ETV Bharat / sports

মুম্বাইৰ বিৰুদ্ধে অৱৰ্তীণ হোৱাৰ পূৰ্বে এজন বিস্ফোৰক বেটছমেনক দলত অন্তৰ্ভূক্ত চি এছ কেৰ - IPL 2025

চেন্নাই ছুপাৰ কিংছৰ ২০ এপ্ৰিলত ৱাংখেড়ে ষ্টেডিয়াত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱৰ্তীণ হব । তাৰ পূৰ্বে এজন বিপদজনক বেটছমেন দলত প্ৰৱেশ কৰে।

IPL 2025
চেন্নাই ছুপাৰ কিংছ (IANS)
author img

By ETV Bharat Assamese Team

Published : April 18, 2025 at 6:18 PM IST

3 Min Read

হায়দৰাবাদ: আই পি এল ২০২৫ত চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ ফলাফল ভাল নহয় । পইণ্ট তালিকাৰ তলৰ স্থানত আছে চি এছ কে । দলটোৱে এতিয়ালৈকে ৭খন মেচৰ মাত্ৰ দুখন মেচত জয়লাভ কৰিছে । তেওঁলোকে ২০ এপ্ৰিলত ৱাংখেড়ে ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱৰ্তীণ হ'ব ।

চি এছ কেৰ দলত বিস্ফোৰক বেটছমেনৰ প্ৰৱেশ

এই মেচৰ পূৰ্বে চি এছ কেয়ে দক্ষিণ আফ্ৰিকাৰ বিস্ফোৰক বেটছমেন ডেৱাল্ড ব্ৰেভিছক নিজৰ দলত অন্তৰ্ভুক্ত কৰিছে । আঘাতপ্ৰাপ্ত গুৰজপনীত সিঙৰ ঠাইত তেওঁক দলত অন্তৰ্ভুক্ত কৰা হৈছে । আই পি এল ২০২৫ৰ মেগা নিলামত ব্ৰেভিছৰ ভিত্তি মূল্য আছিল ৭৫ লাখ টকা, য’ত তেওঁ বিক্ৰী নোহোৱাকৈয়ে আছিল যদিও চি এছ কেই তেওঁক ২.২ কোটি টকাত চুক্তিবদ্ধ কৰিছিল । ইয়াৰ পূৰ্বে ব্ৰেভিছ মুম্বাই ইণ্ডিয়ানছ (এম আই)ৰ অংশ আছিল, য’ত তেওঁ ১০খন মেচ খেলিছিল ।

ডেৱাল্ড ব্ৰেভিছৰ টি-২০ কেৰিয়াৰ

ডেৱাল্ড ব্ৰেভিছে ৮১খন টি-২০ মেচ খেলি ১৭৮৭ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে সৰ্বোচ্চ ১৬২ ৰান সংগ্ৰহ কৰিছে । ২০২৩ চনত দক্ষিণ আফ্ৰিকাৰ হৈ তেওঁ টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলত অভিষেক ঘটাই আৰু এতিয়ালৈকে ২ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে ।

এ বি ডি ভিলিয়াৰৰ লগত ডিৱাল্ড ব্ৰেভিছৰ তুলনা

ডেৱাল্ড ব্ৰেভিছে এতিয়ালৈকে দক্ষিণ আফ্ৰিকাৰ হৈ মাত্ৰ কেইখনমান মেচহে খেলিছে যদিও কেইবছৰমানৰ আগতে ব্ৰেভিছ বাতৰিৰ শিৰোনামত আছিল । তেওঁৰ শ্বট খেলাৰ ক্ষমতাৰ বাবে ক্ৰীড়া বিশেসকলে তেওঁক এ বি ডি ভিলিয়াৰ্ছৰ সৈতে তুলনা কৰে । ২১ বছৰীয়া ডেৱাল্ড ব্ৰেভিছৰ ষ্ট্ৰাইক ৰেট প্ৰায় ১৪৫ । এই বছৰৰ আৰম্ভণিতে এছ এ ২০ত তেওঁৰ ফৰ্ম অতি ভাল আছিল, য’ত তেওঁ ১৮৪.১৭ ষ্ট্ৰাইক ৰেটত ২৯১ ৰাণ সংগ্ৰহ কৰি ষষ্ঠ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী আছিল ।

চলিত ছিজনত দুজন খেলুৱৈক সলনি কৰিছে চি এছ কেই

উল্লেখ্য যে, চলিত ছিজনত চি এছ কেৰ দ্বিতীয়জন ৰিপ্লেচমেণ্ট খেলুৱৈ ডেৱাল্ড ব্ৰেভিছ । ইয়াৰ পূৰ্বে মুম্বাইৰ ১৭ বছৰীয়া আয়ুষ মাহাত্ৰেক অধিনায়ক ৰুতুৰাজ গাইকোৱাদৰ ঠাইত দলত অন্তৰ্ভুক্ত কৰা হৈছিল ।

আই পি এল ২০২৫ত চি এছ কেৰ বিদেশী খেলুৱৈ

ৰাচিন ৰবিন্দ্ৰ, ডেভন কনৱে, ডেৱাল্ড ব্ৰেভিছ, নূৰ আহমেদ, মথিছা পাথিৰানা, ছেম কাৰাণ, জেমী অভাৰটন, নাথান এলিছ ।

লগতে পঢ়ক : লক্ষ্ণৌক ৫ উইকেটত পৰাস্ত চেন্নাইৰ; ধোনীয়ে খেলিলে বিজয়ী ইনিংছ

ধোনীক চূড়ান্ত অপমান কলকাতা নাইট ৰাইডাৰ্ছৰ, সামাজিক মাধ্যমত ঠাট্টা-মস্কৰা

প্ৰথম মেচতে ব্যৰ্থ অধিনায়ক ধোনী ! ৮ উইকেটত জয় কলকাতা নাইট ৰাইডাৰ্ছৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.