ্যায়ৰ আছিল ?

টছত জয়ী হৈ মুম্বাইয়ে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । বিৰাট কোহলী (৬৭) আৰু অধিনায়ক ৰজত পাটিদাৰৰ (৬৪) অৰ্ধশতক আৰু জিতেশ শৰ্মাৰ অপৰাজিত ৪০ ৰাণৰ সহায়ত দলটোৱে আকাংক্ষিত বিজয় সাব্যস্ত কৰে । দলটোৱে ৫ টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে ২২১ ৰাণ ।

নিৰ্দিষ্ট লক্ষ্য অনুসৰণ কৰি হাৰ্দিক পাণ্ডিয়াই মাত্ৰ ১৫ টা বলত ৪২ ৰাণৰ দৰ্শনীয় ইনিংছ খেলাৰ বিপৰীতে তিলক বাৰ্মাই ২৯ টা বলত ৫৬ ৰাণ সংগ্ৰহ কৰে । কিন্তু এই যুটিটোৰ প্ৰচেষ্টাই দলটোক জয় প্ৰদান কৰিব নোৱাৰিলে । যাৰ বাবে ১২ ৰাণত পৰাস্ত হয় মুম্বাই ইণ্ডিয়ানছ ।

বৰ্তমানলৈকে আৰ চি বিয়ে ৪ খন মেচৰ তিনিখনত জয় আৰু এখন পৰাজয়ৰে পইণ্ট তালিকাৰ তৃতীয় স্থানত আছে ।

লগতে পঢ়ক: আৰ চি বিৰ হাতত ১২ ৰাণত পৰাস্ত মুম্বাই, মেচখনৰ নায়কত পৰিণত ৰজত পাটিদাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.