ETV Bharat / sports

ভয় খালে পাকিস্তানে ! কৰাচীত লহৰ তুলিলে ভাৰতীয় ত্ৰিৰংগা পতাকাই

বিতৰ্কৰ অৱসান ঘটাই পাকিস্তানত উৰিল ভাৰতীয় ত্ৰিৰংগা ৷ চেম্পিয়নছ ট্ৰফীৰ উদ্বোধনী অনুষ্ঠানত কৰাচী ষ্টেডিয়ামত দেখা যায় ভাৰতৰ পতাকাখন ৷

ICC CHAMPIONS TROPHY 2025
ভাৰতীয় ত্ৰিৰংগা (IANS Photo)
author img

By ETV Bharat Assamese Team

Published : February 19, 2025 at 10:11 PM IST

2 Min Read
Choose ETV Bharat

কৰাচী: চেম্পিয়নছ ট্ৰফী খেলিবলৈ পাকিস্তানলৈ নাযায় ভাৰতীয় ক্ৰিকেট দলটো ৷ শেহতীয়াকৈ ভাৰতীয় ত্ৰিৰংগাক কেন্দ্ৰ কৰি বিতৰ্কৰো সূত্ৰপাত ঘটিছিল দেশখনত ৷ ইয়াৰ মূখ্য কাৰণ হিচাপে ৰোহিত শৰ্মাৰ ব্ৰিগেডে পাকিস্তানত খেলিবলৈ নোযোৱাটোকে গণ্য কৰা হৈছে ৷

ICC টুৰ্ণামেণ্টৰ বাবে পাকিস্তানত নতুনকৈ নিৰ্মাণ কৰা ষ্টেডিয়ামত ভাৰতীয় পতাকা নেদেখি ক্ষোভিত হৈ পৰিছিল ভাৰতীয় ক্ৰিকেট অনুৰাগীসকল । প্ৰত্যুত্তৰত পাকিস্তান ক্ৰিকেট ব’ৰ্ডে এক বিবৃতি প্ৰকাশ কৰিছিল যদিও বিতৰ্কৰ বাবে অৱশেষত পি চি বি এই বিষয়ত পিছুৱাবলৈ বাধ্য হৈছিল ।

পাকিস্তানত উত্তোলন ভাৰতীয় ত্ৰিৰংগা

বুধবাৰে চেম্পিয়নছ ট্ৰফীৰ উদ্বোধনী অনুষ্ঠানত কৰাচী নেশ্যনেল ষ্টেডিয়ামত অংশগ্ৰহণ কৰা আন দেশৰ পতাকাৰ লগতে একেলগে দেখা যায় ভাৰতীয় পতাকাখন । কৰাচী ৰাষ্ট্ৰীয় ষ্টেডিয়ামৰ যিবোৰ ভিডিঅ’ আৰু ফটো প্ৰকাশ পাইছে, সেইবোৰত ভাৰতীয় তিনিৰঙী পতাকাখন নিউজিলেণ্ড আৰু বাংলাদেশৰ পতাকাৰ মাজত থকা দেখা গৈছে ।

বৃহস্পতিবাৰে বাংলাদেশৰ বিৰুদ্ধে এখন মেচৰ জৰিয়তে ভাৰতীয় দলটোৱে প্ৰতিযোগিতাখনত নিজৰ অভিযান আৰম্ভ কৰিব । তাৰ আগতে এই ছবিখনে নিঃসন্দেহে দেশখনৰ ক্ৰিকেট অনুৰাগীসকলক আশ্বস্ত কৰিব । প্ৰথম অৱস্থাত ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলে পাকিস্তানৰ ষ্টেডিয়ামত অংশগ্ৰহণকাৰী দেশসমূহৰ পতাকাৰ লগতে নিজৰ দেশৰ পতাকাখন নেদেখি সামাজিক মাধ্যমত ক্ষোভ প্ৰকাশ কৰিছিল ৷

সমগ্ৰ বিতৰ্কটো কি আছিল

এই বিতৰ্কৰ মাজতে পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ এক সূত্ৰই সংবাদ সংস্থা আই এন এছক জনাইছে যে কৰাচী, ৰাৱালপিণ্ডি আৰু লাহোৰৰ ষ্টেডিয়ামত খেলখন খেলা সকলো দেশৰ পতাকা উত্তোলন কৰা হৈছে । যিহেতু ভাৰতীয় দলটোৱে চেম্পিয়নছ ট্ৰফীত নিজৰ মেচ খেলিবলৈ পাকিস্তানলৈ অহা নাই, গতিকে ষ্টেডিয়ামত ভাৰতীয় পতাকা উত্তোলন কৰা হোৱা নাই । কিন্তু বুধবাৰৰ দিনটোত কৰাচী ষ্টেডিয়ামৰ পৰিৱেশ ব্যতিক্ৰম দেখা গৈছে । আন সকলো দেশৰ লগতে পাকিস্তানতো ভাৰতৰ পতাকা উত্তোলন কৰা হয় ।

ইফালে ভাৰতীয় দলটোৱে আই চি চিৰ নিয়ম অনুসৰি নিজৰ জাৰ্ছীত চেম্পিয়নছ ট্ৰফীৰ অফিচিয়েল ল’গ’ ব্যৱহাৰ কৰিছে, য’ত আয়োজক পাকিস্তানৰ নামো সন্নিবিষ্ট কৰা হৈছে । পাকিস্তানত খেলিব নোৱাৰাৰ উপৰিও জাৰ্ছীত পাকিস্তান নামটোও ব্যৱহাৰ নকৰে বুলিও চৰ্চা চলিছিল ৷ কিন্তু এই উৰাবাতৰিবোৰক উলাই কৰি নতুন ব’ৰ্ড সচিবগৰাকীয়ে ইতিমধ্যে এই সন্দৰ্ভত আই চি চিৰ সকলো নিয়ম মানি চলা হ’ব বুলি কৈছিল ।

লগতে পঢ়ক: ৮ বছৰীয়া অপেক্ষাৰ অন্ত; আজিৰে পৰা আৰম্ভ চেম্পিয়নছ ট্ৰফী - CHAMPIONS TROPHY 2025