ETV Bharat / sports

ৰোহিত-বিৰাটৰ অনুৰাগীৰ বাবে দুখবৰ !

অহা আগষ্টত খেলপথাৰত অনুৰাগীয়ে দেখা নাপাব ৰোহিত আৰু বিৰাটক ।

India Tour of Bangladesh
খেলপথাৰত ৰোহিত-বিৰাট (IANS)
author img

By ETV Bharat Assamese Team

Published : July 6, 2025 at 4:46 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : ভাৰতীয় ক্ৰিকেট দলৰ এদিনীয়া অধিনায়ক ৰোহিত শৰ্মা আৰু তাৰকা বেটছমেন বিৰাট কোহলী সম্প্ৰতি ক্ৰিকেটৰ খেলপথাৰৰ পৰা সম্পূৰ্ণ আঁতৰত আছে । এই দুয়োগৰাকী খেলুৱৈয়ে টি-২০ আন্তঃৰাষ্ট্ৰীয় আৰু টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে ।

এতিয়া ভাৰতৰ হৈ কেৱল এদিনীয়া ফৰ্মেটত হে দুয়োগৰাকী খেলুৱৈক দেখা যাব । কিন্তু তেওঁলোকৰ অনুৰাগীসকলে এক ডাঙৰ আঘাত পাইছে । কাৰণ দুয়োগৰাকী খেলুৱৈক কম দিনৰ ভিতৰত খেলপথাৰত দেখা নাপাবও পাৰে ।

আচলতে ভাৰতীয় ক্ৰিকেট দলটোৱে এদিনীয়া শৃংখলাৰ বাবে বাংলাদেশ ভ্ৰমণ কৰাৰ কথা আছিল । কিন্তু এই ভ্ৰমণ এতিয়া বাতিল কৰা হৈছে । ভাৰতে আগষ্ট মাহত বাংলাদেশৰ সৈতে ৩ খন এদিনীয়া শৃংখলা খেলাৰ কথা আছিল । য'ত অনুৰাগীসকলে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক খেলপথাৰত দেখাৰ সুযোগ পালেহেঁতেন । কিন্তু এই শৃংখলা বাতিল হোৱাৰ লগে লগে দুয়ো তাৰকাৰ খেল চাবলৈ আগ্ৰহেৰে ৰৈ থকা অনুৰাগীয়ে আৰু বেছি সময় অপেক্ষা কৰিব লাগিব ।

বৰ্তমানৰ বাবে এই শৃংখলা বাতিল কৰাৰ নিৰ্দেশ বিচিচিআইয়ে আনুষ্ঠানিকভাৱে জাৰি কৰিছে । বিচিচিআইয়ে এক্সৰ পোষ্টত উল্লেখ কৰিছে যে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড আৰু বাংলাদেশ ক্ৰিকেট ব'ৰ্ডে ২০২৫ চনৰ আগষ্ট মাহত অনুষ্ঠিত হ'বলগীয়া ৩ খনীয়া মেচৰ এদিনীয়া আৰু ৩ খনীয়া টি-২০ শৃংখলা পিছুৱাই দিছে । এতিয়া এই শৃংখলা ২০২৬ চনৰ ছেপ্টেম্বৰ মাহত হে অনুষ্ঠিত হ'ব ।

ভাৰত আৰু বাংলাদেশ দুয়োখন দেশে আলোচনা কৰি এই শৃংখলা পুনৰ নিৰ্ধাৰণ কৰাৰ সিদ্ধান্ত লৈছে । এই খবৰে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক ক্ৰিকেটৰ খেলপথাৰত চাবলৈ আগ্ৰহী অনুৰাগীৰ সপোন ভাঙিছে ।

বিচিচিআইয়ে এক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰি লিখিছে, "বাংলাদেশ ক্ৰিকেট ব'ৰ্ড (বিচিবি) আৰু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে পাৰস্পৰিকভাৱে সন্মতি প্ৰকাশ কৰিছে যে ২০২৫ চনৰ আগষ্ট মাহত বাংলাদেশ আৰু ভাৰতৰ মাজত অনুষ্ঠিত হ'বলগীয়া তিনিখন এদিনীয়া আৰু তিনিখন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচৰ হোৱাইট বলৰ শৃংখলা ২০২৬ চনৰ ছেপ্টেম্বৰলৈ পিছুৱাই দিয়া হৈছে ।"

প্ৰেছ বিজ্ঞপ্তিটোত কোৱা হৈছে, "দুয়োটা দলৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিশ্ৰুতি আৰু সময়সূচীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি দুয়োটা ব'ৰ্ডৰ মাজত আলোচনাৰ অন্তত এই সিদ্ধান্ত লোৱা হৈছে । বহু প্ৰত্যাশিত এই শৃংখলাৰ বাবে ২০২৬ চনৰ ছেপ্টেম্বৰ মাহত ভাৰতক আদৰিবলৈ আগ্ৰহী বিচিবি । ভ্ৰমণৰ সংশোধিত তাৰিখ আৰু সময়সূচী সময়মতে ঘোষণা কৰা হ'ব ।"

লগতে পঢ়ক :ভাৰতৰ বাংলাদেশ ভ্ৰমণ দিন সলনি... কেতিয়া অনুষ্ঠিত হ'ব দুয়ো দেশৰ মাজৰ বগা বলৰ খেল, জানক সবিশেষ - INDIAS TOUR OF BANGLADESH POSTPONED