ETV Bharat / sports

আই পি এলত প্ৰথমটো জয়ৰ সোৱাদ কে কে আৰৰ; ৮ উইকেটত পৰাস্ত ৰাজস্থান ৰয়েলছ - IPL 2025

আই পি এলৰ চলিত চিজনত কলকাতা নাইট ৰাইডাৰ্ছৰ প্ৰথমটো জয় ৷ কুইণ্টন ডি ককৰ অৰ্ধশতকৰ সহায়ত দলটোৱে ৰাজস্থান ৰয়েলছক ৮ উইকেটত পৰাস্ত কৰে ।

ipl 2025
ৰাজস্থান ৰয়েলছৰ পৰাজয় (AP Photo)
author img

By ETV Bharat Assamese Team

Published : March 26, 2025 at 11:39 PM IST

3 Min Read

হায়দৰাবাদ: আই পি এল 2025 ৰ বুধবাৰৰ দিনটোত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত ষষ্ঠখন মেচত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ৮ উইকেটত পৰাজয়বৰণ কৰে ৰাজস্থান ৰয়েলছে ৷

ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছৰ এয়া ক্ৰমাগত দ্বিতীয়টো পৰাজয় ৷ অনুৰাগীৰ উৎসাহ-সমৰ্থকৰ আশাত চেঁচাপানী ঢালে ৰাজস্থান ৰয়েলছৰ প্ৰথম তিনিখন মেচৰ অধিনায়ক ৰিয়ান পৰাগে ৷

এই মেচখনত টছত পৰাস্ত হোৱাৰ পিছত প্ৰথমে বেটিং কৰিবলৈ ক্ৰিজলৈ অহা ৰাজস্থান ৰয়েলছে ২০ অভাৰত ৯ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৫১ ৰাণ । প্ৰত্যুত্তৰত কলকাতা নাইট ৰাইডাৰ্ছে ১৭.৩ অভাৰত দুটা উইকেট হেৰুৱাই ১৫৩ ৰাণ সংগ্ৰহ কৰি আই পি এলৰ চলিত চিজনত প্ৰথমটো জয়ৰ সোৱাদ লয় ৷

কুইণ্টন ডি ককৰ অৰ্ধশতক

ৰাজস্থানে বান্ধি দিয়া ১৫২ ৰাণৰ লক্ষ্য আগত লৈ খেলপথাৰত নমা কুইণ্টন ডি ককৰ বেটিং ধুমুহাত দিশহাৰা হৈ পৰে প্ৰতিপক্ষৰ বলাৰসকল ৷ ককৰ অৰ্ধশতকীয় ইনিংছটোৱে দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । ক্ৰিকেটাৰগৰাকীয়ে ৫ টা চাৰি আৰু ৩ টা ছয়ৰ সহায়ত ৩৬ টা বলত সম্পূৰ্ণ কৰে অৰ্ধশতক । তদুপৰি মুঠ ৮ টা চাৰি আৰু ৭ টা ছয়ৰ সহায়ত ৬১ টা বলত ৯৭ ৰাণৰ অপৰাজিত ইনিংছ খেলে ।

কুইণ্টন ডি ককৰ উপৰিও কে কে আৰৰ হৈ ইমপেক্ট প্লেয়াৰ হিচাপে অহা অংকৃশ ৰঘুবংশীয়েও ভাল ইনিংছ খেলি দলটোক জয়ী কৰাত সহায় কৰে । ৰঘুবংশীয়ে দুটা চাৰিৰ সহায়ত ১৭ টা বলত ২২ ৰাণৰ অপৰাজিত ইনিংছ খেলি ডি ককৰ লগতে কলকাতাক জয়ৰ দিশে আগুৱাই লৈ যায় ।

কে কে আৰৰ হৈ অধিনায়ক অজিংক্য ৰাহানেও ১৮ ৰাণৰ বৰঙণি আগবঢ়ায় । ৰাজস্থানৰ হৈ ৱানিন্দু হাছাৰাংগাই এটা উইকেট দখল কৰে ।

ৰাজস্থানৰ বেটছমেনসকল ব্যৰ্থ

মেচখনত প্ৰথমে বেটিং কৰা ৰাজস্থানৰ দলটোৱে মাত্ৰ ১৫১ ৰাণহে সংগ্ৰহ কৰিছিল ৷ ৰাজস্থানৰ হৈ ধ্ৰুৱ জুৰেলে সৰ্বাধিক ৩৩ ৰাণ সংগ্ৰহ কৰে । ৫ টা চাৰিৰ সহায়ত ২৮ টা বলত ৩৩ ৰাণৰ ইনিংছ খেলে জুৰেলে । তেওঁৰ বাহিৰেও যশস্বী জয়ছোৱালে ২৪ টা বলত দুটা ছয়ৰে ২৯ ৰাণ সংগ্ৰহ কৰে ৷

আনহাতে, ৰিয়ান পৰাগেও ১৮ টা বলত ৩ টা ছয়ৰ সহায়ত দলৰ হৈ ২৫ ৰাণৰ বৰঙণি আগবঢ়ায় । এই তিনিজনৰ বাহিৰে ৰাজস্থান ৰয়েলছৰ আন কোনো বেটছমেনে ৰাণ সংগ্ৰহৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰিব নোৱাৰিলে ৷

কে কে আৰৰ হৈ বৈভৱ অৰোৰা, হৰ্ষিত ৰাণা, বৰুণ চক্ৰৱৰ্তী, মইন আলীয়ে দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে স্পেন্সৰ জনছনে এটা উইকেট লাভ কৰে ।

লগতে পঢ়ক: এম এছ ধোনী, মইন আলীৰ কেৰিয়াৰৰ অন্তিমটো আই পি এল ছিজন ! - IPL 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.