ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি দিল্লী কেপিটেলছৰ দ্বিতীয়টো জয়
আই পি এল ২০২৫ ৰ দশমখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদক ৭ উইকেটত পৰাস্ত কৰিছে দিল্লী কেপিটেলছে ৷ দলটোৰ এয়া দ্বিতীয়টো জয় ।

Published : March 30, 2025 at 8:49 PM IST
বিশাখাপট্টনম: আই পি এল ২০২৫ ৰ দশমখন মেচত দিল্লী কেপিটেলছে ছানৰাইজাৰ্ছ হায়দৰাবাদক ৭ উইকেটত পৰাস্ত কৰে । দেওবাৰে অনুষ্ঠিত এই মেচখনত ফাফ ডু প্লেছিছ আৰু মিচেল ষ্টাৰ্কে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই দিল্লীৰ জয়ত সহায় কৰে ৷ ফাফে অৰ্ধশতকীয় ইনিংছ খেলাৰ বিপৰীতে ষ্টাৰ্কে দখল কৰে ৫ টা উইকেট ৷
ইয়াৰ লগে লগে দিল্লীয়ে দুখন মেচত একেৰাহে দ্বিতীয়বাৰৰ বাবে জয়লাভ কৰে ৷ আনহাতে, শেহতীয়া ৩ খন মেচত এয়া হায়দৰাবাদৰ দ্বিতীয়টো পৰাজয় ৷ একেৰাহে দুখন মেচত পৰাজয়ৰ সন্মুখীন হৈছে দলটো ।
VICTORY 💙❤️ pic.twitter.com/qbLWP8u2XN
— Delhi Capitals (@DelhiCapitals) March 30, 2025
দিল্লীৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত হায়দৰাবাদ
এই খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰি ১৮.৪ অভাৰত ১০ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৬৩ ৰাণ । দিল্লী কেপিটেলছে ১৬ অভাৰত ৩ টা উইকেট হেৰুৱাই ১৬৬ ৰাণ সংগ্ৰহ কৰি দলটোক জয়ৰ সোৱাদ দিয়ে ৷
Smashing bowlers and fifties for fun 👊 pic.twitter.com/sHJX7bAE15
— Delhi Capitals (@DelhiCapitals) March 30, 2025
ফাফ ডু প্লেছিছৰ অৰ্ধশতকীয় ইনিংছ
দিল্লীৰ হৈ ফাফ ডু প্লেছিছে এক দৰ্শনীয় অৰ্ধশতক অৰ্জন কৰে । দলৰ হৈ ইনিংছ মুকলি কৰি ক্ৰিকেটাৰগৰাকীয়ে ৩ টা চাৰি আৰু ৩ টা ছয়ৰ সহায়ত ২৭ টা বলত সংগ্ৰহ কৰে ৫০ ৰাণ ৷ জিশন আনছাৰীয়ে খেলুৱৈগৰাকীক দেখুৱাই পেভিলিয়নৰ বাট ৷ দিল্লীৰ হৈ আন এগৰাকী বেটছমেন জেক ফ্ৰেজাৰ-মেকগাৰ্কে ৪৪ টা বলত ৩২ ৰাণ সংগ্ৰহ কৰে ।
An impressive debut by Zeeshan 🪄
— SunRisers Hyderabad (@SunRisers) March 30, 2025
Zeeshan Ansari | #PlayWithFire | #DCvSRH | #TATAIPL2025 pic.twitter.com/2GGmsW62Yh
আনহাতে, কে এল ৰাহুলে ৫ টা বলত দুটা চাৰি আৰু এটা ছয়ৰে ১৫ ৰাণ সংগ্ৰহ কৰে । অভিষেক পোৰেলে ১৮ টা বলত ৩৪ ৰাণ আৰু ট্ৰিষ্টান ষ্টাবছে ১৪ টা বলত ২১ ৰাণ সংগ্ৰহ কৰি দলটোক জয়ৰ দিশে নিয়ে । হায়দৰাবাদৰ হৈ জিশন আনছাৰীয়ে ৪ অভাৰত ৪২ ৰাণৰ বিনিময়কত দখল কৰে তিনিটা উইকেট ৷
A 𝙨𝙤𝙡𝙞𝙙 way to bring up your maiden #TATAIPL 5️⃣0️⃣ 🔥
— SunRisers Hyderabad (@SunRisers) March 30, 2025
Aniket Verma | #PlayWithFire | #DCvSRH pic.twitter.com/GCTsdO05fU
অনিকেত বাৰ্মাৰ বিস্ফোৰক ইনিংছ
ইয়াৰ পূৰ্বে অনিকেত বাৰ্মাই ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ বিস্ফোৰক ইনিংছ খেলে । বাৰ্মাই ৫ টা চাৰি আৰু ৬ টা ছয়ৰ সহায়ত ৪১ টা বলত ৭৪ ৰাণৰ ইনিংছ খেলিছিল । তেওঁৰ বাহিৰেও হাইনৰিখ ক্লাচেনে ১৯ টা বলত দুটা চাৰি আৰু দুটা ছয়ৰে ৩২ ৰাণ সংগ্ৰহ কৰে । দলটোৰ হৈ ট্ৰেভিছ হেডে ২২ ৰাণ সংগ্ৰহ কৰে ।
এই তিনিগৰাকীৰ বাহিৰে আন কোনো এগৰাকী বেটছমেনে ৰাণ সংগ্ৰহৰ ক্ষেত্ৰত সফলতা লাভ কৰিব নোৱাৰিলে ৷ দিল্লী কেপিটেলছৰ হৈ মিচেল ষ্টাৰ্কে ৩.৪ অভাৰত ৩৫ ৰাণ ব্যয় কৰি ৫ টা উইকেট দখল কৰাৰ বিপৰীতে কুলদীপ যাদৱে ৩ টা আৰু মোহিত শৰ্মাই এটা উইকেট দখল কৰে ।
লগতে পঢ়ক: 36 ৰাণত জয়ী গুজৰাট; একেৰাহে দ্বিতীয়বাৰৰ বাবে পৰাজয়ৰ সন্মুখীন হাৰ্দিকৰ দল - IPL 2025

