ETV Bharat / sports

ফৰ্মত থকাৰ পাছতো লক্ষ্ণৌৰ মূল একাদশৰ পৰা বাহিৰ মিচেল মাৰ্ছ

লক্ষ্ণৌৰ অধিনায়ক ঋষভ পণ্টে ফিট আৰু ইন ফৰ্ম মিচেল মাৰ্ছক মূল একাদশৰ পৰা আঁতৰাই ৰখাৰ কাৰণ উল্লেখ কৰে ।

IPL 2025
এল এছ জিৰ মূল একাদশৰ পৰা বাহিৰ মিচেল মাৰ্ছ (IANS PHOTO)
author img

By ETV Bharat Assamese Team

Published : April 12, 2025 at 7:47 PM IST

3 Min Read
Choose ETV Bharat

লক্ষ্ণৌ: আই পি এল ২০২৫ ৰ ২৬ সংখ্যক খেলখন শনিবাৰে একনা ক্ৰিকেট ষ্টেডিয়ামত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ (এল এছ জি) আৰু গুজৰাট টাইটানছৰ মাজত অনুষ্ঠিত হৈছে । লক্ষ্ণৌৱে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । শুভমান গিলৰ টাইটানছ দলে একেৰাহে চাৰিটা জয়ৰে পইণ্ট তালিকাৰ শীৰ্ষত থকাৰ বিপৰীতে ঋষভ পণ্টৰ এল এছ জি বৰ্তমান পঞ্চম স্থানত আছে আৰু একেৰাহে দুটা জয়ৰ পিছত দলটো সম্প্ৰতি ফৰ্মত আছে ।

এল এছ জিৰ মূল একাদশৰ পৰা বাহিৰ মিচেল মাৰ্ছ

কিন্তু এই মেচখনত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে, কাৰণ ফিট আৰু ফৰ্মত থকা মিচেল মাৰ্ছক মূল একাদশৰ পৰা আঁতৰাই ৰাখিব লগা হৈছিল । শীৰ্ষ ক্ৰমত এডেন মাৰ্ক্ৰামৰ সৈতে লক্ষ্ণৌৰ বাবে এক অবিশ্বাস্য অংশীদাৰিত্ব গঢ়ি তোলা মাৰ্ছে কন্যাৰ অসুস্থতাৰ বাবে আজিৰ খেলৰ পৰা আতঁৰি আছে । তেওঁৰ ঠাইত হিম্মত সিঙক দলত অন্তৰ্ভুক্ত কৰা হৈছে ।

মাৰ্ছৰ বৰ্তমানলৈ সৰ্বোচ্চ প্ৰদৰ্শন

মাৰ্ছে এতিয়ালৈকে প্ৰতিযোগিতাখনৰ অন্যতম আগশাৰীৰ ৰাণ সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে । তেওঁ পাঁচটা ইনিংছত চাৰিটা অৰ্ধশতক অৰ্জন কৰিছে । এই সংস্কৰণত তেওঁ ১৮০.২৭ৰ উজ্জ্বল ষ্ট্ৰাইক ৰেটত ২৬৫ ৰাণ সংগ্ৰহ কৰিছে ।

মাৰ্ছৰ অনুপস্থিতিত কি ক’লে অধিনায়ক ঋষভ পণ্টে ?

টছৰ সময়ত পণ্টে কয়, "উইকেট ভাল দেখা গৈছে । যোৱা দুখন মেচত জয়ী হৈ মই সুখী । দল হিচাপে আমি প্ৰক্ৰিয়াটোৰ কথা কওঁ আৰু দলটোৱে এতিয়া ভাল প্ৰদৰ্শন আগবঢ়াইছে । বলাৰসকলে সঁচাকৈয়ে ভাল কাম কৰিছে, আমি তেওঁলোকক ক্ৰেডিট দিব লাগিব । মিচেল মাৰ্ছৰ স্থানত হিম্মত সিঙক অন্তৰ্ভুক্ত কৰা হৈছে, তেওঁৰ কন্যাৰ স্বাস্থ্য ভাল নহয় ।" কিন্তু মাৰ্ছৰ অনুপস্থিতিত মাৰ্ক্ৰামৰ সৈতে কোনে অপেনিং কৰিব সেয়া তেওঁ স্পষ্ট কৰা নাছিল । এই খেলখনৰ বাবে পণ্ট নিজেই ক্ৰমত ওপৰলৈ যোৱাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে, এল এছ জিয়ে মূল লাইন আপত মাত্ৰ ৩ জন বিদেশী খেলুৱৈক খেলিবলৈ বাছি লৈছে, যাৰ অৰ্থ হ’ব পাৰে যে তেওঁলোকে দক্ষিণ আফ্ৰিকাৰ মেথিউ ব্ৰেট্জকিকো আই পি এলত অভিষেক ঘটাৰ সুযোগ দিব পাৰে ।

লক্ষ্ণৌ ছুপাৰ জায়েন্টছ (মূল একাদশ)

আইডেন মাৰ্ক্ৰাম, নিকোলাছ পুৰণ, ঋষভ পণ্ট (উইকেটকীপাৰ/অধিনায়ক), হিম্মৎ সিং, ডেভিদ মিলাৰ, আব্দুল ছামাদ, শ্বাৰদুল ঠাকুৰ, আকাশ দীপ, দিগবেশ সিং ৰাথী, আবেশ খান, ৰবি বিষ্ণৈ

ইমপেক্ট প্লেয়াৰ

আয়ুছ বাদোনি, প্ৰিন্স যাদৱ, শ্বাহবাজ আহমেদ, মেথিউ ব্ৰিট্জকে, শ্বামাৰ জোচেফ

গুজৰাট টাইটানছ (মূল একাদশ)

ছাই সুদৰ্শন, শুভমন গিল (অধিনায়ক), জোছ বাটলাৰ (উইকেটকীপাৰ), ৱাশ্বিংটন সুন্দৰ, শ্বাৰফেন ৰাদাৰফোৰ্ড, শ্বাহৰুখ খান, ৰাহুল তেৱাতিয়া, আৰ্ছাদ খান, ৰছিদ খান, ৰবি শ্ৰীনিবাসন ছাই কিশোৰ, মহম্মদ চিৰাজ ।

ইমপেক্ট প্লেয়াৰ

প্ৰসিদ্ধ কৃষ্ণ, মহিপাল লোমৰোৰ, নিশান্ত সিন্ধু, অনুজ ৰাৱত, জয়ন্ত যাদৱ

লগতে পঢ়ক: এসপ্তাহৰ ভিতৰতে ১২.৭৫ কোটি টকাৰ লোকচান গুজৰাট টাইটানছৰ

চি এছ কে বনাম কে কে আৰ; তিনিটা উইকেট দখল কৰি ইতিহাস ৰচিলে সুনীল নাৰিনে