ETV Bharat / sports

ভূটানত প্ৰথমখন ইন্টাৰনেচনেল ক্ৰিকেট ষ্টেডিয়াম উদ্বোধন

International Cricket Stadium: ভূটানৰ গেলেফু চহৰত শনিবাৰে দেশখনৰ প্ৰথমখন আন্তৰ্জাতিক ক্ৰিকেট কাউন্সিল চমুকৈ আইচিচিৰ স্বীকৃতিপ্ৰাপ্ত গেলেফু ইন্টাৰনেচনেল ক্ৰিকেট ষ্টেডিয়ামৰ উদ্বোধন কৰা হয় । ভূটানৰ পৰম্পৰাগত নীতি-নিয়মৰ মাজেৰে উদ্বোধন কৰা হয় ষ্টেডিয়ামখন ।

International Cricket Stadium inaugurated in Bhutan
ভূটানত ইন্টাৰনেচনেল ক্ৰিকেট ষ্টেডিয়াম উদ্বোধন
author img

By ETV Bharat Assamese Team

Published : February 18, 2024 at 10:42 AM IST

|

Updated : February 18, 2024 at 11:01 AM IST

2 Min Read
Choose ETV Bharat
ভূটানত ইন্টাৰনেচনেল ক্ৰিকেট ষ্টেডিয়াম উদ্বোধন

চিৰাং,১৮ ফেব্ৰুৱাৰী: সুখী মানুহৰ দেশ ভূটানৰ গেলেফু চহৰত শনিবাৰে দেশখনৰ প্ৰথমখন আন্তৰ্জাতিক ক্ৰিকেট কাউন্সিল চমুকৈ আইচিচিৰ স্বীকৃতিপ্ৰাপ্ত গেলেফু ইন্টাৰনেচনেল ক্ৰিকেট ষ্টেডিয়ামৰ উদ্বোধন কৰা হয় । চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ যুৱৰাজ তথা ভূটান অলিম্পিক সন্থাৰ সভাপতি জিগেল ওগিয়েন ওৱানচুক আৰু ইন্টাৰনেচনেল ক্ৰিকেট কাউন্সিলৰ ডেপুটী চেয়াৰমেন ইমৰান হামিদ খাজাই ভূটানৰ পৰম্পৰাগত নীতি-নিয়মৰ মাজেৰে প্ৰথমখন ইন্টাৰনেচনেল ক্ৰিকেট কাউন্সিল চমুকৈ আইচিচি ৰ স্বীকৃতিপ্ৰাপ্ত গেলেফু ইন্টাৰনেচনেল ক্ৰিকেট ষ্টেডিয়ামখন উদ্বোধন কৰে ।

এই উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, আইচিচিৰ ডেভেলপমেন্ট জেনেৰেল মেনেজাৰ উইলিয়াম কেম্পবেল গ্লীনৰাইট, আইচিচিৰ ডেভেলপমেন্ট মেনেজাৰ (এচিয়া) মোঃ আমিনুল ইছলাম, ভূটানৰ ভাৰতীয় ৰাষ্ট্ৰদূত নীতিন ওয়েলাসহ বহু আমন্ত্ৰিত অতিথিসকল । আনুষ্ঠানিক উদ্বোধনৰ পিছত ক্ৰিকেট গ্ৰাউণ্ডত ভূটানৰ যুৱৰাজ তথা ভূটান অলিম্পিক সন্থাৰ সভাপতি জিগেল ওগিয়েন ওৱানচুক, আইচিচিৰ হৈ ডেপুটী চেয়াৰমেন ইমৰান হামিদ খাজা, বিটিচি প্ৰধান প্ৰমোদ বড়োসহ আইচিচিৰ অন্যান্য প্ৰতিনিধি সকলে হাতত বেট লৈ নৱনিৰ্মিত ক্ৰিকেট গ্ৰাউণ্ডত ক্ৰিকেট খেলৰ আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰে ।

উল্লেখ্য যে বিগত ২০০২ চনৰ পৰা ভূটান আইচিচিৰ সদস্য হয় । প্ৰাৰম্ভিক অৱস্থাত ভূটানে ক্ৰিকেট খেলত বিশেষ সফলতা অৰ্জন কৰিব পৰা নাছিল যদিও যোৱা পাঁচ বছৰ ধৰি ভূটানে ক্ৰিকেটৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিছে বুলি মন্তব্য কৰে আইচিচিৰ এচিয়াৰ ডেভেলপমেন্ট মেনেজাৰ আমিনুল ইছলামে । এই সন্দৰ্ভত মন্তব্য আগবঢ়ায় আইচিচিৰ ডেপুটী চেয়াৰমেন ইমৰান হামিদ খাউয়াজাই আৰু আইচিচিৰ ডেভেলপমেন্ট জেনেৰেল মেনেজাৰ উইলিয়াম কেম্পবেল গ্লীনৰাইট ।

প্ৰমোদ বড়োৱে ভূটানৰ সৈতে ভাৰত চৰকাৰ তথা অসম আৰু বিটিআৰ প্ৰশাসনৰ সৰ্ম্পকৰ কথা উল্লেখ কৰে । উক্ত উদ্বোধনী অনুষ্ঠাত ভূটানৰ যুৱৰাজ জিগেল ওগিয়েন ওৱানচুকে আজি উদ্বোধনী খেল হিচাপে ভাৰতৰ ১৯ অনুৰ্ধ ক্ৰিকেট দল আৰু ভূটান ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হ’বলগা ইন্দো-ভূটান ফ্ৰেইণ্ডশ্বিপ ক্ৰিকেট প্ৰতিযোগিতাৰ ট্ৰফী উন্মোচন কৰে ।

লগতে পঢ়ক: খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় মহাৰণ 2023: উদ্বোধনী অনুষ্ঠানত চমক প্ৰদৰ্শন কৰিবলৈ সাজু পাপন

Last Updated : February 18, 2024 at 11:01 AM IST