ETV Bharat / sports

যোৱাবাৰ ফাইনেলৰ মধুৰ পোতক তোলাৰ মানসিকতাৰে আজি KKR ৰ বিৰুদ্ধে SRH - IPL 2025

চলিত আই পি এলত আজি অৱতীৰ্ণ হ'ব বৰ্তমানৰ চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰাণাৰ্ছআপ ছানৰাইজাৰ্ছ হায়দৰাবাদ ।

IPL 2025
আজিঙ্ক্য ৰাহানে আৰু পেট কামিন্স (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 3, 2025 at 12:35 PM IST

4 Min Read

কলকাতা : ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ অষ্টদশ সংস্কৰণৰ পঞ্চদশ মেচত বৃহস্পতিবাৰে বৰ্তমানৰ চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ (KKR) আৰু ৰাণাৰ্ছআপ ছানৰাইজাৰ্ছ হায়দৰাবাদ (SRH) সমুখ সমৰত লিপ্ত হ'ব । দুয়োটী দলৰ মাজৰ এই আকৰ্ষণীয় মেচখন সন্ধিয়া 7.30 বজাত কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ'ব । বৰ্তমানলৈকে খেলা তিনিখন মেচৰ ভিতৰত কলকাতা নাইট ৰাইডাৰ্ছে এখনত জয়লাভ কৰাৰ বিপৰীতে দুখন মেচত পৰাজয়বৰণ কৰিছে ।

আনহাতে, ছানৰাইজাৰ্ছ হায়দৰাবাদেও সমসংখ্যক মেচত অংশগ্ৰহণ কৰি মাত্ৰ এবাৰহে জয়ৰ সোৱাদ পাবলৈ সক্ষম হৈছে । পইণ্ট তালিকাত কলকাতা আৰু হায়দৰাবাদ ক্ৰমে দশম আৰু অষ্টম স্থানত আছে ।

আজিংক্য ৰাহানেৰ নেতৃত্বাধীন কে কে আৰে আৰ চি বিৰ হাতত ৭ উইকেটত আৰু মুম্বাই ইণ্ডিয়ানছৰ হাতত ৮ উইকেটত ইতিমধ্যে ধৰাশায়ী হৈছে । মুম্বাইৰ বিৰুদ্ধে মেচখনত কে কে আৰৰ বেটছমেনসকলে অতি সহজে আত্মসমৰ্পণ কৰা দেখা গৈছিল ষ যাৰ ফলত দলটোৰ স্ক'ৰ ১১৬ ৰাণতে সীমাবদ্ধ হৈছিল ।

অৱশ্যে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ঘৰুৱা খেলপথাৰত কে কে আৰে ৮ উইকেটৰ এক দৰ্শনীয় বিজয় লাভ কৰিছিল । কিন্তু সেয়া হ'লেও পইণ্ট তালিকাত যোৱাবাৰৰ চেম্পিয়ন দলটো বৰ্তমান আটাইতকৈ তলত আছে । সেয়ে আজিৰ মেচখনত জয়লাভেৰে পইণ্ট তালিকাত নিজৰ স্থান উন্নীত কৰিব বিচাৰিব ।

ইফালে মাৰমুখী বেটাৰেৰে সুসজ্জিত ছানৰাইজাৰ্ছ হায়দৰাবাদে ছিজনৰ আৰম্ভণি অতি দৰ্শনীয় জয়েৰে কৰিছিল । প্ৰতিযোগিতাৰ প্ৰথমখন মেচত হায়দৰাবাদে ৰাজস্থানৰ বিপক্ষে বিপক্ষে বিশাল 286 ৰাণ কৰি 44 ৰাণত বিজয় সাব্যস্ত কৰিছিল । কিন্তু তাৰ পাছত দলটোৰ ছন্দ পতন ঘটে ।

দলটোৰ মূল অস্ত্ৰ বেটাৰসকলে পৰৱৰ্তী দুখন মেচত ৰাণৰ বাবে সংগ্ৰাম কৰিবলগা হয় । যাৰ ফলত পৰৱৰ্তী দুখন মেচত ক্ৰমাগতভাৱে পৰাস্ত হয় । হায়দৰাবাদক লক্ষ্ণৌ ছুপাৰজায়েণ্টছে তেওঁলোকৰ ঘৰৰ মাটিতে 5 উইকেটত পৰাস্ত কৰে । আনহাতে, দিল্লী কেপিটেলছেও হায়দৰাবাদী নিজামক 7 উইকেটত পৰাস্ত কৰে ।

  • KKR বনাম SRH ৰেকৰ্ড

কলকাতা নাইট ৰাইডাৰ্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদে এতিয়ালৈকে আই পি এলত পৰস্পৰৰ বিৰুদ্ধে 28 বাৰ মুখামুখি হৈছে । এই সময়ছোৱাত অৱশ্যে তৰ্জুৰ কটা কে কে আৰৰ ফালে হেলনীয়া হৈ আছে । কে কে আৰে 19 খন মেচত জয়লাভ কৰাৰ বিপৰীতে হায়দৰাবাদে কে কে আৰৰ বিৰুদ্ধে মাত্ৰ 9 বাৰহে বিজয়ৰ সোৱাদ লাভ কৰিছে ।

আনহাতে, শেহতীয়া 10 খন মেচতে 7 বাৰেই কে কে আৰে অন্তিম হাঁহি মাৰিবলৈ সক্ষম হৈছে ।

  • ইডেন গাৰ্ডেনৰ পিটচ ৰিপোর্ট

কলকাতাৰ ইডন গাৰ্ডেনৰ পিটচ সাধাৰণতে বেটছমেনৰ সহায়ক হিচাপে ধৰা হয় । এই পিটচত বেটিং কৰাটো সহজ । প্ৰথমে দৃঢ়তা লোৱাৰ পিছত বৃহৎ শ্বট খেলিব পাৰি । এই পিটচত বহুকেইখন মেচত 2 শতাধিক স্ক'ৰ হৈছে । ইয়াত স্পিনাৰসকলে বাবে বৰ বেছি সুবিধা আদায় কৰিব নোৱাৰে ।

আনহাতে, বেটছমেনসকলে স্পিন আক্ৰমণৰ বিৰুদ্ধে এতি ঘাটক হৈ উঠা দেখা যায় । অৱশ্যে ফাষ্ট বলাৰসকলে নতুন বলেৰে উইকেট লাভৰ সম্ভাৱনা আছে । ইফালে কে কে আৰৰ অধিনায়ক ৰাহানেয়ে স্পিন সহায়ক পিটচ বনোৱাৰ বাবে দাবী কৰিছে, যাক লৈ যথেষ্ট বিবাদ হৈছে । তেনে ক্ষেত্ৰত আজিৰ মেচখনত এই পিটচে কেনে আচৰণ কৰে সেইটো লক্ষণীয় হ'ব ।

  • দুয়োটা দলৰ সম্ভাৱ্য একাদশ

1) কলকাতা নাইট ৰাইডাৰ্ছ : কুইণ্টন ডি কক (উইকেটৰক্ষক), সুনীল নাৰায়ণ, অজিঙ্ক্য ৰাহানে (অধিনায়ক), ভেংকটেশ আয়াৰ, অংগকৃষ ৰঘুবংশী, ৰিংকু সিং, আণ্ড্ৰে ৰাছেল, ৰমণদীপ সিং, হৰ্ষিত ৰাণা, স্পেন্সাৰ জনচন, বৰুণ চক্রৱৰ্তী ।

ইম্পেক্ট প্লেয়াৰ : বৈভৱ অৰোৰা/মণীষ পাণ্ডে ।

2) ছানৰাইজাৰ্ছ হাইদৰাবাদ : অভিষেক শৰ্মা, ট্রেভিছ হেড, ঈশান কিষাণ, নীতিশ ৰেড্ডী, হেনৰিক ক্লাছেন (উইকেটৰক্ষক), অনিকেত বাৰ্মা, অভিনৱ মনোহৰ, পেট কামিন্স (অধিনায়ক), হৰ্ষল পেটেল, মহম্মদ ছামী, জিছান আনছাৰী ।

ইম্পেক্ট প্লেয়াৰ : বিয়ান মুল্ডাৰ/এডাম জাম্পা ।

লগতে পঢ়ক :আৰ চি বিৰ বিৰুদ্ধে 8 উইকেটৰ সহজ জয় গুজৰাট টাইটানছৰ: ছিৰাজৰ পিছত জিলিকিল সুদৰ্শন আৰু বাটলাৰ - IPL 2025
লগতে পঢ়ক :আই পি এলৰ আচৰণ বিধি ভংগৰ বাবে স্পিনাৰক বিহিলে জৰিমনা - IPL 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.