ETV Bharat / sports

ভাৰতীয় মহিলা ক্রিকেট দলৰ বাবে এক ঐতিহাসিক ক্ষণ; এদিনীয়া ক্ৰিকেটত স্পৰ্শ কৰিলে এই মাইলৰ খুঁটি

শ্ৰীলংকাক ৯৭ ৰাণত পৰাস্ত কৰা মেচখনত ভাৰতীয় মহিলা দলটোৱে এক দমনীয় প্ৰদৰ্শনেৰে ত্ৰিদেশীয় শৃংখলাটো দখল কৰে ।

India W cricket team records
শৃংখলা দখলৰ পিছত ভাৰতীয় দলটোৰ উল্লাস (IANS)
author img

By ETV Bharat Assamese Team

Published : May 11, 2025 at 10:55 PM IST

2 Min Read
Choose ETV Bharat

কলম্বো : ভাৰতীয় মহিলা ক্ৰিকেট দলে এক ঐতিহাসিক ৰেকৰ্ড স্থাপন কৰিছে । এটা কেলেণ্ডাৰ বৰ্ষত এদিনীয়া ক্ৰিকেটত মহিলা ক্ৰিকেট দলে তিনি শতাধিক ৰাণ সৰ্বাধিক সংখ্যক (4) স্ক'ৰ কৰাৰ ৰেকৰ্ড যুটীয়াভাৱে দখল কৰে ভাৰতীয় মহিলা দলটোৱে । ভাৰতে দেওবাৰে শ্ৰীলংকাৰ বিপক্ষে ত্ৰিদেশীয় শৃংখলাৰ ফাইনেল মেচত এই ইতিহাস ৰচে ।

অপেনাৰ স্মৃতি মন্ধানাৰ দৰ্শনীয় শতক আৰু মধ্যক্ৰমৰ বেটাৰসকলৰ দায়িত্বপূৰ্ণ বেটিঙৰ বাবে ভাৰতে ৭ উইকেটৰ বিনিময়ত ৩৪২ ৰাণৰ বিশাল স্ক'ৰ কৰে । বেটাৰসকলৰ পৰাক্ৰম আৰু স্নেহ ৰাণা আৰু অমনজোৎ কৌৰৰ আক্ৰমণাত্মক বলিং নেতৃত্বত এক অলৰাউণ্ড প্ৰদৰ্শনেৰে ভাৰতে মহিলা এদিনীয়া ত্ৰিদেশীয় শৃংখলাৰ খিতাপ ৯৭ ৰাণৰ বিশাল জয়েৰে হস্তগত কৰে ।

প্ৰথমে বেটিং কৰিবলৈ ক্ৰিজত নামি ভাৰতীয় অপেনাৰ স্মৃতি মন্ধানা আৰু প্ৰতীক ৰাৱলে দলক সুন্দৰ আৰম্ভণি প্ৰদান কৰে । দুয়োৱে অতি সতৰ্কতাৰে ষ্ট্ৰাইক সলনি কৰাৰ উপৰি চাৰি-ছয়ো কোবায় । প্ৰতীকা আউট হোৱাৰ পূৰ্বে প্ৰথম উইকেটৰ যুটিত দুয়োৱে ৭০ ৰাণ সংগ্ৰহ কৰে ।

আনহাতে, মন্ধনাই নিজৰ এদিনীয়া কেৰিয়াৰৰ একাদশ শথক অৰ্জন কৰি ইংলেণ্ডৰ টেমী ব্যুমণ্টক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত তৃতীয় সৰ্বাধিক শতক অৰ্জন কৰা খেলুৱৈ হিচাপে পৰিগণিত হয় । তেওঁ ৯২ বলত ১২ টা চাৰি আৰু দুটা ছয়ৰ সহায়ত এই ৰেকৰ্ড গঢ়ে ।

মন্ধানাই 101 বলত 116 ৰাণত কৰি আউট হয় । আনহাতে, ঋষা ঘোষ (8) আৰু জেমিমাই (29 বলত 44), অমনজোত কৌৰে (12 বলত 18) সুন্দৰ বেটিং শৈলীৰে ভাৰতক নিৰ্ধাৰিত ৫০ অভাৰত ৭ উইকেটৰ বিনিময়ত ৩৪২ ৰাণত উপনীত কৰায় । আনহাতে, দীপ্তি শৰ্মা (14টা বলত অপৰাজিত 20, তিনিটা চাৰি) আৰু ক্ৰান্তি গৌড় (0*) অপৰাজিত থাকে ।

লগতে পঢ়ক :পুনৰ কেতিয়াৰ পৰা আৰম্ভ হ'ব IPL ? বি চি চি আয়ে কি কয় - IPL 2025 TO RESUME
লগতে পঢ়ক :বিশ্বকাপৰ যোগ্য়তা অৰ্জন কৰিবলৈ এখন মেচতেই ১০ খেলুৱৈৰ ৰিটায়াৰ্ড হাৰ্ট - 10 BATTERS RETIRED OUT