ETV Bharat / sports

বি চি চি আইৰ অতিৰিক্ত সময়ৰ নিয়ম সলনিৰ বিৰুদ্ধে কে কে আৰৰ অভিযোগ

কলকাতা নাইট ৰাইডাৰ্ছে বষুণৰ পিছত মেচ আৰম্ভ কৰাৰ ক্ষেত্ৰত বি চি চি আইৰ অতিৰিক্ত সময়ৰ নিয়ম সলনিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে ।

IPL 2025
এখন মেচত কে কে আৰ দল (IANS)
author img

By ETV Bharat Assamese Team

Published : May 21, 2025 at 1:36 PM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী: চলিত ছিজনৰ আই পি এল প্ৰায় অন্তিম পৰ্যায়ত উপনীত হৈছে । আনহাতে, বি চি চি আয়ে টুৰ্ণামেণ্টৰ চূড়ান্ত পৰ্যায়ত এক গুৰুত্বপূর্ণ নিয়মৰ সলনি কৰিছে, যাৰ বাবে বিগত বৰ্ষৰ আই পি এল বিজয়ী দল কলকাতা নাইট ৰাইডাৰ্ছ যথেষ্ট অসন্তুষ্ট হৈছে । দলটোৱে এই নিয়মসমূহত হোৱা পৰিৱৰ্তন সন্দৰ্ভত বি চি চি আই আৰু আই পি এল কৰ্তৃপক্ষৰ বিৰুদ্ধে সোচ্চাৰ হৈছে ।

নতুন নিয়ম সন্দৰ্ভত কে কে আৰৰ আপত্তি

উল্লেখ্য যে আই পি এল, ২০২৫ ৰ প্লে-অফৰ স্থান ২০ মে'ত বি চি চি আয়ে ঘোষণা কৰে । ইয়াৰ লগতে বি চি চি আয়ে এক নিয়মতো সলনি কৰিছে । বি চি চি আয়ে বৰ্তমান বৰষুণৰ পাছত মেচ সম্পূৰ্ণ কৰিবলৈ আৰু ৬০ মিনিটৰ অতিৰিক্ত সময় সংযোজন কৰিছে । ইয়াৰ পূৰ্বে এই সময় ১ ঘণ্টা আছিল আৰু বৰ্তমান ইয়াৰ সৈতে ৬০ মিনিট অধিক সংযোজন কৰাত মুঠ অতিৰিক্ত সময় হৈছেগৈ ২ ঘণ্টা ।

কিন্তু বৰ্তমান এই ৬০ মিনিট সময় বৃদ্ধি কৰাৰ পাছত কে কে আৰে নিজৰ সমস্যাৰ কথা প্ৰকাশ কৰিছে । কিয়নো তেওঁলোকে দাবী কৰিছে যে যদি এই ৬০ মিনিট পূৰ্বতেই বৃদ্ধি কৰা হ'লহেঁতেন তেন্তে তেওঁলোকৰ মেচ ৰদ নহ'লহেঁতেন । যদি এই নিয়ম আগতেই কাৰ্যকৰী হ'লহেঁতেনে, তেনেহ'লে তেওঁলোক হয়তো প্লে-অফৰ পৰা বাহিৰ নহ'লহেঁতেন ।

মেচ ৰদ হোৱাৰ বাবে কে কে আৰ প্লে-অফৰ দৌৰৰ পৰা বাহিৰ হৈছিল

উল্লেখ্য যে চলিত বৰ্ষৰ আই পি এল ৯ মে'ত এসপ্তাহৰ বাবে স্থগিত কৰা হৈছিল । তাৰ পিছত ১৭ মে'ৰ পৰা যেতিয়া টুৰ্ণামেণ্টখন পুনৰ আৰম্ভ হয়, তেতিয়া প্ৰথমখন মেচ বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত অনুষ্ঠিত হয় ।

কিন্তু এই মেচখন বৰষুণৰ বাবে ৰদ হয় আৰু দুয়োটা দলকে এটাকৈ পইণ্ট ভগাই দিয়া হয় । যাৰ ফলত কে কে আৰ প্লে-অফৰ পৰা বাহিৰ হ’বলগা হয় । যদিহে এই মেচখনত কে কে আৰ বিজয়ী হ'লহেঁতেন, তেন্তে দলটো আই পি এলৰ প্লে-অফৰ দৌৰত থাকিলহেঁতেন । অৱশ্যে পইণ্ট সমানে ভগোৱাৰ ক্ষেত্ৰত আৰ চি বিৰ কোনো ক্ষতি হোৱা নাই । কিয়নো এই মেচখনৰ পূৰ্বেই দলটোৰ প্লে-অফত প্ৰৱেশ প্ৰায় নিশ্চিত হৈছিল ।

নিয়ম সলনিৰ বিৰুদ্ধে কে কে আৰৰ লিখিত অভিযোগ

এনে ক্ষেত্ৰত কলকাতা নাইট ৰাইডাৰ্ছে বি চি চি আইক এখন পত্ৰ লিখি নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছে । কে কে আৰৰ চি ই অ' ভেঙ্কি মেছুৰে আই পি এলৰ চি ই অ’ হেমাংগ আমিনলৈ এক ইমেইলো প্ৰেৰণ কৰিছে ।

তাত কোৱা হৈছে, "এই পৰিস্থিতিত নিয়মসমূহ মধ্যৱৰ্তী পৰ্যায়ত পৰিৱৰ্তনৰ প্ৰয়োজন হ'ব পাৰে, কিন্তু এই পৰিৱৰ্তন কাৰ্যকৰী কৰা পদ্ধতিত অধিক স্থিৰতা আশা কৰিব পাৰি । যেতিয়া আই পি এল পুনৰ আৰম্ভ হয়, তেতিয়া এইটো স্পষ্ট আছিল যে ১৭ মে'ৰ কে কে আৰ আৰু আৰ চি বিৰ মাজৰ প্ৰথম মেচখন বেংগালুৰুত বৰষুণৰ বাবে বাধাগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছিল । পূৰ্বানুমান সকলোৰে আছিল । মেচখন পৰিত্যক্ত হ'ল, কিন্তু বৰ্তমান কাৰ্যকৰী কৰা অতিৰিক্ত ১২০ মিনিটত কমেও ৫ অভাৰ খেলাৰ সুযোগ প্ৰদান কৰিলেহেঁতেন । বৰষুণৰ বাবে কে কে আৰৰ প্লে-অফত খেলাৰ সম্ভাৱনা শেষ হৈ যায় । এনে ধৰণৰ সিদ্ধান্ত আৰু তাক কাৰ্যকৰী কৰাৰ বাবে টুৰ্ণামেণ্টৰ এনে পৰ্যায়ৰ সময় উপযুক্ত নহয় । মই নিশ্চিত যে আপুনি বুজিব আমি কিয় দুঃখিত ।"

উল্লেখ্য যে এই নিয়ম প্ৰৱৰ্তনৰ পিছত যদি বৰষুণ হয় তেনেহ'লে মেচ আৰম্ভ কৰাৰ বাবে 10.30 বজালৈ অপেক্ষা কৰা হ'ব, যাতে অতি কমেও 5-5 অ'ভাৰৰ মেচ অনুষ্ঠিত কৰিব পাৰি । বৰ্তমান এই নিয়মৰ অধীনত 60 মিনিট অৰ্থাৎ 1 ঘণ্টা আৰু যোগ কৰা হৈছে, যাৰ ফলত বৰষুণৰ বাবে বিঘ্নিত মেচ এখন 11:30 বজালৈকে পুনৰ আৰম্ভ কৰিব পৰা যাব ।

লগতে পঢ়ক :IPL ৰ ইতিহাসত ২০ নং অভাৰ মেডেন বল কৰা বলাৰসকলৰ তালিকা... - IPL 20TH OVER MAIDEN
লগতে পঢ়ক :আই পি এলত ইতিহাস ৰচিলে শ্ৰেয়স আয়াৰে - IPL 2025