ETV Bharat / sports

পেৰিছ ডায়মণ্ড লীগৰ শীৰ্ষ স্থানত নীৰজ চোপ্ৰা

পেৰিছ ডায়মণ্ড লীগ ২০২৫ত এণ্ডাৰছন পিটাৰ্ছ আৰু জুলিয়ান ৱেবাৰৰ দৰে খেলুৱৈক অতিক্ৰম কৰি উজলিল ভাৰতৰ তাৰকা জেভলিন থ্ৰ'ৱাৰ ।

Neeraj Chopra
পেৰিছ ডায়মণ্ড লীগৰ শীৰ্ষ স্থানত নীৰজ চোপ্ৰা (PTI)
author img

By ETV Bharat Assamese Team

Published : June 21, 2025 at 2:19 PM IST

2 Min Read
Choose ETV Bharat

পেৰিছ : আন এক ইতিহাস ৰচিলে ভাৰতীয় জেভলিন থ্ৰ'ৱাৰ অলিম্পিক বিজয়ী নীৰজ চোপ্ৰাই । দুবাৰকৈ অলিম্পিকত পদক লাভ কৰা নীৰজ চোপ্ৰা এইবাৰ ২০২৫ চনৰ পেৰিছ ডায়মণ্ড লীগত উজলিল ।

ভাৰতৰ তাৰকা জেভেলিন থ্ৰ'ৱাৰগৰাকীয়ে পেৰিছ ডায়মণ্ড লীগত এণ্ডাৰছন পিটাৰ্ছ আৰু জুলিয়ান ৱেবাৰৰ দৰে বিশ্ববিখ্যাত খেলুৱৈক পৰাস্ত কৰি দুবছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে ডায়মণ্ড লীগৰ শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে । ‘‘গোল্ডেন বয়’’ নামেৰে পৰিচিত খেলুৱৈগৰাকীয়ে ডায়মণ্ড লীগৰ পেৰিছ লীগত শীৰ্ষ স্থান দখল কৰে ।

পেৰিছ ডায়মণ্ড লীগৰ খিতাপ দখল নীৰজ চোপ্ৰাৰ

চোপ্ৰাই প্ৰথম প্ৰচেষ্টাতে ৮৮.১৬ মিটাৰৰ সৰ্বোচ্চ থ্ৰ' কৰে । নীৰজৰ এই প্ৰথমটো থ্ৰ' তেওঁৰ বাবে বিজয় নিশ্চিত কৰিবলৈ যথেষ্ট আছিল । ইয়াৰ লগে লগে তেওঁ ডায়মণ্ড লীগৰ ডোহা লীগত জাৰ্মানীৰ জুলিয়ান ৱেবাৰৰ বিৰুদ্ধে পৰাজয়ৰ প্ৰতিশোধো ল'লে ।

ৱেবাৰে দ্বিতীয় আৰু মোৰিচিঅ' দা ছিলভাই তৃতীয় স্থান দখল কৰে

তাৰকা জেভলিন থ্ৰ'ৱাৰ জুলিয়ান ৱেবাৰে ৮৭.৮৮ মিটাৰ থ্ৰ'ৰে দ্বিতীয় স্থান দখল কৰাৰ বিপৰীতে ব্ৰাজিলৰ লুইছ মোৰিচিঅ’ দা ছিলভাই ৮৬.৬২ মিটাৰ থ্ৰ'ৰ সৈতে তৃতীয় স্থান দখল কৰে । এই ছিজনত ৩ খন মেচত নীৰজ চোপ্ৰাই জুলিয়ান ৱেবাৰক পৰাস্ত কৰিছে । চলিত ডায়মণ্ড লীগ ছিজনৰ ফাইনেলখন অহা ২৭-২৮ আগষ্টত ছুইজাৰলেণ্ডৰ জুৰিখত অনুষ্ঠিত হ'ব ।

এণ্ডাৰছন পিটাৰ্ছৰ বিফলতা

পেৰিছত অনুষ্ঠিত ইভেণ্টত নীৰজ চোপ্ৰাৰ সৰ্বশ্ৰেষ্ঠ প্ৰতিদ্বন্দ্বী হিচাপে বিবেচিত গ্ৰেণাডাৰ এণ্ডাৰছন পিটাৰ্ছৰ বাবে এই যাত্ৰা বেয়া আছিল । তেওঁ ৭৭.৮৯ মিটাৰ দুৰ্বল থ্ৰ'ৰে আৰম্ভণি কৰে । পিটাৰ্ছৰ ৮০.২৯ মিটাৰ থ্ৰ' আছিল সৰ্বশ্ৰেষ্ঠ থ্ৰ' ।

২৪ জুনত খেলপথাৰত নামিব নীৰজ

ভাৰতৰ তাৰকা খেলুৱৈ নীৰজ চোপ্ৰাই ২৪ জুনত অনুষ্ঠিত হ'বলগীয়া অ'ষ্ট্ৰাভা গোল্ডেন স্পাইক ২০২৫ এথলেটিকছ মিটত খেলপথাৰত নামিব । চেক গণৰাজ্যত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা । তাৰ পিছতে ৫ জুলাইত বেংগালুৰুত অনুষ্ঠিত হ'বলগীয়া নীৰজ চোপ্ৰা ক্লাছিকত তেওঁ উপস্থিত থাকিব ।

লগতে পঢ়ক :ভাৰতীয় ক্ৰিকেটত 'গিল-পণ্ট' যুগৰ আৰম্ভণি; বেকফুটত ইংলেণ্ড - IND VS ENG 1ST TEST