ETV Bharat / sports

ৰাজ্য়ৰ প্ৰথমগৰাকী অৰ্জুন বঁটা বিজয়ীলৈ যথোচিত সন্মান চৰকাৰৰ, সলনি হ’ল ইন্দিৰা গান্ধী ষ্টেডিয়ামৰ নাম

অসম সন্তান তথা ৰাজ্যৰ প্ৰথমগৰাকী অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ ৮৬ সংখ্যক জন্মদিন উপলক্ষে পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস ।

abhiruchi sports day 2025
অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 4, 2025 at 10:41 AM IST

|

Updated : September 4, 2025 at 11:30 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: সলনি হ’ল সৰুসজাইস্থিত ইন্দিৰা গান্ধী ষ্টেডিয়ামৰ নাম । এতিয়াৰে পৰা ইন্দিৰা গান্ধী ষ্টেডিয়ামক জনা যাব অৰ্জুন ভোগেশ্বৰ বৰুৱা স্প’ৰ্টছ কমপ্লেক্স হিচাপে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অৰ্জুন ভোগেশ্বৰ বৰুৱাই স্প’ৰ্টছ কমপ্লেক্সটোৰ মূল তোৰণখন ফিটা কাটি উদ্বোধন কৰে ।

বিশিষ্ট ক্ৰীড়াবিদগৰাকীৰ লগতে এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোচা, হিমা দাস, সৰ্বানন্দ সোণোৱালৰ উপৰিও পেৰিছ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী তাৰকা শ্বুটাৰ মনু ভাকৰ ৷

ৰাজ্যজুৰি বুধবাৰে পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস (ETV Bharat Assam)

অনুষ্ঠানটোত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, ‘‘আজি আমি সৰুসজাই ক্ৰীড়া প্ৰকল্পটো ভোগেশ্বৰ বৰুৱাৰ নামেৰে নামাংকৃত কৰিছো । অসমত বহুতো প্ৰবাদপ্ৰতীম পুৰুষৰ জন্ম হৈছে । কিন্তু জীৱিত কালত তেওঁলোকক যেনেকৈ সন্মান জনাব লাগিছিল, আমি তেনেকৈ সন্মান জনাব পৰা নাছিলো । ভাৰতৰত্ন ভূপেন হাজৰিকাও ইয়াৰ ব্যতিক্ৰম নহয় । ৰাজ্য চৰকাৰে সেয়েহে এক ঐতিহাসিক সিদ্ধান্ত লৈছিল যে ভোগেশ্বৰ বৰুৱা জীয়াই থাকোতে তেখেতৰ নাম জীয়াই ৰখাৰ প্ৰচেষ্টা ল’ম । তেখেতে যাতে তাক নিজ চকুৰে দেখি যাব পাৰে ।’’

‘‘আমি আজি এই কাম কৰিবলৈ পাই আনন্দিত হৈছো । লগতে আজি অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে ৰাষ্ট্ৰীয় খেলত বঁটা লাভ কৰা খেলুৱৈসকলক চৰকাৰী চাকৰি আৰু ২০২৫ বৰ্ষৰ সুব্ৰত কাপ বিজয়ী ছোৱালী দলটোক সম্বৰ্ধনা জনোৱা হয় ।’’ ড৹ শৰ্মাই কয় ৷

ABHIRUCHI SPORTS DAY 2025
মুখ্যমন্ত্ৰী আৰু ক্ৰীড়া মন্ত্ৰীৰ সৈতে অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱা (ETV Bharat Assam)

অনুষ্ঠানটোত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জীৱনৰ আধাৰত নিৰ্মিত এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয় । লগতে ২০২৪-২৫ বৰ্ষৰ ৰাজ্যিক ক্ৰীড়া বঁটা প্ৰদান আৰু ২৫-২৬ বৰ্ষৰ ক্ৰীড়া বঁটাপ্ৰাপকসকলৰ নামো ঘোষণা কৰা হয় । অনুষ্ঠানত অভিষেক বি গগৈ, মহম্মদ ইকবাল আহমেদক ১০ হাজাৰকৈ টকাকৈ নিয়মীয়া ক্ৰীড়া পেঞ্চন প্ৰদান কৰা হয় । এতিয়াৰে পৰা প্ৰতিমাহে খেলুৱৈ দুগৰাকীয়ে এই পেঞ্চন লাভ কৰিব ৷ আনহাতে, এককালীন পেঞ্চন হিচাপে ৫০ হাজাৰ টকা লাভ কৰে কৌশিক থাপ্পাই ।

উল্লেখ্য যে, বুধবাৰে ৰাজ্যজুৰি পালন কৰা হৈছিল ৪২ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস । অসম সন্তান তথা ৰাজ্যৰ প্ৰথমগৰাকী অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ ৮৬ সংখ্যক জন্মদিন উপলক্ষে এই দিৱস পালন কৰা হয় ।

ABHIRUCHI SPORTS DAY 2025
ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰৰ তোৰণ (ETV Bharat Assam)

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পটো বুধবাৰে ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগৰ উদ্যোগত উদযাপন কৰা হৈছে অভিৰুচি ক্ৰীড়া দিৱস । এই দিৱসৰ লগত সংগতি ৰাখিয়েই গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়াম অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত উৎসৰ্গা কৰে ৰাজ্য চৰকাৰে ।

ABHIRUCHI SPORTS DAY 2025
অৰ্জুন ভোগেশ্বৰ বৰুৱাই স্প’ৰ্টছ কমপ্লেক্সটোৰ মূল তোৰণখন ফিটা কাটি উদ্বোধন কৰে (ETV Bharat Assam)
লগতে পঢ়ক: ৭হাজাৰ ২০০কোটি টকা ব্যায় সাপেক্ষে নুমলীগড়ত নিৰ্মাণ ভাৰতবৰ্ষৰ প্ৰথমখন বায়’ ৰিফাইনেৰী
Last Updated : September 4, 2025 at 11:30 AM IST