ETV Bharat / sports

দেশৰ পৰিস্থিতি ভাল নহয়: আই পি এলৰ বাকী থকা সকলো খেল বাতিল

অনিৰ্দিষ্টকালৰ বাবে স্থগিত ৰখা হৈছে আই পি এলৰ মেচ । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী সিদ্ধান্ত ল'ব বি চি চি আয়ে ।

IPL 2025 suspended for an indefinite period
অনিৰ্দিষ্টকালৰ বাবে বাতিল আই পি এল (IANS)
author img

By ETV Bharat Assamese Team

Published : May 9, 2025 at 1:31 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা সংঘাতৰ মাজতে ক্ৰিকেটপ্ৰেমীৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ । দুয়োখন ৰাষ্ট্ৰৰ সেনাৰ সংঘৰ্ষৰ মাজতে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অনিৰ্দিষ্টকালৰ বাবে বাতিল কৰা হৈছে । ফ্ৰেঞ্চাইজি ক্ৰিকেটৰ এই বৃহৎ প্ৰতিযোগিতাৰ ভৱিষ্যতক লৈ অনিশ্চয়তা চলি থকাৰ মাজতে বি চি চি আয়ে এই খবৰ নিশ্চিত কৰিছে । বি চি চি আইৰ এগৰাকী বিষয়াই ই টিভি ভাৰতক কয়, "এনে পৰিস্থিতিত প্ৰতিযোগিতা অনুষ্ঠিত কৰাটো উচিত নহয় । অহা কেইটামান দিনত পৰিস্থিতিবোৰ কি হয় চাওঁ, তেতিয়া আমি পৰিকল্পনা কৰিম ।"

২২ এপ্ৰিলত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা ভাৰত আৰু পাকিস্তানৰ কূটনৈতিক সম্পৰ্ক অধিক অৱনতি হৈছিল । এই আক্ৰমণৰ প্ৰতিশোধস্বৰূপে ভাৰতে শেহতীয়াকৈ অপাৰেশ্যন সেন্দূৰৰ অধীনত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত থকা সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ কৰিছে । লগে লগে দুয়োখন দেশৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে । পাকিস্তানী সেনাই নিৰন্তৰভাৱে সীমান্তৰ ৰাজ্যসমূহৰ সাধাৰণ এলেকাত অপ্ৰৰোচিত গুলীবৰ্ষণ অব্যাহত ৰাখিছে । এনে পৰিস্থিতিত পঞ্জাৱৰ সীমান্তৰ জিলাসমূহ ক্ৰমে পাঠানকোট, আমৃতসৰ, জলন্ধৰ, হোচিয়াৰপুৰ, মোহালী আৰু কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডীগড়ত ব্লেক আউট বলবৎ কৰা হৈছে । বিমান আক্ৰমণৰ সংকেত আৰু জম্মুত ধাৰাবাহিক বিস্ফোৰণৰ দৰে শব্দৰ খবৰ পোৱা গৈছে ।

ইফালে বৃহস্পতিবাৰে পঞ্জাৱ কিংছ আৰু দিল্লী কেপিটেলছৰ মাজত চলি থকা মেচখন আধাতে বন্ধ কৰি দিয়া হৈছিল । দৰ্শকসকলক ষ্টেডিয়াম ত্যাগ কৰিবলৈ অনুৰোধ জনোৱা হৈছিল । অৱশ্যে ইয়াৰ কাৰণ এতিয়া অস্পষ্ট হৈ আছে । ইয়াৰ পূৰ্বে পাকিস্তানত চলি থকা পাকিস্তান প্ৰিমিয়াৰ লীগো স্থানান্তৰ কৰা হৈছে । ৰাৱালপিণ্ডি ষ্টেডিয়ামত মিছাইলে আঘাত কৰাৰ পিছতে প্ৰতিযোগিতাখন ইউ এ ইলৈ স্থানান্তৰ কৰা হয় ।

সূত্ৰৰ মতে দুয়োখন ৰাষ্ট্ৰৰ মাজত চলি থকা এই সংঘাতৰ বাবে বিদেশী খেলুৱৈসকলৰ মাজত উদ্বেগ বৃদ্ধি পাইছে । এনে পৰিস্থিতিত অহা কিছুদিনৰ ভিতৰতে বিদেশী খেলুৱৈসকলে স্বদেশলৈ উভতি যোৱাৰ আগ্ৰহ প্ৰকাশ কৰিছে । মেগা নিলামত ১০ টা ফ্ৰেঞ্চাইজিৰ সৈতে প্ৰায় ৬২ গৰাকী বিদেশী খেলুৱৈ চুক্তিবদ্ধ হৈছিল । ১২ খন লীগ মেচ আৰু ৪ খন নকআউট মেচসহ কলকাতাত চূড়ান্ত খেল হ'বলৈ এতিয়াও বাকী আছে । এনে সময়তে এই বৃহৎ প্ৰতিযোগিতাৰ খেলবোৰ বাতিল কৰা হৈছে । অৱশ্যে শীঘ্ৰে এই প্ৰতিযোগিতা পুনৰ আৰম্ভ হ'ব বুলি দৰ্শকসকলে আগ্ৰহেৰে ৰৈ আছে ।

লগতে পঢ়ক :পাকিস্তান ছুপাৰ লীগৰ পৰৱৰ্তী মেচবোৰ ইউ এ ইলৈ স্থানান্তৰ - PSL SHIFTED TO UAE