অবাৰ্নডেল (আমেৰিকা): ২০২৮ ৰ লছ এঞ্জেলছ অলিম্পিকত আৰ্চাৰীক অন্তৰ্ভুক্ত কৰাৰ কিছুদিন পিছতে ভাৰতৰ জ্যোতি সুৰেখা ভেন্নাম আৰু ঋষভ যাদৱৰ দলে লাভ কৰে স্বৰ্ণপদক ৷
শনিবাৰে আমেৰিকাৰ ফ্ল'ৰিডাত ২০২৫ আৰ্চাৰী বিশ্বকাপ ষ্টেজ ১ ত কম্পাউণ্ড মিক্সড টীম প্ৰতিযোগিতাত সোণৰ পদক জিকে ভাৰতীয় দলটোৱে । ২০২৫ চনৰ আৰ্চাৰী বিশ্বকাপৰ এইখন আছিল প্ৰথমখন কম্পাউণ্ড মিক্সড টীম মেডেল মেচ ৷
BREAKING: Just days after Compound Mixed Team Archery was added to Los Angeles 2028 Olympics, India clinch GOLD at Archery World Cup in Florida! 🔥🔥🔥
— India_AllSports (@India_AllSports) April 12, 2025
Jyothi Vennam & Rishabh Yadav edge past Taiwan 153-151 in the Compound Mixed Team Final.
📸 @worldarchery #Archery #LA28 pic.twitter.com/QKBLHYrhs3
শনিবাৰে পুৱা চীনৰ টাইপেইৰ হুয়াং আই-জৌ আৰু চেন চিয়েন-লুনৰ যুটিক ১৫৩-১৫১ ত পৰাস্ত কৰে ভাৰতীয় দলটোৱে । প্রাক্তন বিশ্বকাপ বিজয়ী জ্যোতি সুৰেখা আৰু ঋষভৰ যুটিটোৱে প্রথম এণ্ডত হেৰুৱাই যদিও পৰৱৰ্তী এণ্ডত ঘটায় প্ৰত্যাৱৰ্তন ৷
প্রতিজন ধনুৰ্বিদে ২ টা কাঁড় মাৰিছিল (মিক্সড ডাবলছৰ ক্ষেত্ৰত মুঠ ৪ টা) ৷ ৩৭-৩৮ ত দুটা ৯ আৰু দুটা ১০ লাভ কৰিবলৈ সক্ষম হয় ভাৰতীয় যুটিটো । তেওঁলোকৰ প্ৰতিদ্বন্দ্বীয়ে ৯ আৰু ভিতৰৰ ১০ টা বৃত্ত দুটাত (X) কাঁড় মাৰে ।
দ্বিতীয় এণ্ডত ৩৮-৩৯ ত পৰাস্ত হৈ ভাৰতীয় দলটোৱে সামগ্ৰিকভাৱে ৭৫-৭৭ ত পিছ পৰি আছিল ৷ চীনা টাইপেই যুটিটোৱে এক্স, ১০, ১০, এক্স শ্বট মাৰি শেষত জয়লাভ কৰে ।
তৃতীয় এণ্ডৰ অন্তত ভাৰতীয় খেলুৱৈ জ্যোতি আৰু ঋষভ যুটিয়ে চীনৰ টাইপেই যুটিক ৩৯-৩৮ত পৰাস্ত কৰি ব্যৱধান ১১৩-১১৫ লৈ হ্ৰাস কৰে । চতুৰ্থ আৰু অন্তিম এণ্ডৰ শেষত ভাৰতীয় দলটোৱে ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন কৰি ৯,১০,১০,X, ৯,১০ পইণ্ট সংগ্ৰহ কৰে ।
India's🇮🇳 first ever #Gold🥇of #Archery🏹 World Cup Stage 1, 2025 is here!! Make way for our golden duo, Jyothi & Rishabh🥳🫡
— SAI Media (@Media_SAI) April 12, 2025
The duo just shot their way to glory with a 153-151 win over Chinese Taipei in the Compound Mixed Team final event💪#WorldCup #IndianArchery #Finale… pic.twitter.com/QwmiOpgeGq
চীনা টাইপেই যুটিটোৱে মাত্ৰ ৯, ৯, ৮, এক্স স্ক’ৰ কৰিব পৰাৰ বিপৰীতে ভাৰতীয় দলটোৱে শেষত ৩৯-৩৬ ত জয়লাভ কৰি ১৫৩-১৫১ ত সোণৰ পদকৰ মেচখনত জয়লাভ কৰি কম্পাউণ্ড আৰ্চাৰীত নিজৰ আধিপত্য বিস্তাৰ কৰে ।
ছেমি ফাইনেলত জ্যোতি সুৰেখা ভেন্নাম আৰু ঋষভ যাদৱেও ব্যতিক্ৰমী প্ৰদৰ্শন আগবঢ়ায় । ভাৰতীয় যুটিটোৱে স্পেইন আৰু ডেনমাৰ্কৰ বিৰুদ্ধে ১৫৬ ৰ স্ক’ৰ কোবায়, য’ত ইন্দোৰ ৱৰ্ল্ড ছিৰিজৰ চেম্পিয়ন টাঞ্জা গেলেন্থিয়েন আৰু বিশ্বৰ দ্বিতীয় নম্বৰৰ মাথিয়াছ ফুলাৰ্টনে অংশগ্ৰহণ কৰে আৰু তাৰ পিছত শ্ল’ভেনিয়াৰ বিৰুদ্ধে ছেমি ফাইনেলত অবিশ্বাস্য ১৫৯ ৰানৰ স্ক’ৰ সংগ্ৰহ কৰে, যিটো নিখুঁত স্ক’ৰৰ মাত্ৰ এটা কম ।
লগতে পঢ়ক: এছিয়া মাষ্টাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিপ: আপুনিও কৰিব পাৰিব অংশগ্ৰহণ