ক্ৰমাগত অষ্টমটো পৰাজয়ৰ পিছত FIH প্ৰ’ লীগৰ পৰা বাহিৰ ভাৰত
শেহতীয়া এখন মেচত ভাৰতীয় মহিলা হকী দলটোৱে ২-৩ গ’লত চীনৰ বিৰুদ্ধে মুখথেকেচা খায় ৷

Published : June 30, 2025 at 3:13 PM IST
নতুন দিল্লী: এফ আই এইচ প্ৰ’ লীগ ২০২৪-২৫ ত অভিযানৰ সামৰণি ভাৰতৰ ৷ দেওবাৰে বাৰ্লিনত অনুষ্ঠিত এখন মেচত ভাৰতীয় মহিলা হকী দলটোৱে চীনৰ বিৰুদ্ধে ৩-২ গ’লত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয় ৷
একেৰাহে অষ্টমবাৰৰ বাবে পৰাজিত হোৱাৰ ফলত দলটো প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হয় ৷ পূৰ্বে পইণ্ট তালিকাৰ নৱম স্থানত থকা ভাৰত এই পৰাজয়ৰ পিছত তালিকাৰ নিম্নস্থানলৈ অৱনমিত হয় ৷
১৬ খন খেলৰ পৰা মাত্ৰ ১০ পইণ্ট সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা ভাৰত সম্প্ৰতি পইণ্ট তালিকাৰ শেষৰ স্থানত আছে ।
Women's Hockey: A DISMAL end to India’s FIH Pro League campaign!
— India_AllSports (@India_AllSports) June 29, 2025
An 8th consecutive defeat for India, this time 2-3 vs China, seals last place and relegation to the FIH Nations Cup next season 😐 #Hockey #FIHProLeague pic.twitter.com/Ahg1B2RXmC
দ্বিতীয় স্তৰৰ লীগলৈ ৰেলিগেট
প্ৰতিযোগিতাখনত শেষৰটো স্থান দখল কৰাৰ পিছত এতিয়া ভাৰতে হকীৰ বিশ্ব শাসক সংস্থাই আয়োজন কৰা দ্বিতীয় স্তৰৰ প্ৰতিযোগিতা এফ আই এইচ নেশ্যনছ কাপত অংশগ্ৰহণ কৰিব ।
ইংলেণ্ডক ৪-২ গ’লত জাৰ্মানীয়ে পৰাস্ত কৰাৰ সময়তে ভাৰতে প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হোৱাটো নিশ্চিত হৈ পৰিছিল ৷
এই ফলাফলৰ ফলত প্ৰতিযোগিতাত বৰ্তি থকাৰ ক্ষেত্ৰত ভাৰতৰ সকলো সম্ভাৱনা শেষ হৈ যায় আৰু দলটোৰ হাতত ইয়াৰ বাবে নাছিল কোনো বিকল্প ৷
𝐅𝐮𝐥𝐥 𝐓𝐢𝐦𝐞: 𝐈𝐧𝐝𝐢𝐚 𝟐 - 𝟑 𝐂𝐡𝐢𝐧𝐚
— International Hockey Federation (@FIH_Hockey) June 29, 2025
Ying Zhang's brace helps China defeat India for the second time in two days at the FIH Hockey Pro League.
With this defeat, India concludes the #FIHProLeague 2024-25 season in ninth position and will be relegated to the FIH… pic.twitter.com/BUv8h9z6cR
ভাৰতে ২০২২ চনত এফ আই এইচ নেশ্যনছ কাপ জয় কৰি প্ৰ’ লীগলৈ উন্নীতকৰণ নিশ্চিত কৰিছিল, য’ত ফাইনেলত স্পেইনক ১-০ গ’লত পৰাস্ত কৰিছিল দলটোৱে । দলটোৱে ২০২৩-২৪ সংস্কৰণত অভিষেক ঘটায়, য’ত ভাৰতে ৰেংকিঙত শেষৰটো স্থান দখল কৰে ৷
ভাৰতক ৩-২ গ’লত পৰাস্ত কৰে চীনে
এই খেলখনত ভাৰতৰ হৈ গ’ল দিয়ে সুনেলিতা টপ্পা (৯’) আৰু ৰুতুজা দাদাসো পিছালে (৩৮’) । পেনাল্টি কৰ্ণাৰৰ জৰিয়তে চীনৰ হৈ জাং য়িঙে খেলখনৰ ১৯ আৰু ৩৯ মিনিটত দুটাকৈ গ’ল দিয়ে । জু ৱেনিউৱে চীনৰ দলটোৰ হৈ বিজয়ী গ’লটো দিয়ে ।
দুয়োটা দলৰে আৰম্ভণিটো দুৰ্বল আছিল যদিও জাং য়িঙেৰ জৰিয়তে চীনে প্ৰথমটো গ’ল প্ৰদানৰ সুযোগ লাভ কৰে । অতি সোনকালেই ভাৰতে নিজৰ ছন্দ বিচাৰি পাই আৰু নেহা গোৱালৰ পাছত ৰিভাৰ্ছ হিটৰ পৰা সুযোগ বুজি সুনীতা টপ্পোৱে গ’ল দিয়ে । ইয়াৰ পিছত চীনে একেৰাহে কিছু পেনাল্টি কৰ্ণাৰ লাভ কৰিছিল যদিও ভাৰতে প্ৰতিপক্ষক গ’ল প্ৰদানত ব্যৰ্থ কৰবলৈ সক্ষম হয় ৷
Our last match of the FIH Pro League 2024-25 ends in a narrow loss.
— Hockey India (@TheHockeyIndia) June 29, 2025
Our Indian Women’s Hockey Team fought with heart, took the lead early, and battled till the end, but China edged ahead.
Every match was a lesson. Every challenge made us better.
We will come back stronger. 💪🏻… pic.twitter.com/kWmU0vPjia
কিন্তু কিছু মিনিটৰ পাছত মনীষা চৌহানৰ ভুলৰ ফলত ৰেফাৰীয়ে চীনক পেনাল্টি ষ্ট্ৰ’ক প্ৰদান কৰে । কিন্তু ভাৰতে ৰেফাৰেল লোৱাৰ পিছতে এই সিদ্ধান্ত বাতিল কৰা হয় ।
খেলখনৰ হাফটাইমৰ ঠিক আগতে জাং য়িঙে আন এটা পেনাল্টি কৰ্ণাৰত গ’ল দি চীনক ২-১ ৰ অগ্ৰগতি প্ৰদান কৰে ।
৩৭ মিনিটত পেনাল্টি কৰ্ণাৰত নৱনীত কৌৰৰ ভেৰিয়েচন গ’ল দি ৰুতুজাই খেলখনত সমতা স্থাপন কৰে ৷ খেলখনৰ অন্তিম পৰ্যায়ত চীনে আধিপত্য বিস্তাৰ কৰিছিল আৰু ৫৩ মিনিটত মেচখনৰ নিৰ্ণায়ক মুহূৰ্তটো আহিছিল ৷ সেই সময়ত চীনে লাভ কৰিছিল আন এটা পেনাল্টি কৰ্ণাৰ ৷
লগতে পঢ়ক: স্মৃতি মন্ধানাৰ ইতিহাস, ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ প্ৰথমটো শতক অৰ্জন

