ETV Bharat / sports

আজি আই পি এলত সমুখ সমৰত গুজৰাট-দিল্লী, কেনে হ’ব পিটচৰ ভূমিকা - IPL 2025

আজি গুজৰাট টাইটানছ (জি টি) আৰু দিল্লী কেপিটেলছ (ডি চি)ৰ মাজত অনুষ্ঠিত হ’ব প্ৰথমখন মেচ ৷ জানক মেচখনৰ সমগ্ৰ তথ্য ৷

IPL 2025
আজি আই পি এলত গুজৰাট-দিল্লী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 19, 2025 at 11:59 AM IST

4 Min Read

আহমেদাবাদ: ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ ৰ ৩৫ সংখ্যক খেলখন শনিবাৰে গুজৰাট টাইটানছ (জি টি) আৰু দিল্লী কেপিটেলছ (ডি চি) ৰ মাজত অনুষ্ঠিত হ’ব ৷ দুয়োটা দলৰ মাজত এই খেলখন আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত বিয়লি ৩.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব ৷

২০২৫ চনৰ আই পি এলত এই দুয়োটা দলে সৰ্বোত্তম প্ৰদৰ্শন আগবঢ়াইছে আৰু দুয়োটা দলে শক্তিশালী দল হিচাপে আত্মপ্ৰকাশ কৰিছে । দুয়োটা দলকে প্লে-অফলৈ যোগ্যতা অৰ্জন কৰিবলৈ ফেভাৰিট বুলি গণ্য কৰা হৈছে । পইণ্ট তালিকাৰ শীৰ্ষত দিল্লী কেপিটেলছ থকাৰ বিপৰীতে দ্বিতীয় স্থানত আছে গুজৰাট ।

সেয়ে পইণ্ট তালিকাৰ শীৰ্ষস্থানত থকা দুয়োটা দলৰ মাজত শনিবাৰে তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক এখন মেচ হোৱাৰ সম্ভাৱনা আছে ৷

আজি আই পি এলত গুজৰাট বনাম দিল্লীৰ মেচ

সোঁহতীয়া তাৰকা বেটছমেন শুভমন গিলৰ নেতৃত্বত গুজৰাট টাইটানছে আজি ঘৰুৱা খেলপথাৰত পইণ্ট তালিকাৰ শীৰ্ষস্থানৰ দল দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলিব । এই ছিজনত গুজৰাটে দৰ্শনীয় প্ৰদৰ্শন আগবঢ়াই ৬ খন মেচৰ ৪ খনতে জয়লাভ কৰিছে ৷

গুজৰাটে ইতিমধ্যে মুম্বাই ইণ্ডিয়ানছ, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু, ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলত জয়লাভ কৰিছে । আনহাতে, পঞ্জাৱ কিংছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে পৰাজয়বৰণো কৰিছে ৷ শনিবাৰে গুজৰাটে দুটা মূল্যৱান পইণ্ট লাভ কৰাৰ উদ্দেশ্যেৰে নিজৰ ঘৰুৱা খেলপথাৰত নামিব ৷

আনহাতে, দিল্লী কেপিটেলছে এই ছিজনত প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰিছে । অক্ষৰ পেটেলৰ অধিনায়কত্বৰ এই দলটোৱে খেলৰ প্ৰতিটো বিভাগতে উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰিছে । এই পৰ্যন্ত খেলা মুঠ ৬ খন খেলৰ ভিতৰত ৫ খন খেলত জয়লাভ কৰিছে দিল্লী কেপিটেলছে । মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধেহে মাথো এখন খেলত দলটো পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল ।

এতিয়ালৈকে দিল্লীয়ে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ, ছানৰাইজাৰ্ছ হায়দৰাবাদ, চেন্নাই ছুপাৰ কিংছ, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু ৰাজস্থান ৰয়েলছৰ দৰে শক্তিশালী দলক পৰাস্ত কৰিছে । আজিৰ খেলখনত জয়লাভ কৰি দিল্লী কেপিটেলছে জয়ৰ ধাৰা অক্ষুণ্ণ ৰখাৰ লগতে পইণ্ট তালিকাৰ শীৰ্ষত থাকিব বিচাৰিব ।

মুখামুখিত গুজৰাট টাইটানছ বনাম দিল্লী কেপিটেলছ

গুজৰাট টাইটানছ আৰু দিল্লী কেপিটেলছৰ মাজত হোৱা হেড টু হেড ৰেকৰ্ডৰ কথা ক’বলৈ গ’লে দুয়োটা দলে এতিয়ালৈকে ৫ খন আই পি এল মেচত মুখামুখি হৈছে । এই সময়ছোৱাত দিল্লী কেপিটেলছে ৩ খন খেলত জয়লাভ কৰিছে । আনহাতে, গুজৰাট টাইটানছে দুখন খেলত জয়লাভ কৰিছে ।

দুয়োটা দলৰ মাজত খেলা প্ৰথম দুখন মেচত গুজৰাটে জয়লাভ কৰিছিল ৷ তাৰপিছত দিল্লীয়ে জয়ৰ হেট্ৰিক অৰ্জন কৰিছে । দুয়োটা দলে আই পি এল ২০২৫ ত উন্নত প্ৰদৰ্শন আগবঢ়াইছে ৷ গতিকে আজি দুয়োটা দলৰ মাজত এক ৰোমাঞ্চকৰ মেচ হোৱাৰ সম্ভাৱনা আছে ।

নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ পিটচ ৰিপ’ৰ্ট

নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ খেলপথাৰৰ কথা ক’বলৈ গ’লে বেটছমেনৰ বাবে ই সহায়ক বুলি বিবেচিত হৈছে । এই খেলপথাৰত অনুষ্ঠিত মেচসমূহৰ বেছিভাগেই হাই স্ক’ৰিং মেচ হোৱা দেখা গৈছে ৷ য’ত বেটছমেনে বিধ্বংসী শ্বট কোবাই এক উন্নত স্ক’ৰ দাঙি ধৰিব পাৰে ৷

এই খেলপথাৰত দুই প্ৰকাৰৰ পিটচ পোৱা যায়, তাৰ ভিতৰত ৰঙা মাটি আৰু ক’লা মাটিৰ পিটচ । ৰঙা মাটিৰ পিটচ স্পিনাৰ বলাৰৰ বাবে সহায়ক । আনহাতে, ক’লা মাটি থকা পিটছে ফাষ্ট বলাৰসকলক অধিক সহায় কৰে কাৰণ ইয়ে বলাৰক বাউন্স প্ৰদান কৰে । বেছিভাগ সময়তে অধিনায়কে টছত জয়ী হৈ ইয়াত প্ৰথমে বলিং কৰাটো পছন্দ কৰে ।

জি টি বনাম ডি চিৰ সম্ভাৱ্য প্লেয়িং-১১

গুজৰাট টাইটানছৰ সম্ভাৱ্য প্লেয়িং-১১

শুভমন গিল (অধিনায়ক), সাই সুদৰ্শন, জছ বাটলাৰ (উইকেটকীপাৰ), শ্বাৰ্ফেন ৰাদাৰফোৰ্ড, শ্বাহৰুখ খান, ৰাহুল টেৱাটিয়া, ৱাশ্বিংটন সুন্দৰ, ৰছিদ খান, আৰ চাই কিশোৰ, মহম্মদ চিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণ ।

ইমপেক্ট প্লেয়াৰ: আৰ্শাদ খান/কুলৱন্ত খেজৰলিয়া

দিল্লী কেপিটেলছৰ সম্ভাৱ্য প্লেয়িং-১১

জেক ফ্ৰেজাৰ-মেকগাৰ্ক, ফাফ ডু প্লেছিছ, কৰুণ নায়াৰ, অভিষেক পোৰেল, কে এল ৰাহুল (উইকেটকীপাৰ), ট্ৰিষ্টান ষ্টাবছ, অক্ষৰ পেটেল, আশুতোষ শৰ্মা, বিপ্ৰজ নিগম, মিচেল ষ্টাৰ্ক, কুলদীপ যাদৱ আৰু মোহিত শৰ্মা ।

ইমপেক্ট প্লেয়াৰ: মুকেশ কুমাৰ

লগতে পঢ়ক: পঞ্জাব কিংছে ছিজনৰ পঞ্চমটো জয় নিশ্চিত কৰিছে; ৫ উইকেটত পৰাস্ত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.