চেন্নাই : ভাৰতীয় প্ৰিমিয়াৰ লীগৰ অষ্টম মেচখন এমএ চিদাম্বৰম ষ্টেডিয়ামত বিয়লি ৭:৩০ বজাত অনুষ্ঠিত হ'ব । এই মেচখন দুই চিৰ প্ৰতিদ্বন্দ্বী চেন্নাই ছুপাৰ কিংছ (CSK) আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ (RCB)মাজত অনুষ্ঠিত হ'ব । দুয়োটা দলে আইপিএল ২০২৫ৰ প্ৰথম মেচত জয়ী হৈছে ।
চেন্নাই দলে মুম্বাই ইণ্ডিয়ানছক পৰাজিত কৰিছিল । আনহাতে আৰচিবিয়ে উদ্বোধনী মেচত কেকেআৰক পৰাজিত কৰে ।
- চেন্নাই বনাম বেংগালুৰু
চেপক ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছ অতি শক্তিশালী । এই ষ্টেডিয়ামত আৰচিবিৰ ৰেকৰ্ড চিএছকেৰ বিৰুদ্ধে অতি দুৰ্বল । এনে সময়ত ঋতুৰাজ গায়কৱাড়ৰ কমাণ্ড আৰু এমএছ ধোনীৰ মাইণ্ড গেমৰ সৈতে চিএছকেৰ বাবে আজি খেলত ৰজত পাটিদাৰৰ নেতৃত্বত আৰু বিৰাট কোহলীৰ দৰে তাৰকা খেলুৱৈৰ সৈতে সজ্জিত আৰচিবিৰ প্ৰত্যাহ্বান হ'ব ।
⚔️ 𝗖𝗟𝗔𝗦𝗛 𝗢𝗙 𝗧𝗛𝗘 𝗟𝗘𝗚𝗘𝗡𝗗𝗦 ⚔️
— Star Sports (@StarSportsIndia) March 28, 2025
With Gen Bold & Gen Gold in action together, Chepauk is set to witness history in the making! 💛❤️
Who will come 🔛🔝 in this battle of big-hitters? 😮💨#IPLonJioStar 👉 #CSKvRCB | FRI, 28th MAR, 6:30 PM only on Star Sports 1, Star… pic.twitter.com/JC26viKFAG
অৱশ্যে পূৰ্বৰ খেলখনত আৰচিবিয়ে প্ৰতিকূল পৰিস্থিতিত বিগত বছৰৰ চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছক পৰাজিত কৰিছিল । যাৰ বাবে আৰচিবিৰ মনোবল বৃদ্ধি পাইছে আৰু ১৭ বছৰ পাছত চেন্নাইক নিজৰ ঘৰতে পৰাস্ত কৰাত সফল হ'ব বুলি আশাবাদী ।
While the history tends to lean towards Yellow, cricketing legends are all set to treat us with another blockbuster clash! 💛❤️
— Star Sports (@StarSportsIndia) March 28, 2025
Will #RCB better their record or will #CSK continue their domination? 👀#IPLonJioStar 👉 #CSKvRCB | FRI, 28th MAR, 6:30 PM only on Star Sports 1,… pic.twitter.com/p79C8fo3Wl
- ২০০৮ৰ পৰা আৰচিবিৰ বিৰুদ্ধে অপৰাজেয় চিএছকে
চেন্নাইৰ এমএ চিদাম্বৰমত চিএছকেৰ বিপক্ষে আৰচিবিৰ ৰেকৰ্ড বহুত বেয়া । চেপক ষ্টেডিয়ামত চিএছকে আৰু আৰচিবি এতিয়ালৈকে ৯ বাৰ মুখামুখি হৈছে । য'ত ৮ খন খেলতে আৰচিবি পৰাজিত হৈছে । আৰচিবি চিএছকেৰ বিৰুদ্ধে মাত্ৰ ১ বাৰ বিজয়ী হৈছে । এই একমাত্ৰ বিজয় ২০০৮ চনতে আছিল ।
The clash of OG 𝗚𝗲𝗻 𝗚𝗼𝗹𝗱 legends... 💛❤
— Star Sports (@StarSportsIndia) March 27, 2025
Eyeing back-to-back wins, who will take home 2 crucial points at Chepauk? 🤔#IPLonJioStar 👉 #CSKvRCB | FRI, 28th MAR, 6:30 PM on Star Sports network & JioHotstar | #IPL2025 #IndianPossibleLeague pic.twitter.com/VQd2WDcBKO
- হেড টু হেড
চেন্নাই ছুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত হেড টু হেড ৰেকৰ্ডৰ কথা ক'লে দুয়োটা দলৰ মাজত আই পি এলত এতিয়ালৈকে মুঠ ৩৩ খন মেচ হৈছে । এই ৩৩ খন মেচৰ ভিতৰত চেন্নাই ২১ বাৰ জয়ী হৈছে । আনহাতে বেংগালুৰু ১১ খন মেচত জয়ী হৈছে । অৱশ্যে ১ খন মেচৰ কোনো ফলাফল নাছিল ।
দুয়োটা দলৰ মাজত এতিয়ালৈকে তীব্ৰ প্ৰতিদ্বন্দ্বিতা দেখা গৈছে । এনে পৰিস্থিতিত আজি দুয়োটা দলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা দেখা যাব বুলি আশা কৰা গৈছে ।
𝐑𝐂𝐁 𝐯𝐬 𝐂𝐒𝐊: 𝐓𝐡𝐞 𝐒𝐨𝐮𝐭𝐡𝐞𝐫𝐧 𝐃𝐞𝐫𝐛𝐲, 𝐓𝐚𝐤𝐞 𝟏 - 𝐏𝐫𝐞𝐯𝐢𝐞𝐰
— Royal Challengers Bengaluru (@RCBTweets) March 28, 2025
It’s time for a new chapter in this rivalry! It’s a chance to breach Chennai’s fortress. And the Royal Challengers are determined to Play Bold! 💪
Watch the passion, intensity and prep unfold… pic.twitter.com/si4u0ln8Qv
- এমএ চিদাম্বৰম ষ্টেডিয়ামৰ পিটছ ৰিপ'ৰ্ট
চেপক ষ্টেডিয়ামৰ পিটছ স্পিনাৰৰ বাবে সহায়ক বুলি গণ্য কৰা হয় । ইয়াৰ পিটছ খেলৰ লগে লগে শ্ল' হ'বলৈ ধৰে । যাৰ ফলত স্পিনাৰসকলে অধিক টাৰ্ন পায় । আইপিএলত চেন্নাইত প্ৰথমে বেটিং কৰাৰ দলটোৰ বিজয়ৰ ৰেকৰ্ড বেছি ভাল । ২০০৮ চনৰ পৰা এতিয়ালৈকে এই ষ্টেডিয়ামত ৮৭ খন মেচ অনুষ্ঠিত হৈছে । য'ত দ্বিতীয় ইনিংছৰ দলটোৱে মাত্ৰ ৩৭ খন মেচত বিজয় সাব্যস্ত কৰিছে ।
এনে পৰিস্থিতিত ইয়াত টছত জয়ী হ'লে অধিনায়কে প্ৰথমে বেটিং কৰিবলৈ পছন্দ কৰিব । ইয়াত ১৬০-১৮০ ৰাণ বিজয়ী মুঠ বুলি গণ্য কৰা হয় ।
FAN FRIDAY IT IS! 💛🥳
— Chennai Super Kings (@ChennaiIPL) March 28, 2025
Start. The. Whistles! 🥳💪🏻🔥#CSKvRCB #WhistlePodu 🦁💛 pic.twitter.com/lmy0BBm3KN
- চেন্নাইৰ বতৰ
চেন্নাই ছুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত আজি চেন্নাইত অনুষ্ঠিত হ'ব গুৰুত্বপূৰ্ণ মেচ । চেন্নাইত আজি গৰম আৰু আৰ্দ্ৰতাৰ প্ৰভাৱ থাকিব । ই খেলুৱৈসকলৰ ওপৰত বিশেষকৈ দ্ৰুত বলাৰসকলৰ ওপৰত প্ৰভাৱ পেলাব ।
- চেন্নাইৰ সম্ভাব্য প্লেয়িং ১১ : ৰুতুৰাজ গায়কৱাড় (অধিনায়ক), ৰচিন ৰবীন্দ্ৰ, দীপক হুডা, শিৱম ডুবে, ৰবীন্দ্ৰ জাদেজা, চেম কৰণ, এম এছ ধোনী (উইকেটকিপাৰ), ৰবিচন্দ্ৰন অশ্বিন, নুৰ আহমেদ, নাথন এলিছ, খলীল আহমেদ ।
- ইমপেক্ট প্লেয়াৰ : ৰাহুল ত্ৰিপাঠী, কমলেশ নাগৰকোঠী ।
- বেংগালুৰুৰ সম্ভাব্য প্লেয়িং ১১ : বিৰাট কোহলী, ফিলিপ ছল্ট, ৰজত পাতিদাৰ (অধিনায়ক), লিয়াম লিভিংষ্টন, জীতেশ শর্মা (উইকেটকিপাৰ), টিম ডেভিড, ক্ৰুণাল পাণ্ডিয়া, ৰাছিখ ডৰ, সুয়শ শর্মা, জচ হেজেলউড, ভুবনেশ্বৰ কুমাৰ ।
- ইমপেক্ট প্লেয়াৰ : দেৱদত্ত পডিক্কল, যশ দয়াল ।