আই পি এল ২০২৫ ৰ পৰা বাহিৰ লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ পেচাৰ মহছিন খান
আই পি এল ২০২৫ ৰ প্ৰথমখন মেচৰ পূৰ্বে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ পৰা বাহিৰ পেচাৰ মহছিন খান ৷ তাৰ স্থানত এগৰাকী শক্তিশালী অলৰাউণ্ডাৰক দলত অন্তৰ্ভুক্ত ৷

Published : March 23, 2025 at 4:34 PM IST
নতুন দিল্লী: ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৮ সংখ্যক ছিজন শনিবাৰৰ পৰা আৰম্ভ হৈছে ৷ দিল্লী কেপিটেলছ (ডি চি) ৰ বিৰুদ্ধে সোমবাৰে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে এখন মেচ খেলি চলিত ছিজনৰ আই পি এলত অভিষেক ঘটাব ৷
অৱশ্যে এই মেচৰ পূৰ্বে এল এছ জিয়ে দলত কৰিছে এক বৃহৎ পৰিৱৰ্তন ৷ দলটোৰ আঘাতপ্ৰাপ্ত ফাষ্ট বলাৰ মহছিন খানৰ স্থানত অন্তৰ্ভুক্ত কৰা হৈছে বিপজ্জনক অলৰাউণ্ডাৰ শ্বাৰ্দুল ঠাকুৰক ৷
এল এছ জিয়ে চুক্তিবদ্ধ কৰে শ্বাৰ্দুল ঠাকুৰক
আই পি এলে এক আনুষ্ঠানিক বিবৃতিত জনোৱা মতে, লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বাওঁহতীয়া ফাষ্ট বলাৰ মহছিন খানৰ ঠাইত দলত অন্তৰ্ভুক্ত কৰা হৈছে শ্বাৰ্দুল ঠাকুৰক ।
Headlines don’t matter, The Lord does 🫶
— Lucknow Super Giants (@LucknowIPL) March 23, 2025
Shardul is home 💙 pic.twitter.com/nd6ouD3otX
আঘাতৰ বাবে চলিত ছিজনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত অংশগ্ৰহণ কৰিব নোৱাৰিলে মহছিন খানে । অভিজ্ঞ অলৰাউণ্ডাৰ শ্বাৰ্দুল ঠাকুৰক লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ ৰেজিষ্ট্ৰেড এভেলেবল প্লেয়াৰ পুলৰ পৰা ২ কোটি টকাৰ ৰিজাৰ্ভ মূল্যত চুক্তিবদ্ধ কৰা হৈছে ৷
ভাৰতৰ তাৰকা অলৰাউণ্ডাৰ শ্বাৰ্দুল ঠাকুৰক আই পি এল ২০২৫ ৰ মেগা নিলামত কোনো দলে ক্ৰয় কৰা নাছিল ৷ সম্প্ৰতি ঋষভ পন্তৰ নেতৃত্বাধীন এল এছ জিৰ সৈতে চুক্তিবদ্ধ হৈ আই পি এল ২০২৫ ত বেটে-বলে আলোড়নৰ সৃষ্টি কৰা দেখা যাব ঠাকুৰক । আই পি এল ২০২৫ ৰ বাবে শনিবাৰে চলোৱা প্ৰস্তুতিৰ সময়ত দলৰ সৈতে দেখা গৈছিল খেলুৱৈগৰাকীক ।
আই পি এল ২০২৫ ৰ পৰা বাহিৰ মহছিন খান
লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বাওঁহতীয়া ফাষ্ট বলাৰ মহছিন খান আঘাতৰ বাবে বিগত ৩ মাহ ধৰি ক্ৰিকেটৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল । পৰৱৰ্তী সময়ত যেতিয়া তেওঁ এল এছ জিৰ নেট অনুশীলনৰ সময়ত বলিং কৰিবলৈ আৰম্ভ কৰে, তেতিয়া পুনৰ আঙুলিত আঘাত পায় ৷ আঘাতৰ বাবে চলিত ছিজনৰ আই পি এলৰ পৰা বাহিৰ হ’বলগীয়া হয় ক্ৰিকেটাৰগৰাকী ৷ মহছিন খানৰ ঠাইত শ্বাৰ্দুল ঠাকুৰে এল এছ জি দলত স্থান লাভ কৰে ।
🚨 LORD THAKUR IN IPL 🚨
— Johns. (@CricCrazyJohns) March 22, 2025
- Shardul Thakur replaces Mohsin Khan in LSG in IPL 2025. pic.twitter.com/n4YlPAWcnW
শ্বাৰ্দুল ঠাকুৰৰ আই পি এল কেৰিয়াৰ
সোঁহতীয়া তাৰকা অলৰাউণ্ডাৰ শ্বাৰ্দুল ঠাকুৰে আই পি এল কেৰিয়াৰত মুঠ ৯৪ টা উইকেট দখল কৰাৰ লগতে ৩০৭ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । এইজন অলৰাউণ্ডাৰ বৰ্তমান ফৰ্মত থকা পৰিলক্ষিত হৈছে ৷
You say strike, we hear Shardul 💪🤩 pic.twitter.com/mHG0RT0WUW
— Lucknow Super Giants (@LucknowIPL) March 23, 2025
সদ্য়সমাপ্ত ৰঞ্জি ট্ৰফীৰ ২০২৪-২৫ ছিজনত বল আৰু বেট দুয়োটাতে উন্নত প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছিল খেলুৱৈগৰাকী ৷ এল এছ জিৰ সৈতে তেওঁৰ সংযোগে দলটোক শক্তিশালী কৰিব । আই পি এল ২০২৫ ৰ মেগা নিলামৰ পূৰ্বে চেন্নাই ছুপাৰ কিংছে (চি এছ কে) তেওঁক মুকলি কৰি দিছিল ।
পৰিৱৰ্তনৰ পিছত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ দলটো
ঋষভ পন্ত (অধিনায়ক), নিকোলাছ পুৰাণ (উইকেটকীপাৰ), ৰবি বিষ্ণৈই, ময়ংক যাদৱ, আয়ুষ বদোনি, ডেভিদ মিলাৰ, আইডেন মাৰ্কৰাম, মিচেল মাৰ্ছ, আৱেশ খান, আব্দুল ছামাদ, আৰিয়ান জুৱাল, আকাশদীপ, হিম্মত সিং, মণিমৰন সিদ্ধাৰ্থ, দিগবেশ সিং, শ্বাহবাজ আহমেদ, আকাশ সিং, শ্বামাৰ জোচেফ, প্ৰিন্স যাদৱ, যুৱৰাজ চৌধুৰী, আৰ এছ হাংগেকাৰ, অৰ্ছিন কুলকাৰ্ণী, মেথিউ ব্ৰিট্জকে আৰু শ্বাৰ্দুল ঠাকুৰ ।

