চণ্ডীগড় : ভাৰতীয় প্ৰিমিয়াৰ লীগ (IPL)২০২৫ ৰ ২৩ তম মেচখন বুধবাৰে গুজৰাট টাইটানছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত অনুষ্ঠিত হ'ব । আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত দুয়োটা দলৰ মাজত সন্ধিয়া 7:30 বজাত মেচখন অনুষ্ঠিত হ'ব । গুজৰাট টাইটানছে এই ছিজনত চমকপ্ৰদ খেল প্ৰদৰ্শন কৰি ৪ খনৰ ভিতৰত ৩ খনত বিজয়ী হৈছে । আনহাতে,ৰাজস্থান ৰয়েলছে ৪ খন মেচৰ ভিতৰত ২ খনত বিজয়ী হৈছে । পইণ্ট তালিকাত গুজৰাট দ্বিতীয় আৰু ৰাজস্থান সপ্তম স্থানত আছে ।
গুজৰাট বনাম ৰাজস্থান মুখামুখি :
শুভমন গীল নেতৃত্বাধীন গুজৰাট টাইটানছে আজি নিজৰ ঘৰুৱা খেলপথাৰত ৰাজস্থান ৰয়েলছৰ সন্মুখীন হ’ব । টাইটানছে এতিয়ালৈকে চমকপ্ৰদ খেল প্ৰদৰ্শন কৰিছে । ১৮ তম ছিজনৰ আৰম্ভণিৰ মেচত পঞ্জাৱ কিংছৰ বিৰুদ্ধে পৰাজিত হোৱাৰ পিচত দলটোৱে জয়ৰ হেট্ৰিক অৰ্জন কৰিছে । এই দলটোৱে মুম্বাই ইণ্ডিয়ানছ,ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু ছানৰাইজাৰ্ছ হাইদৰাবাদৰ দৰে শক্তিশালী দলসমূহক পৰাজিত কৰিছে । এই দলটোৱে এইবাৰ বলিং আৰু বেটিং উভয় ক্ষেত্ৰতে সাফল্য় অৰ্জন কৰিবলৈ সক্ষম হৈছে ।
Two in-form teams coming off back-to-back wins in #TATAIPL 2025 🔥
— Star Sports (@StarSportsIndia) April 9, 2025
Will Gujarat dominate, or will Rajasthan improve their record against them? 🤔#IPLonJioStar 👉 #GTvRR | WED, 9th APR | 6.30 PM on Star Sports 1, Star Sports 1 Hindi & JioHotstar! pic.twitter.com/1k8Yb6JilL
আনহাতে, ৰাজস্থান ৰয়েলছে এই বৰ্ষত এতিয়ালৈকে মিশ্ৰিত খেল প্ৰদৰ্শন কৰিছে । ৰাজস্থানে নিজৰ আৰম্ভণিৰ দুখন মেচ ছানৰাইজাৰ্ছ হায়দাৰাবাদ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে পৰাজিত হৈছে। অৱশ্য়ে পৰৱৰ্তী মেচ দুখনত প্ৰত্য়াৱৰ্তন কৰিবলৈ সক্ষম হয় । প্ৰতিযোগিতাত এই মেচ দুখনত চেন্নাই ছুপাৰ কিংছ আৰু পঞ্জাৱ কিংছক পৰাজিত কৰে । এই ছিজনৰ প্ৰথম ৩ খন মেচত ৰিয়ান পৰাগে দলটোক নেতৃত্ব দিয়ে যদিও ইয়াৰ পিছতেই সঞ্জু ছেমচনে দায়িত্বভাৰ গ্ৰহণ কৰে ।
The stage is set for an exciting clash as GEN BOLD captains take the spotlight! ⚔
— Star Sports (@StarSportsIndia) April 9, 2025
Gujarat Titans take on Rajasthan Royals in what promises to be a thrilling contest 🏏🔥
Who do you think will dominate today? 🤔#IPLonJioStar 👉 #GTvRR | WED, 9th APR | 6.30 PM on Star Sports… pic.twitter.com/oQEpssyy9S
GT বনাম RR মুখামুখি:
গুজৰাট টাইটানছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত মুখামুখি হোৱা ৰেকৰ্ড বিশ্লেষণ কৰিলে দেখা যায় যে বিগত সময়ত গুজৰাটে আধিপত্য বিস্তাৰ কৰিছে । দুয়োটা দলৰ মাজত এতিয়ালৈকে মুঠ ৬ বাৰ আই পি এলৰ মেচ অনুষ্ঠিত হৈছে । এই সময়ছোৱাত গুজৰাটে ৫ খন খেলত জয়লাভ কৰিছে । ৰাজস্থানে মাত্ৰ এখন মেচতহে বিজয় সাব্য়স্ত কৰিবলৈ সক্ষম হৈছে ।
Mehmaan nawazi me koi kami nahi hogi! 😉 pic.twitter.com/9WzcnlwncY
— Gujarat Titans (@gujarat_titans) April 9, 2025
নৰেন্দ্র মোদী ষ্টেডিয়াম পিটচ ৰিপ'ৰ্ট :
নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ পিটচখন বেটছমেনৰ বাবে সহায়কৰ বুলি গণ্য কৰা হয় । ইয়াত বেছি ৰাণ হোৱাৰ সম্ভাৱনা আছে । সেয়েহে অধিকাংশ সময়ত টছত জয়লাভ কৰা অধিনায়কে প্ৰথমে বলিং কৰিবলৈ পছন্দ কৰে ।
গুজৰাট টাইটাছৰ সম্ভাৱ্য ১১ :
ছাই সুদৰ্শন, শুভমন গীল (অধিনায়ক), জ'ছ বাটলাৰ (উইকেটকীপাৰ),ৱাশ্চিংটন সুন্দৰ,ছেৰফেন ৰাদাৰফোর্ড, ৰাহুল তেৱাটিয়া, শ্বাহৰুখ খান,ৰছীদ খান, ৰবিশ্ৰীণিৱাছন সাই কিশোৰ,মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণা । ইম্পেক্ট প্লেয়াৰ: সন্দীপ শৰ্মা/ইশান্ত শৰ্মা ৷
ৰাজস্থান ৰয়েলছৰ সম্ভাৱ্য ১১ :
সঞ্জু ছেমচন (অধিনায়ক আৰু উইকেটকীপাৰ), যশস্বী জয়ছোৱাল, নিতীশ ৰাণা, ৰিয়ান পৰাগ, ধ্ৰুৱ জুৰেল, শিমৰন হেটমায়াৰ, ৱানিন্দু হাসৰেঙ্গা,যোফ্ৰা আৰ্চাৰ,মহেশ থীকশানা, কুমাৰ কাৰ্তিকেয়া, তুষ্টাৰ দেশপাণ্ডে । ইম্পেক্ট প্লেয়াৰ: আকাশ মাধৱাল ।