লণ্ডনত ভাৰতীয় উচ্চায়ুক্তক সাক্ষাৎ ভাৰতীয় ক্ৰিকেট দলৰ; স্বাক্ষৰ কৰা বেট প্ৰদান
ইংলেণ্ড ভ্ৰমণৰত ভাৰতীয় ক্ৰিকেট দলটোৱে লণ্ডনত ভাৰতীয় উচ্চায়ুক্তক সাক্ষাৎ কৰে । লগতে ভাৰতীয় দলৰ স্বাক্ষৰিত বেটো প্ৰদান কৰে ।

Published : July 29, 2025 at 3:15 PM IST
নতুন দিল্লী : বৰ্তমান ইংলেণ্ডত চলি থকা ভাৰত-ইংলেণ্ডৰ মাজৰ এণ্ডাৰছন-তেণ্ডুলকাৰ ট্ৰফী টেষ্ট শৃংখলাৰ মানচেষ্টাৰত অনুষ্ঠিত চতুৰ্থখন মেচ ভাৰতে ড্ৰ' কৰিবলৈ সক্ষম হয় । এতিয়া শৃংখলাৰ পঞ্চম তথা অন্তিমখন মেচ অহা ৩১ জুলাইত অভেলত অনুষ্ঠিত হ'ব । বৰ্তমান ৫ মেচৰ টেষ্ট শৃংখলাটোত ভাৰত ১-২ ব্যৱধানত পিছপৰি আছে । তেনে ক্ষেত্ৰত অন্তিম টেষ্টখনত জয়লাভেৰে শৃংখলাত সমতা স্থাপনৰ লক্ষ্য হ'ব টীম ইণ্ডিয়াৰ ।
বৰ্তমান ভাৰতীয় দলটোত কেইবাটাও পৰিৱৰ্তন ঘটিছে । এক যুৱ দলে ইংলেণ্ড ভ্ৰমণ কৰিছে । দলৰ পৰা অধিনায়ক ৰোহিত শৰ্মা, বিৰাট কোহলী, ৰবিচন্দ্ৰন অশ্বিনৰ দৰে জ্যেষ্ঠ তথা অভিজ্ঞ খেলুৱৈয়ে বিদায় লৈছে । তাৰ মাজতে যুৱ অধিনায়ক শুভমন গিলৰ নেতৃত্বত দলটোৱে ইংলেণ্ডৰ বিৰুদ্ধে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিছে । ইংলেণ্ডত দলৰ বাবে বেটিংক্ৰমে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে । অৱশ্যে দলৰ বাবে বলিংক্ৰম চিন্তাৰ বিষয় হৈ আছে ।
An evening to remember as the High Commission of India in London hosted #TeamIndia! 👏
— BCCI (@BCCI) July 29, 2025
The Indian cricket team captain Shubman Gill and Head Coach Gautam Gambhir presented signed cricket bats to Honourable High Commissioner Mr. Vikram Doraiswami and Deputy High Commissioner Mr.… pic.twitter.com/5vZN2g6Fac
ভাৰতীয় উচ্চায়ুক্তক সাক্ষাৎ টীম ইণ্ডিয়াৰ
চতুৰ্থ মেচ ড্ৰ' কৰিবলৈ সক্ষম হোৱাৰ পিছত আৰু পঞ্চম মেচ আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলটোৱে ২৯ জুলাই, মঙলবাৰে লণ্ডনস্থিত ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয় । এই সময়তে ভাৰতীয় দলৰ অধিনায়ক শুভমন গিল আৰু মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ সৈতে ভাৰতীয় দলটোৱে ব্ৰিটেইনত থকা ভাৰতীয় উচ্চায়ুক্ত বিক্ৰম ডোৰাইস্বামী আৰু উপ-উচ্চায়ুক্ত সুজিত ঘোষক সাক্ষাৎ কৰে ।
শুভমন গিল আৰু গৌতম গম্ভীৰৰ উপহাৰ হিচাপে বেট প্ৰদান
এই সাক্ষাতৰ সময়ত গিল আৰু গম্ভীৰে তেওঁলোকৰ দ্বাৰা স্বাক্ষৰিত বেট উপহাৰ হিচাপে প্ৰদান কৰে । ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক শুভমন গিলে বিক্ৰম ডোৰাস্বামীক স্বাক্ষৰিত বেট প্ৰদান কৰে । আনহাতে, মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে উপ-উচ্চায়ুক্ত সুজিত ঘোষক স্বাক্ষৰিত বেট প্ৰদান কৰে । এই সাক্ষাতৰ ছবি এতিয়া সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে ।
ভাৰতীয় উচ্চায়োগৰ সৈতে টীম ইণ্ডিয়াৰ এই সাক্ষাতৰ বিষয়ে বি চি চি আয়ে নিজৰ X হেণ্ডেলত লিখিছে, "লণ্ডনস্থিত ভাৰতীয় উচ্চায়োগত টীম ইণ্ডিয়াৰ এক স্মৰণীয় সন্ধ্যা । ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক শুভমন গিল আৰু মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে ক্ৰমে মাননীয় উচ্চায়ুক্ত বিক্ৰম ডোৰাইস্বামী আৰু উপ-উচ্চায়ুক্ত সুজিত ঘোষক স্বাক্ষৰিত ক্ৰিকেট উপহাৰ হিচাপে প্ৰদান কৰে ।"
আনহাতে, এই কাৰ্যসূচী সন্দৰ্ভত গৌতম গম্ভীৰে কয়, "দুয়োখন দেশৰ ইতিহাসৰ প্ৰতি সক্ষ্য ৰাখি বিশ্বৰ এই প্ৰান্তত ভ্ৰমণ কৰাটো সদায় ৰোমাঞ্চকৰ আৰু প্ৰত্যাহ্বানপূৰ্ণ, ইয়াক কেতিয়াও পাহৰিব নোৱাৰি । আমি প্ৰতিবাৰে ব্ৰিটেইন ভ্ৰমণত লাভ কৰা সমৰ্থনক আদৰ কৰো ।"

