আহমেদাবাদ : আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আই পি এল ২০২৫ৰ ৬৭ সংখ্যক মেচত চেন্নাই ছুপাৰ কিংছে গুজৰাট টাইটানছক ৪০ ৰাণত পৰাস্ত কৰে । এই মেচখনত চি এছ কেৰ অধিনায়ক ধোনীয়ে টছত জয়লাভ কৰি জি টিৰ অধিনায়ক শুভমন গিলক প্ৰথমে ফিল্ডিং কৰিবলৈ আমন্ত্ৰণ জনায় ।
গুজৰাটক ৮৩ ৰাণত পৰাস্ত কৰে চেন্নাইয়ে
চেন্নাইয়ে প্ৰথমে বেটিং কৰি ২০ অভাৰত ৫টা উইকেট হেৰুৱাই গুজৰাটক ২৩০ ৰাণৰ বিশাল লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে । ইয়াৰ প্ৰত্যুত্তৰত গুজৰাট টাইটানছে ১৮.৩ অভাৰত ১৭৪ ৰাণ সংগ্ৰহ কৰি অল আউট হৈ খেলখনত ৮৩ ৰাণত পৰাস্ত হয় । এই মেচখনত কৰা উজ্জ্বল প্ৰদৰ্শনৰ বাবে ডেৱাল্ড ব্ৰেভিছক প্লেয়াৰ অৱ দ্য মেচ হিচাপে নিৰ্বাচিত কৰা হয় ।
A 𝐒𝐮𝐩𝐞𝐫 start for the 𝐊𝐢𝐧𝐠𝐬 💛
— IndianPremierLeague (@IPL) May 25, 2025
Anshul Kamboj & Khaleel Ahmed wreaking havoc with the ball in the powerplay! 💥#GT are 30/3 after 5 overs.
Updates ▶ https://t.co/P6Px72jm7j#TATAIPL | #GTvCSK | @ChennaiIPL pic.twitter.com/3N9V7EHYw9
গুজৰাট টাইটানছৰ বেটছমেনৰ নিৰাশজনক প্ৰদৰ্শন
ছাই সুদৰ্শন আৰু শুভমন গিলে গুজৰাট টাইটানছৰ হৈ ইনিংছ মুকলি কৰিবলৈ আহে । ১৩ ৰাণৰ ব্যক্তিগত স্ক’ৰেৰে উভতি আহে শুভমন গিল । ইয়াৰ পিছত জোছ বাটলাৰ ব্যক্তিগত স্ক’ৰ ৫ আৰু শ্বাৰফেন ৰাদাৰফোৰ্ডে ব্যক্তিগত স্ক’ৰ ০ লৈ আউট হয় ।সুদৰ্শনে দলৰ হৈ ভাল খেলি ২৮ বলত ৬টা চাৰিৰ সহায়ত ৪১ ৰাণ সংগ্ৰহ কৰে । তেওঁ দলৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে ।
We take our learnings and head into the playoffs. Thank you, Amdavad! 🫶 pic.twitter.com/eFqXw7pbiM
— Gujarat Titans (@gujarat_titans) May 25, 2025
তেওঁৰ বাহিৰেও শ্বাহৰুখ খানে ১৯ ৰাণ, ৰছিদ খানে ১২, জেৰাল্ড কোটজীয়ে ৮, আৰ্শ্বদ খান ২০ আৰু ৰাহুল তেৱাতিয়াই ১৪ ৰাণ আগবঢ়ায় যদিও নিজৰ দলটোক জয়ী কৰিব নোৱাৰিলে আৰু ১৪৭ ৰাণত সমগ্ৰ দলটো অল আউট হয় । চি এছ কেৰ হৈ নূৰ আহমেদ আৰু অংশুল কাম্বোজে সৰ্বাধিক ৩টাকৈ উইকেট দখল কৰাৰ বিপৰীতে ৰবীন্দ্ৰ জাদেজাই ২টা উইকেট লাভ কৰে ।
ব্ৰেভিছ আৰু কনৱেই অৰ্ধশতক
ইয়াৰ পূৰ্বে ১৭ বছৰীয়া আয়ুষ মেটে চেন্নাই ছুপাৰ কিংছৰ হৈ ৩টা চাৰি আৰু ৩টা ছয়ৰে ১৭টা বলত ৩৪ ৰাণৰ ইনিংছ খেলিছিল । ডেভন কনৱেই ৬টা চাৰি আৰু ২টা ছয়ৰ সহায়ত ৩৫টা বলত ৫০ ৰাণ সংগ্ৰহ কৰে । উৰভিল পেটেলে ১৯টা বলত ৪টা চাৰি আৰু ২টা ছয়ৰে ৩৭ ৰাণৰ বৰঙণি আগবঢ়ায় ।
That no look scoop though! ⚡#GTvCSK #WhistlePodu 🦁💛 pic.twitter.com/yKd6e8M46Q
— Chennai Super Kings (@ChennaiIPL) May 25, 2025
চি এছ কেৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে ডেৱাল্ড ব্ৰেভিছে । ব্ৰেভিছে ৬টা চাৰি আৰু ৫টা ছয়ৰ সহায়ত ২৩টা বলত মুঠ ৫৭ ৰাণ সংগ্ৰহ কৰে । ৰবীন্দ্ৰ জাডেজাই ২১ ৰাণ সংগ্ৰহ কৰি দলটোক ২৩০ ৰাণলৈ লৈ যায় । গুজৰাটৰ হৈ প্ৰসিদ্ধ কৃষ্ণই ২টা আৰু ছাই কিশোৰ, ৰছিদ খান আৰু শ্বাহৰুখ খানে ১টাকৈ উইকেট দখল কৰে ।