পুনৰ কেতিয়াৰ পৰা আৰম্ভ হ'ব IPL ? বি চি চি আয়ে কি কয়
দেওবাৰে নিশা আই পি এলৰ নতুন তাৰিখ ঘোষণাৰ সম্ভাৱনা । সলনি হ'ব ফাইনেলৰ তাৰিখ ।

Published : May 11, 2025 at 8:12 PM IST
নতুন দিল্লী : ভাৰত-পাকিস্তানৰ মাজত বৰ্ধিত উত্তেজনাৰ পৰিপ্ৰেক্ষিতত যোৱা ৯ মে'ত বি চি চি আয়ে চলিত ছিজনৰ আই পি এল স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে । আনহাতে, আই পি এল পুনৰ অনুষ্ঠিত হোৱাক লৈ শংকাৰ ডাৱৰৰ সৃষ্টি হৈছিল । কিয়নো ভাৰত-পাক উত্তেজনাই কোন স্তৰত উপনীত হয় আৰু বিদেশী খেলুৱৈসকলক কিমান দিনলৈ ভাৰতত ৰাখিব বা তেওঁলোকে থাকিব ইচ্ছা কৰিব এই বিষয়বোৰক লৈ আই পি এল অনুষ্ঠিত হোৱাৰ ক্ষেত্ৰত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে । কিন্তু বৰ্তমান সেই শংকা আঁতৰিছে ।
ভাৰতীয় ক্রিকেট অনুৰাগীৰ বাবে আহিছে এটি সুখবৰ । কিয়নো ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ অষ্টাদশ সংস্কৰণ পুনৰ আৰম্ভ হ'বলৈ গৈ আছে । আৰু তাৰ তাৰিখো প্ৰকাশ হৈছে ।
কেতিয়াৰ পৰা পুনৰ আৰম্ভ হ'ব আই পি এল
সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুযায়ী, বি চি চি আইৰ সূত্ৰৰ উদ্ধৃতিৰে দাবী কৰা হৈছে যে অহা 15 অথবা 16 মে'ত পুনৰ আৰম্ভ হ'ব আই পি এল । আনহাতে, ভাৰতীয় ক্ৰিকেটৰ এই মেগা প্ৰতিযোগিতাখনৰ ফাইনেল মেচ অহা 1 জুনত অনুষ্ঠিত হ'ব বুলি আশা কৰা হৈছে ।
প্ৰতিবেদন অনুসৰি বেগালুৰু, চেন্নাই আৰু হায়দৰাবাদে বাকী থকা মেচবোৰ আয়োজন কৰিব । আনহাতে, আই পি এল দলসমূহৰ বাবে নতুন সময়সূচী দেওবাৰে নিশা প্ৰকাশ কৰাৰ সম্ভাৱনা আছে । ইয়াৰ উপৰি দিল্লী কেপিটেলছ আৰু পঞ্জাব কিংছৰ মাজত স্থগিত ৰখা মেচখনো পুনৰ অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে ।
অৱশ্যে বি চি চি আই বা আই পি এল কৰ্তৃপক্ষৰ তৰফৰ পৰা এই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা হোৱা নাই । কিন্তু দেওবাৰে চলিত বৰ্ষৰ আই পি এলৰ ভৱিষ্যতক লৈ বি চি চি আয়ে এখন বৈঠক অনুষ্ঠিত কৰে । তেনে প্ৰেক্ষাপটত আই পি এল কৰ্তৃপক্ষ আৰু বি চি চি আয়ে শীঘ্ৰেই টুৰ্ণামেণ্টখনৰ নতুন সময়সূচী ঘোষণা কৰিব বুলি আশা কৰা হৈছে ।
৯ মে'ত স্থগিত ৰখা হৈছিল আই পি এল
উল্লেখ্য যে ইয়াৰ পূৰ্বে ৯ মে'ত ভাৰত আৰু পাকিস্তানৰ মাজত সেনা সংঘাতৰ মাজতে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ এসপ্তাহৰ বাবে স্থগিত কৰা হৈছিল । যাৰ ফলত টুৰ্নামেণ্টখনৰ ভৱিষ্যতক লৈ এক অনিশ্চয়তাৰ ক'লীয়া ডাৱৰে আৱৰি ধৰিছিল । ইয়াৰ পূৰ্বে ৮ মে'ৰ নিশা পাঠানকোটৰ নিকটৱৰ্তী হিমাচল প্ৰদেশৰ ধৰ্মশালা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত দিল্লী কেপিটেলছ আৰু পঞ্জাব কিংছৰ মাজৰ মেচখন দুয়োখন দেশৰ মাজত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ পিছত ব্লেকআউটৰ বাবে স্থগিত ৰখা হৈছিল ।
সেই সময়ত বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াই জাৰি কৰা এক বিবৃতিত কোৱা হৈছিল, "ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰক বোৰ্ডে (বি চি চি আই) চলিত টাটা আই পি এলৰ বাকী থকা মেচসমূহ তৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এসপ্তাহৰ বাবে স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে । সংশ্লিষ্ট কৰ্তৃপক্ষ আৰু ইয়াৰ অংশীদাৰসকলৰ পৰামৰ্শত পৰিস্থিতিৰ মূল্যায়ন কৰি টুৰ্ণামেণ্টখনৰ নতুন সময়সূচী আৰু ইয়াৰ স্থানবোৰৰ বিষয়ে পৰৱৰ্তী তথ্য সঠিক সময়ত প্ৰদান কৰা হ’ব ।"

