ETV Bharat / sports

ৰছিদ খানৰ নামত লজ্জাজনক অভিলেখ, ছিৰাজ আৰু হাছৰংগাক পেলালে চেৰ - IPL 2025

গুজৰাট টাইটানছৰ লেগ স্পিনাৰ ৰছিদ খানে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে আই পি এলৰ ইতিহাসত লজ্জাজনক অভিলেখ পঞ্জীয়ন কৰিছে ।

IPL 2025
ৰছিদ খানৰ নামত লজ্জাজনক অভিলেখ (IANS)
author img

By ETV Bharat Assamese Team

Published : May 25, 2025 at 11:48 PM IST

2 Min Read

আহমেদাবাদ : আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটানছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত অনুষ্ঠিত হয় আই পি এল ২০২৫ৰ ৬৭ সংখ্যক মেচ । এই খেলখনত চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু ২০ অভাৰত ৫টা উইকেট হেৰুৱাই মুঠ ২৩০ ৰাণ সংগ্ৰহ কৰে ।

ইয়াৰ মাজতে চেন্নাই ছুপাৰ কিংছৰ বেটছমেনে গুজৰাট টাইটানছৰ বলাৰৰ সকলো প্ৰচেষ্টা ধূলিসাৎ কৰে আৰু দলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বলাৰ ৰছিদ খানৰ প্ৰচেষ্টাক বেটছমেনে ধূলিসাৎ কৰে । যাৰবাবে ৰছিদ খানৰ নামত এক লজ্জাজনক অভিলেখ পঞ্জীয়ন হয় । আজি আমি আপোনালোকক জনাব বিচাৰিছো আফগানিস্তানৰ তাৰকা লেগ স্পিনাৰ ৰছিদ খানৰ নামত পঞ্জীয়ন হোৱা এই অবাঞ্চিত অভিলেখৰ বিষয়ে ।

ৰছিদ খানৰ নামত এটা লজ্জাজনক অভিলেখ

আই পি এলৰ এটা ছিজনত এজন বলাৰৰ বলত সৰ্বাধিক ছয় কোবোৱা বলাৰৰ ভিতৰত এজন হৈছে ৰছিদ খান । ২০২৫ চনৰ আই পি এলত ৰছিদ খানৰ বলত বেটছমেনে মুঠ ৩১টা ছয় কোবাইছে । এই ছিজনত তেওঁ ১৪খন মেচত মাত্ৰ ৯টা উইকেটহে দখল কৰিছে । ইয়াৰ লগে লগে তেওঁ মহম্মদ ছিৰাজ আৰু ৱানন্দু হাছাৰাংগাক পিছ পেলাইছে ।

২০২২ চনৰ আই পি এলত বেটছমেনে মহম্মদ ছিৰাজৰ বলত এটা ছিজনত ৩১টা ছয় কোবোৱা কৰাৰ বিপৰীতে ৱানন্দু হাছাৰংগাৰ বলত আই পি এল ২০২৫ত বেটছমেনে ৩০টা ছয় কোবায় । আজিৰ খেলখনত ৰছিদে দুয়োকে পিছ পেলাই আই পি এলৰ এটা ছিজনত সৰ্বাধিক ছয় খোৱা বলাৰ হিচাপে পৰিগণিত হৈছে ।

লগতে পঢ়ক : জয়েৰে আই পি এলৰ যাত্ৰা সামৰিলে চেন্নাইয়ে

দিল্লীৰ হাতত ৬ উইকেটত পৰাস্ত পঞ্জাব

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুত আঘাত, অধিনায়ক ৰজত পাটিদাৰক জৰিমনা বি চি চি আইৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.