ETV Bharat / sports

আৰ চি বিৰ বিৰুদ্ধে 8 উইকেটৰ সহজ জয় গুজৰাট টাইটানছৰ: ছিৰাজৰ পিছত জিলিকিল সুদৰ্শন আৰু বাটলাৰ

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে লিয়াম লিভিংষ্টনৰ অৰ্ধশতকৰ সহায়ত ২০ অভাৰত ৮ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৬৯ ৰাণ ৷

IPL 2025
ৰজত পাটিদাৰ আৰু শুভমন গিল (ETV Bharat)
author img

By ANI

Published : April 3, 2025 at 12:18 AM IST

2 Min Read
Choose ETV Bharat

বেংগালুৰু: বুধবাৰে এম চিন্নাস্বামী ষ্টেডিয়ামৰ ঘৰুৱা খেলপথাৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰ চি বি) ৰ বিৰুদ্ধে সহজ জয় গুজৰাট টাইটানছৰ ৷

টছত পৰাস্ত হৈ প্ৰথমে বেটিং কৰিবলৈ ক্ৰিজলৈ অহা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে লিয়াম লিভিংষ্টনৰ অৰ্ধশতকৰ সহায়ত ২০ অভাৰত ৮ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৬৯ ৰাণ ৷ প্ৰত্য়ুত্তৰত গুজৰাটে ১৭.৫ অভাৰত দুটা উইকেট হেৰুৱাই ১৭০ ৰাণ সংগ্ৰহ কৰি ১৩ টা বল বাকী থকা অৱস্থাত মেচখনত জয়লাভ কৰে ।

৮ উইকেটত জয়লাভ গুজৰাটৰ

মহম্মদ ছিৰাজৰ মাৰাত্মক বলিঙৰ পিছতে গুজৰাট টাইটানছৰ ছাই সুদৰ্শন আৰু জছ বাটলাৰৰ বিধ্বংসী বেটিঙে দলটোক ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰ চি বি) ৰ বিৰুদ্ধে জয়লাভ কৰাত সহায় কৰে ৷

গুজৰাট টাইটানছৰ হৈ জছ বাটলাৰে ৩৯ টা বলত অপৰাজিত ৭৩ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে অ’পেনাৰ ছাই সুদৰ্শনে ৩৬ টা বলত ৪৯ ৰাণ সংগ্ৰহ কৰে ৷ দুয়োজনে দ্বিতীয় উইকেটৰ যুটিত ৭৫ ৰাণ সংযোজন কৰি দলটোক তিনিখন মেচৰ দ্বিতীয়টো জয়ৰ দিশে লৈ যায় ৷

পইণ্ট তালিকাত অৱনমিত আৰ চি বি

চলিত ছিজনত গুজৰাটৰ এয়া একেৰাহে দ্বিতীয়টো জয় ৷ বিপৰীতে একেৰাহে দুখন মেচত জয়লাভ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছে আৰ চি বি । এই পৰাজয়ৰ লগে লগে ৰজত পাতিদাৰ নেতৃত্বাধীন দলটোৱে পইণ্ট টেবুলৰ শীৰ্ষস্থানৰ পৰা অৱনমিত হৈ তৃতীয় স্থানত উপনীত হয় । দলটোৰ নেট ৰাণ ৰেট হৈছে মাত্ৰ ১.১৪৯ ৷

আনহাতে, ৪ পইণ্ট আৰু ০.৮০৭ নেট ৰাণ ৰেটেৰে তালিকাৰ চতুৰ্থ স্থানত আছে গুজৰাট । এই তালিকাৰ শীৰ্ষস্থানত আছে পঞ্জাৱ কিংছ, দলটোৱে ৪ পইণ্ট লাভ কৰাৰ সমান্তৰালকৈ নেট ৰাণ ৰেট হৈছে ১.৪৮৫ ।

লগতে পঢ়ক: আই পি এলৰ আচৰণ বিধি ভংগৰ বাবে স্পিনাৰক বিহিলে জৰিমনা