আহমেদাবাদ : বৰ্তমান আই পি এলৰ উন্মাদনা তুংগত উঠিছে । মঙলবাৰে ২০২৫ বৰ্ষৰ আই পি এলৰ পঞ্চমখন মেচত মঙলবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়মত গুজৰাট টাইটানছে (GT) পঞ্জাব কিংছৰ (PBKS) বিৰুদ্ধে যুঁজিবলৈ সাজু হৈছে । বিগত ছিজনত দুয়োটা দলে ক্ৰমে অষ্টম আৰু নৱম স্থানত অভিযানৰ সামৰণি মাৰিছিল ।
টুৰ্ণামেণ্টৰ অষ্টদশ ছিজনত দুয়োটা দলতে বহুখিনি পৰিৱৰ্তন হৈছে । এই পৰিৱৰ্তনৰ সৈতে দলটোৱে নিজৰ ভাগ্য সলনি কৰাৰ চেষ্টা কৰিব ।
Focused on tomorrow! 🔥#PunjabKings #IPL2025 #PBKSvGT pic.twitter.com/hvZY8gyEWI
— Punjab Kings (@PunjabKingsIPL) March 24, 2025
- গুজৰাট টাইটানছ
গুজৰাট টাইটানছে আই পি এলত চমৎকাৰ আৰম্ভণি কৰিছিল । ২০২২ চনত দলটোৰ প্ৰথম ছিজনতে খিতাপ দখল কৰাৰ লগতে ২০২৩ চনত বিজেতা আছিল । কিন্তু ২০২৪ ছিজনটো অতি হতাশাজনক আছিল । কিন্তু এইবাৰৰ ছিজনত গুজৰাট টাইটানছত জছ বাটলাৰ, গ্লেন ফিলিপছ, কগিছো ৰাবাডা আৰু মহম্মদ চিৰাজৰ দৰে খেলুৱৈৰ আগমনে দলটোক যথেষ্ট শক্তিশালী কৰিছে ।
একেদৰে ৰছিদ খান, শুভমন গিল, সাই সুদৰ্শন, শ্বাহৰুখ খান আৰু ৰাহুল তেৱাতিয়াই দলটো অধিক মজবুত কৰিছে । দলটোৰ অধিনায়কত্ব শুভমন গিলৰ কান্ধত । কিন্তু দলটোৰ মুখ্য দ্বিধা হৈছে বাটলাৰৰ সৈতে গিলক অপেনিং কৰাব নে সাই সুদৰ্শনৰ সৈতে কৰাব ।
POV: You received insider access to the match-day mindset of our Titans! 🧠#AavaDe | #TATAIPL2025 | #GTvPBKS pic.twitter.com/g6jMZgjMEJ
— Gujarat Titans (@gujarat_titans) March 24, 2025
- পঞ্জাব কিংছ
আনহাতে, পঞ্জাব কিংছে ২০১৪ চনৰ পৰা প্লে-অফৰ বাবে কোৱালিফাই কৰা নাই । কিন্তু এই ছিজনত পঞ্জাবে শ্রেয়স আয়াৰৰ ৰূপত নতুন অধিনায়ক আৰু ৰিকি পণ্টিঙৰ ৰূপত নতুন মুখ্য প্ৰশিক্ষক লাভ কৰিছে । পঞ্জাবৰ এই নতুন দলটো এতিয়ালৈকে সকলোতকৈ ভাল পঞ্জাব দল হোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ।
অৱশ্যে শ্রেয়স আয়াৰৰ বাহিৰে বেটিং লাইনআপত স্থানীয় খেলুৱৈৰ মাজত কোনো ডাঙৰ নাম নাই । দলটোক আনকেপড শশাংক সিঙৰ প্ৰয়োজন হ'ব । ইয়াৰ উপৰি জছ ইংলিছ, মাৰ্কাছ ষ্টইনিছ আৰু গ্লেন মেক্সৱেলে নিজৰ সক্ষমতাৰ পৰা মেচ জয় কৰাবলৈ সক্ষম ।
দলটোত কোনো অভিজ্ঞ অপেনিং যুটি নাই । যদি প্ৰভসিমৰণ সিং আৰু প্ৰিয়াংশ আৰ্যই ইনিংছ মুকলি কৰিবলৈ সাজু হয়, তেন্তে তেওঁলোকে লীগৰ সৰ্বনিম্ন অভিজ্ঞতা থকা অপেনিং যুটিৰ ভিতৰত এটি হ'ব । দলটোৰ বলিং আক্ৰমণ বৰ্তমান চমৎকাৰ । ইয়াৰ ভিতৰত আছে অৰ্শদীপ সিং, লকি ফাৰ্গুচন আৰু যুজবেন্দ্ৰ চাহল ।
- পিটচ আৰু বতৰৰ প্ৰতিবেদন
নৰেন্দ্ৰ মোদী ষ্টেডিয়াম বেটছমেনৰ স্বৰ্গ হিচাপে গণ্য কৰা হয় । ইয়াত প্ৰায়ে উচ্চ স্ক'ৰিঙ প্ৰতিযোগিতা হয় । প্ৰথম ইনিংছত গড়ে ২০০ ৰাণলৈকে স্ক'ৰ হয় । আৰম্ভণিতে বেগী বলাৰে পিটচৰ পৰা গতি লাভ কৰা দেখা যায় । কিন্তু খেল আগবঢ়াৰ লগে লগে পিচ ধীৰ হয় আৰু স্পিনাৰৰ সুবিধা হয় ।
One day to go. One goal in mind. ⚡💙#AavaDe | #TATAIPL2025 | #GTvPBKS pic.twitter.com/61RDROyQ9u
— Gujarat Titans (@gujarat_titans) March 24, 2025
বতৰ সম্পূৰ্ণ পৰিষ্কাৰ থাকিব আৰু এখন তীব্ৰ উত্তেজনাপূৰ্ণ মেচ হোৱাৰ সম্ভাৱনা আছে । ইয়াত টছৰ বিশেষ কোনো প্ৰভাৱ নাথাকিব । কাৰণ দুয়োটা দলে নতুন নিয়মৰ বাবে প্ৰথমে ফিল্ডিং কৰিবলৈ বিচাৰিব ।
- নৰেন্দ্র মোদী ষ্টেডিয়ামত প্ৰথমে বলিং কৰা দলটোৰ সপক্ষে ভাল ফলাফল
নৰেন্দ্র মোদী ষ্টেডিয়ামত গুজৰাট টাইটানছে তিনিবাৰ ১৯৯ বা ততোধিক স্ক'ৰ কৰিছে । ইয়াৰে ভিতৰত দুবাৰ পঞ্জাবে এই লক্ষ্য সহজতে অনুসৰণ কৰিছে । আইপিএল ২০২৪ ত আহমেদাবাদত খেলা মুঠ আঠখন মেচৰ ভিতৰত ছয়খনত লক্ষ্য অনুসৰণ কৰা দলসমূহে বিজয় অৰ্জন কৰিছে ।
- GT বনাম PBKS মুখামুখি ৰেকৰ্ড
দুয়োটা দলৰ মাজত এতিয়ালৈকে মুঠ ৫খন মেচ অনুষ্ঠিত হৈছে । ইয়াৰে ভিতৰত পঞ্জাবৰ বিৰুদ্ধে ৩-২ ব্যৱধানত গুজৰাট আগবাঢ়ি আছে । কিন্তু পঞ্জাবে যোৱা বছৰৰ আহমেদাবাদত অনুষ্ঠিত একমাত্ৰ মেচখনত গুজৰাটক পৰাজিত কৰিছিল ।
- GT বনাম PBKS মেচৰ সময়
গুজৰাট টাইটানছ বনাম পঞ্জাব কিংছৰ মাজৰ মেচখন মঙলবাৰে সন্ধিয়া ৭.৩০ বজাত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ।
- সম্ভাৱ্য মূল একাদশ
গুজৰাট টাইটানছ : শুভমন গিল (অধিনায়ক), জছ বাটলাৰ, সাই সুদৰ্শন, শ্বাহৰুখ খান, গ্লেন ফিলিপছ, ৱাশ্বিংটন সুন্দৰ, ৰাহুল তেৱাতিয়া, ৰছিদ খান, কাগিছো ৰাবাডা, প্ৰসিদ্ধ কৃ্ষ্ণা, মহম্মদ চিৰাজ ।
পঞ্জাব কিংছ : প্ৰভসিমৰণ সিং, জছ ইংলিছ (উইকেটৰক্ষক), শ্ৰেয়স আয়াৰ (অধিনায়ক), মাৰ্কছ ষ্টইনিছ, গ্লেন মেক্সৱেল, শশাঙ্ক সিং, নেহাল বধেৰা, মাৰ্ক' জনচন, হৰপ্ৰীত বাৰাড়, অৰ্শদীপ সিং, য়ুজবেন্দ্ৰ চাহল ।