'এদিনীয়া ক্ৰিকেটৰ পৰা মই অৱসৰ...' চেম্পিয়নছ ট্ৰফী জয় কৰাৰ পিছত ৰোহিত শৰ্মা
ভাৰতৰ চেম্পিয়নছ ট্ৰফী ২০২৫ জয়ৰ পিছতে ৰোহিত শৰ্মাই এদিনীয়াৰ পৰা তেওঁ অৱসৰৰ সন্দৰ্ভত চলি থকা সকলো জল্পনা-কল্পনাৰ অন্ত পেলায় ।

Published : March 10, 2025 at 11:22 AM IST
হায়দৰাবাদ: ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় ক্ৰিকেট দলে চেম্পিয়নছ ট্ৰফী ২০২৫ খিতাপ দখল কৰিছে । এই জয়ৰ পাছত ভাৰতীয় অধিনায়ক ৰোহিতে ৫০ অভাৰৰ ফৰ্মেটৰ পৰা অৱসৰ লোৱা নাই বুলি কয় ।
নিউজীলেণ্ডক পৰাস্ত কৰি ভাৰতৰ খিতাপ দখল: ৯ মাৰ্চ দেওবাৰে ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ফাইনেলত ভাৰতে নিউজীলেণ্ডৰ বিৰুদ্ধে ৪ উইকেটত ৰোমাঞ্চকৰ জয়লাভ কৰে । এয়া ভাৰতৰ অভিলেখসংখ্যক তৃতীয়টো চেম্পিয়নছ ট্ৰফী খিতাপ, যিটো যিকোনো দলে অৰ্জন কৰা সৰ্বাধিক জয় । যোৱা বছৰ বাৰ্বাডোছত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপ ৰোহিত শৰ্মাৰ নেতৃত্বত জয়লাভ কৰাৰ পিছত ভাৰতে দ্বিতীয়বাৰৰ বাবে আই চি চি টুৰ্ণামেণ্টত জয়লাভ কৰিছে ।

অৱসৰ সন্দৰ্ভত ৰোহিত শৰ্মাৰ বক্তব্য
মুম্বাইৰ বাসিন্দা ৰোহিতে তেওঁৰ নেতৃত্বত ভাৰতে একেৰাহে দ্বিতীয়বাৰৰ বাবে আই চি চি খিতাপ দখল কৰাৰ পিছত সংবাদমেলত কয়, "আৰু এটা কথা স্পষ্ট কৰি দিওঁ । মই এই ফৰ্মেট (এদিনীয়া)ৰ পৰা অৱসৰ ল’বলৈ যোৱা নাই, মই মাত্ৰ এই কথা কৈছো যাতে আৰু কোনো উৰাবাতৰি নোলায় ।"
AN IMPORTANT UPDATE FROM ROHIT! 😁#ChampionsTrophyOnJioStar #RohitSharma #ChampionsTrophy2025 pic.twitter.com/6cMNsCFPAi
— Star Sports (@StarSportsIndia) March 9, 2025
ৰোহিত ধোনীৰ পিছত ভাৰতৰ সফল অধিনায়ক
আই চি চি ইভেণ্টত জয়ী হোৱাৰ ক্ষেত্ৰত এম এছ ধোনীৰ পিছতে ভাৰতৰ দ্বিতীয় সফল অধিনায়ক হিচাপে পৰিগণিত হৈছে ৰোহিত । এম এছ ধোনীয়ে ২০১১ চনৰ এদিনীয়া বিশ্বকাপ, ২০০৭ চনৰ টি-২০ বিশ্বকাপ আৰু চেম্পিয়নছ ট্ৰফী ২০১৩ত জয়ী হোৱাৰ বিপৰীতে ৰোহিতে টি-২০ বিশ্বকাপ আৰু চেম্পিয়নছ ট্ৰফী খিতাপ দখল কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে সৌৰভ গাংগুলী আৰু কপিল দেৱে ক্ৰমে ২০০২ চনৰ চেম্পিয়নছ ট্ৰফী আৰু ১৯৮৩ চনৰ বিশ্বকাপ জয় কৰিছিল ।
Captain Rohit Sharma, you beauty 🫶🫶#TeamIndia | @ImRo45 pic.twitter.com/2msN04Alfx
— BCCI (@BCCI) March 9, 2025
ফাইনেলত ৰোহিতে লাভ কৰে প্লেয়াৰ অৱ দ্য মেচৰ বঁটা
ফাইনেলত ৰোহিতে মেন অৱ দ্য মেচৰ বঁটা লাভ কৰে । ফাইনেলৰ নিশা নিউজীলেণ্ডে নিৰ্ধাৰণ কৰি দিয়া ২৫২ ৰাণৰ লক্ষ্য অনুসৰণ কৰি তেওঁ ৮৩টা বলত গড়ে ৯১.৫৬ ত ৭৬ ৰাণৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলিছিল ৷ তেওঁৰ ইনিংছত আছিল ৭টা চাৰি আৰু ৩টা ছয় ।
২০২৪ চনত ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপত ভাৰতে জয়লাভ কৰাৰ পাছতে খেলখনৰ আটাইতকৈ চুটি ফৰ্মেটৰ পৰা ৰোহিত শৰ্মাই অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল । তেওঁ টি-২০ ক্ৰিকেটত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী আৰু ছয় হিটাৰ হিচাপে নিজৰ কেৰিয়াৰৰ পৰা বিদায় লয় ।
২০২৭ চনৰ বিশ্বকাপলৈ খেলিব পাৰিব ৰোহিতে
ইটিভি ভাৰতে ৰোহিতৰ শৈশৱৰ প্ৰশিক্ষক দীনেশ লাডৰ উদ্ধৃতি দি কয় যে আগ্ৰাসী সোঁহাতৰ বেটছমেনগৰাকীয়ে ২০২৭ চনৰ এদিনীয়া বিশ্বকাপলৈকে খেলিব পাৰিব । ৰোহিত যে তেওঁৰ প্ৰজন্মৰ শ্ৰেষ্ঠ বেটছমেন আৰু ফৰ্মত থাকিলে বিপক্ষৰ বলাৰক ছিন্নভিন্ন কৰি পেলায় তাত কোনো সন্দেহ নাই । ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত ৰোহিতে ৭৬ ৰাণৰ ইনিংছ খেলি দলটোৰ জয়ৰ ভেটি স্থাপন কৰিছিল ।
The glistening silverware cabinet gets one more addition 🏆
— BCCI (@BCCI) March 9, 2025
Captain @ImRo45 makes India proud again!
Jai Hind 🇮🇳 pic.twitter.com/CfALSNMQYE
৩৭ বছৰীয়া ৰোহিতৰ কেইবাটাও অভিলেখ আছে, য’ত এদিনীয়াত সৰ্বাধিক ব্যক্তিগত স্ক’ৰ ২৬৪ ৰাণ অন্তৰ্ভূক্ত । ২০০৭ চনত বেলফাষ্টত আয়াৰলেণ্ডৰ বিৰুদ্ধে অভিষেক ঘটোৱাৰ পিছত তেওঁ বৰ্তমানলৈ ২৭৩খন এদিনীয়াত ১১,১৬৮ ৰাণ সংগ্ৰহ কৰিছে । ভাৰতীয় ক্ৰিকেটৰ সফল অধিনায়কৰ অন্যতম ৰোহিত শৰ্মা ।

