ETV Bharat / sports

টিম ডেভিদ আৰু কায়েৰন পোলাৰ্ডক আচৰণবিধি ভংগ কৰাৰ বাবে জৰিমনা - IPL 2024

MI Vs PBKS: পঞ্জাব কিংছৰ বিৰুদ্ধে খেলখনত আচৰণবিধি ভংগ কৰাৰ বাবে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগে শাস্তি প্ৰদান কৰিছে মুম্বাই ইণ্ডিয়ানছৰ বেটছমেন টিম ডেভিদ আৰু বেটিং প্ৰশিক্ষক কায়েৰন পোলাৰ্ডক। দুয়োজনে লেভেল ১ অপৰাধ সংঘটিত কৰিছিল আৰু ফলত তেওঁলোকৰ এই কাৰ্য্যৰ বাবে জৰিমনা বিহা হৈছিল।

MI Vs PBKS
IPL 2024
author img

By ETV Bharat Assamese Team

Published : April 20, 2024 at 3:41 PM IST

2 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, ২০ এপ্ৰিল: ১৮ এপ্ৰিলত মুলানপুৰৰ পি চি এ নিউ ইণ্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়ামত পঞ্জাব কিংছৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা খেলখনত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আইপিএল) আচৰণবিধি ভংগ কৰাৰ বাবে শাস্তি বিহা হৈছে মুম্বাই ইণ্ডিয়ানছৰ বেটছমেন টিম ডেভিদ আৰু প্ৰশিক্ষক কায়েৰন পোলাৰ্ডক ।

“যোৱা ১৮ এপ্ৰিলত মুলানপুৰৰ পি চি এ নিউ ইণ্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়ামত পঞ্জাব কিংছৰ বিৰুদ্ধে খেলৰ সময়ত আই পি এলৰ আচৰণবিধি ভংগ কৰাৰ বাবে মুম্বাই ইণ্ডিয়ানছৰ বেটছমেন টিম ডেভিদ আৰু বেটিং প্ৰশিক্ষক কায়েৰন পোলাৰ্ডক জৰিমনা বিহা হৈছে ।” এক বিবৃতিযোগে প্ৰকাশ কৰা হৈছে এইদৰে ।

“ডেভিদ আৰু পোলাৰ্ডে আই পি এলৰ আচৰণ বিধিৰ ২.২০ অনুচ্ছেদৰ অধীনত লেভেল ১ অপৰাধ সংঘটিত কৰিছিল । ডেভিদ আৰু পোলাৰ্ডক নিজ নিজ মেচ মাচুলৰ ২০ শতাংশ কৰ্তনেৰে জৰিমনা বিহা হয় । দুয়োজনে অপৰাধ স্বীকাৰ কৰে আৰু মেচ ৰেফাৰীৰ অনুমোদন মানি লয় । আচৰণবিধিৰ স্তৰ ১ উলংঘাৰ বাবে মেচ ৰেফাৰীৰ সিদ্ধান্ত চূড়ান্ত আৰু বাধ্যতামূলক ।”

ছ’চিয়েল মিডিয়াত সূৰ্যকুমাৰ যাদৱক ৰিভিউ ল’বলৈ সহায় কৰা MI ডাগআউটৰ ভাইৰেল ভিডিঅ’ প্ৰকাশ পোৱাৰ পিচতে এই ঘটনা সংঘটিত হৈছে । ভিডিঅ’টোত দেখা গৈছে যে ডেভিদ আৰু পোলাৰ্ডৰ সৈতে MI ৰ সহায়ক কৰ্মচাৰীয়ে পৰ্যালোচনাৰ বিষয়ে সিদ্ধান্ত লোৱাত বেটছমেনক সহায় কৰি আছিল ।

১৫ নং অভাৰত আম্পায়াৰে ৱাইড আউটছাইড অফ ডেলিভাৰীক বৈধ বুলি গণ্য কৰাৰ সময়তে সংঘটিত হয় এই কাণ্ড । অৱশ্যে এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাব নে নাই সেই বিষয়ে দ্বিধাদ্বন্দ্বত ভুগিছিল বেটছমেনগৰাকী । অৱশ্যে MI ৰ মুখ্য প্ৰশিক্ষক মাৰ্ক বাউচাৰে ডাগআউটৰ পৰা ই ৱাইড বুলি ইংগিত দিয়া দেখা গৈছিল । পোলাৰ্ড আৰু ডেভিদে তেওঁক পৰ্যালোচনা কৰিবলৈ আহ্বান জনাইছিল । দুয়োগৰাকী খেলুৱৈয়ে অপৰাধ স্বীকাৰ কৰিছে আৰু তেওঁলোকৰ মেচ মাচুলৰ ২০ শতাংশ জৰিমনা বিহা হৈছে ।

লগতে পঢ়ক: IPL 2024 ৰ পইন্ট টেবুলৰ শীৰ্ষত কোন ? অৰেঞ্জ আৰু পাৰ্পল কেপৰ দৌৰত আছে কোন কোন ? - IPL 2024