ETV Bharat / sports

আই পি এল: খেলুৱৈ-আম্পায়াৰৰ পোচাকত ক’লা বেজ, নানাচিব চিয়েৰলিডাৰ্ছে, নুফুটিব আতচবাজীও

পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ৪ টা বৃহৎ সিদ্ধান্ত বি চি চি আইৰ ৷

IPL 2025
ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম মুম্বাই ইণ্ডিয়ানছ (IANS)
author img

By ETV Bharat Assamese Team

Published : April 23, 2025 at 6:58 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত এই পৰ্যন্ত প্ৰাণ হেৰুৱাইছে ২৬ জন লোকে ৷ আহতসকল আছে চিকিৎসাধীন অৱস্থাত ৷ ইফালে সমগ্ৰ দেশ ডুবি আছে আই পি এল জ্বৰত ৷ যাৰ বাবে বুধবাৰৰ আই পি এল মেচৰ সন্দৰ্ভত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে বি চি চি আইয়ে ।

এই খেলখন হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত সন্ধিয়া ৭.৩০ বজাৰ পৰা ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ) আৰু মুম্বাই ইণ্ডিয়ানছ (এম আই)ৰ মাজত অনুষ্ঠিত হ’ব ৷

বি চি চি আইয়ে লৈছে ডাঙৰ সিদ্ধান্ত

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে খেল অনুষ্ঠিত হোৱাৰ পূৰ্বে পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হোৱা লোকসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । সমগ্ৰ দেশতে শোকৰ ছাঁ পেলোৱা এই কৰুণ ঘটনাত দুজন বিদেশী নাগৰিককে ধৰি ২৬ জন লোকে প্ৰাণ হেৰুৱাইছে ।

খেলুৱৈ আৰু আম্পায়াৰে পৰিধান কৰিব ক’লা বেজ

সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হোৱা লোকসকলৰ স্মৃতিত খেলুৱৈ আৰু আম্পায়াৰসকলে পৰিধান কৰিব ক’লা বেজ ৷ লগতে খেলৰ পূৰ্বে এক মিনিট মৌনতা অৱলম্বন কৰিব । ইয়াৰ বাহিৰেও সমগ্ৰ খেলখনৰ সময়ত খেলপথাৰত কোনো ধৰণৰ চিয়েৰলিডাৰ্ছ উপস্থিত নথকাৰ লগতে আতচবাজীও প্ৰদৰ্শন কৰা নহ’ব ৷

পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোকৰ মৃত্যু

মঙলবাৰে জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ পহলগামত পৰ্যটকক লক্ষ্য কৰি বৰ্বৰ আক্ৰমণ সংঘটিত কৰে সন্ত্ৰাসবাদীয়ে । যি ঘটনাত দুজন বিদেশী পৰ্যটককে ধৰি ২৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন বহু পৰ্যটক আহত হয় । দেশজুৰি এই আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিছে সকলোৱে ।

এই সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা বিৰাট কোহলীৰ

ভাৰতীয় ক্ৰিকেটাৰসকলেও পহলগামৰ আক্ৰমণত নিহতসকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে । বিৰাট কোহলী, শচীন তেণ্ডুলকাৰ, হাৰ্দিক পাণ্ডিয়া, কে এল ৰাহুল আৰু শুভমন গিলে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে এই আক্ৰমণক গৰিহণা দিছে ।

ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে নিজৰ ছ’চিয়েল মিডিয়া পোষ্টত এনেদৰে লিখিছে, ‘‘পহলগামত নিৰীহ লোকৰ ওপৰত কৰা সন্ত্ৰাসবাদী আক্ৰমণত মই গভীৰ শোক প্ৰকাশ কৰিছো । মৃতকৰ পৰিয়াললৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলো । নিহতসকলৰ পৰিয়ালে যাতে শান্তি আৰু শক্তি লাভ কৰে আৰু এই নিষ্ঠুৰ কাৰ্যৰ ন্যায় পাওঁক, তাৰেই প্ৰাৰ্থনা ।’’

সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা লোকসকলৰ বাবে বি চি চি আইয়ে শোকপ্ৰকাশ কৰাটো এইয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বে ২০১৯ চনতো বি চি চি আইয়ে পুলৱামা আক্ৰমণৰ পিছত আই পি এলৰ ১২ সংখ্যক ছিজনৰ উদ্বোধনী অনুষ্ঠান বাতিল কৰিছিল আৰু সেই অনুষ্ঠানত ব্যয় কৰিবলগীয়া ধন ভুক্তভোগী পৰিয়ালৰ কল্যাণৰ বাবে দান কৰাৰ সিদ্ধান্ত লৈছিল ।

লগতে পঢ়ক: লক্ষ্ণৌক ৮ উইকেটত পৰাস্ত দিল্লী কেপিটেলছৰ, পইণ্ট তালিকাৰ দ্বিতীয় স্থানত দিল্লী