নতুন দিল্লী: ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ বৰ্তমানৰ সংস্কৰণটো পাঁচবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছৰ বাবে একপ্ৰকাৰ দুঃস্বপ্ন হৈ পৰিছে । এম এছ ধোনীৰ অধিনায়কত্বত থকা চেন্নাই চুপাৰ কিংছে এই পৰ্যন্ত মুঠ ৬ খন খেল খেলিছে ৷
প্ৰথমখন খেলত জয়লাভ কৰি একেৰাহে ৫ খন মেচত পৰাস্ত হোৱা দলটোৱে বৰ্তমান পইণ্ট তালিকাৰ দশম স্থানত আছে । চি এছ কেৰ এই দুৰ্বল প্ৰদৰ্শনত অনুৰাগীসকল হতাশ হৈ থকাৰ সময়তে প্ৰতিদ্বন্দ্বী দলসমূহে অহৰহ বহু প্ৰশ্ন উত্থাপন কৰি আছে ।
🚨 CSK LOSE 5 CONSECUTIVE MATCHES FOR THE FIRST TIME IN IPL HISTORY. 🚨
— Mufaddal Vohra (@mufaddal_vohra) April 11, 2025
- KKR chase down 104 in just 10.1 overs. pic.twitter.com/t6gb3jVMGj
চেন্নাই চুপাৰ কিংছক উপহাস কলকাতা নাইট ৰাইডাৰ্ছৰ
এই তালিকাত কলকাতা নাইট ৰাইডাৰ্ছৰ নামো সংযোজন কৰা হৈছে । ২০২৫ চনৰ আই পি এলত বেছিভাগ ডট বল খেলাৰ বাবে চি এছ কেৰ বেটছমেনসকলক উপহাস কৰিছিল কে কে আৰে । পুৰণি আৰু লেহেমীয়া খেলৰ বাবে এই ছিজনত চেন্নাই চুপাৰ কিংছে আন দলৰ তুলনাত পিছপৰি আছে আৰু তেওঁলোকৰ বেটছমেনসকল ‘‘পৰিৱেশক সহায় কৰা’’ ৰ বাবে কৌতুকৰ উৎস হৈ পৰিছে ।
61 dots bowled, 1098 trees planted 💜 pic.twitter.com/US2pPrl0Ls
— KolkataKnightRiders (@KKRiders) April 13, 2025
চেন্নাই চুপাৰ কিংছে সৰ্বাধিক ডট বল খেলিছে
কে কে আৰে তেওঁলোকৰ খেলুৱৈৰ ছবি পোষ্ট কৰি চি এছ কেক উপহাস কৰি এক্সত লিখিছিল, ‘৬১ ডট বলিং, ১০৯৮ গছ ৰোপন’ । দৰাচলতে বি চি চি আইৰ পদক্ষেপ অনুসৰি আই পি এল ২০২৫ ত প্ৰতিটো ডট বলৰ বিপৰীতে ১৮ ডাল গছ ৰোপন কৰা হ’ব । ২৪৫ টা ডট বলৰ সৈতে চি এছ কে আই পি এলৰ এই ১৮ সংখ্যক ছিজনত এতিয়ালৈকে সৰ্বাধিক ডট বল খেলিছে ।
A STATEMENT MADE BY #KKR 👊
— Star Sports (@StarSportsIndia) April 11, 2025
5th defeat in a row, 3rd at Chepauk, and their biggest-ever loss in terms of balls remaining - a night to forget for #CSK! 🥵
Next up on #IPLonJioStar 👉 #LSGvGT | SAT, 12th APR, 2:30 PM LIVE on Star Sports 2, Star Sports 2 Hindi & JioHotstar! pic.twitter.com/e3HOpByXGR
CSK অনুৰাগীয়ে ভাল নাপালে এই পোষ্ট
৬১ টা ডট বল চলিত সপ্তাহৰ আৰম্ভণিতে চেপাউকত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে কোবাইছিল চেন্নাই চুপাৰ কিংছে । এই মেচত চি এছ কেক পৰাস্ত কৰাৰ পিছত এতিয়া কে কে আৰে পৰোক্ষভাৱে এই ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে কেৱল চি এছ কেৰ বেটছমেনকে নহয়, অনুৰাগীসকলকো নিজৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে । CSK ৰ অনুৰাগীসকলে KKR ৰ এই পোষ্টটো লাইক নকৰাৰ লগতে অবিৰতভাৱে কমেণ্ট প্ৰদান কৰি আছে ।
আটাইতকৈ আমোদজনক কথাটো হ’ল আই পি এল ২০২৫ ত সৰ্বাধিক ডট খেলাৰ তালিকাত ২৩৪ টা ডটৰে কে কে আৰ আছে দ্বিতীয় স্থানত । এতিয়ালৈকে ৬ খন মেচ খেলা দলৰ ভিতৰত গুজৰাট টাইটানছে (১৯৭) সৰ্বনিম্ন ডট বল খেলিছে ।
লগতে পঢ়ক: আই পি এলৰ ইতিহাসত আনে গঢ়িব নোৱৰা অভিলেখৰ গৰাকী হ’ল মহেন্দ্ৰ সিং ধোনী