হায়দৰাবাদ: চলিত ছিজনৰ আই পি এলত নিজৰ অভিযানৰ আৰম্ভণি হতাশাজনক কৰি তুলিছে গুজৰাট টাইটানছৰ অভিজ্ঞ ফাষ্ট বলাৰ ইশান্ত শৰ্মাই । সোঁহতীয়া ফাষ্ট বলাৰগৰাকীয়ে এতিয়ালৈকে ৩ খন মেচত ৯৭ ৰাণ ব্যয় কৰিও দখল কৰিব পৰা নাই কোনো উইকেট ।
দেওবাৰে হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তৰাষ্ট্ৰীয় ষ্টেডিয়ামত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অনুষ্ঠিত এখন মেচৰ পিছত বলাৰগৰাকীৰ সমস্যা দুগুণে বৃদ্ধি পাইছে । ৩৬ বছৰীয়া খেলুৱৈগৰাকীক মেচ মাচুলৰ ২৫ শতাংশ জৰিমনা বিহাৰ লগতে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে তেওঁক দিছে এটা ডিমেৰিট পইণ্ট ।
ইশান্ত শৰ্মাই পালে এটা ডিমেৰিট পইণ্ট
আই পি এল গভৰ্ণিং কাউন্সিলে জাৰি কৰা আনুষ্ঠানিক বিবৃতিত এই কথা প্ৰকাশ কৰিছে যে, "দেওবাৰে হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে নিজৰ দলৰ খেলখনত আই পি এলৰ আচৰণ বিধি উলংঘা কৰাৰ অপৰাধত গুজৰাট টাইটানছৰ বলাৰ ইশান্ত শৰ্মাক মেচ মাচুলৰ ২৫ শতাংশ জৰিমনা বিহাৰ লগতে এটা ডিমেৰিট পইণ্টো দিয়া হৈছে" ।
🚨 25% MATCH FEE FINED TO ISHANT SHARMA 🚨
— DEEP SINGH (@TheAllr0under) April 7, 2025
- Ishant Sharma has been fined 25% of his match fee and handed one demerit point for violating the IPL Code of Conduct during Gujarat Titans Match against Sunrisers Hyderabad...!!#SRHvsGT #IPL2025 pic.twitter.com/kjefp7vyhl
ইয়াত কোৱা হৈছে, "ইশান্ত শৰ্মাই ২.২ অনুচ্ছেদৰ অধীনত লেভেল ১ ৰ অপৰাধ স্বীকাৰ কৰি মেচ ৰেফাৰীৰ শাস্তি মানি লৈছিল । আচৰণ বিধিৰ স্তৰ ১ উলংঘাৰ বাবে মেচ ৰেফাৰীৰ সিদ্ধান্ত চূড়ান্ত আৰু বাধ্যতামূলক" ।
এই আই পি এলৰ নিয়মত কি লিখা আছে ?
বি চি চি আইৰ আচৰণ বিধিৰ ২.২ অনুচ্ছেদত ক্ৰিকেটৰ সঁজুলি বা খেলপথাৰৰ সঁজুলিত থকা কাপোৰৰ ক্ষতিসাধন কৰাটোক অপৰাধ হিচাপে গণ্য কৰা হৈছে ।
Ishant Sharma has been fined 25 percent of his match fees for breaching the IPL's Code of Conduct.#SRHvGT #IPL2025 pic.twitter.com/ay465Hijr1
— Cricbuzz (@cricbuzz) April 7, 2025
আই পি এলৰ এই নিয়মত এনেদৰে লিখা আছে, "ধাৰা ২.২ ত স্বাভাৱিক ক্ৰিকেট কাৰ্যকলাপৰ বাহিৰৰ যিকোনো কাৰ্য, যেনে উইকেট মাৰি বা লথিওৱা, ইচ্ছাকৃতভাৱে বা গাফিলতিত কৰা এনে যিকোনো কাৰ্য অপৰাধমূলক কাৰ্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে । আনহাতে, বিজ্ঞাপনৰ বোৰ্ড, সীমাৰ বেৰ, ড্ৰেছিং ৰুমৰ দুৱাৰ, আইনা, খিৰিকী আৰু অন্যান্য ফিক্সচাৰ আৰু ফিটিংছৰ ক্ষতিসাধন কৰাটোও অপৰাধ" ।
ইশান্তক কিয় জৰিমনা বিহা হ’ল ?
কোনটো সম্পত্তিৰ ক্ষতিসাধনৰ বাবে ইশান্ত শৰ্মাক ১ ডিমেৰিট পইণ্ট দিয়া হৈছে, সেয়া এতিয়াও স্পষ্ট হোৱা নাই । অনুমান কৰা অনুসৰি, ক্ৰিকেটাৰগৰাকীয়ে হয়তো ড্ৰেছিং ৰুমত কিছু ক্ষতিসাধন কৰিছিল ।
ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম গুজৰাট টাইটানছৰ মাজৰ মেচখনৰ পৰিস্থিতি কেনেকুৱা আছিল ?
এই খেলখনৰ কথা ক’বলৈ গ’লে দেওবাৰে মহম্মদ চিৰাজৰ বিস্ফোৰক প্ৰদৰ্শনৰ বাবেই গুজৰাটে বিজয়ৰ হেট্ৰিক সম্পূৰ্ণ কৰে । চিৰাজৰ বিধ্বংসী স্পেল (৪/১৭) ৰ সহায়ত গুজৰাট টাইটানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক ৭ উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হয় ।
The Titans are on a roll! 💪
— Star Sports (@StarSportsIndia) April 6, 2025
A stellar showing from GT's Gen BOLD stars - #ShubmanGill, #MohammedSiraj & #WashingtonSundar - sealed win 3/3 for Gujarat! 🖤👏
Next up on #IPLonJioStar 👉 #MIvRCB | MON, 7th APR, 6.30 PM on Star Sports 1, Star Sports 1 Hindi & JioHotstar! |… pic.twitter.com/WLu2EmslmV
চিৰাজে চাৰিটা উইকেট দখল কৰাৰ বাবেই দলটোৱে হায়দৰাবাদক ১৫২/৮ ত সীমাবদ্ধ কৰি ৰাখে । মেচখনত শুভমন গিলে ৬১ ৰাণৰ অপৰাজিত ইনিংছ খেলাৰ বিপৰীতে ৱাশ্বিংটন সুন্দৰে ৪৯ ৰাণ সংগ্ৰহ কৰে ।
লগতে পঢ়ক: মুম্বাই বনাম বেংগালুৰু, ঘৰুৱা দৰ্শকৰ মন জয় কৰিব পাৰিবনে হাৰ্দিক বাহিনীয়ে ?