ETV Bharat / sports

টি-20 বিশ্বকাপ 2024: আই চি চিৰ আচৰণ বিধি ভংগ কৰাৰ বাবে ভাৰতীয় পেচাৰক ধমক

ICC code of conduct: ভাৰতৰ পেচ বলাৰ অৰুন্ধতী ৰেড্ডীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ ৷ পাকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত মেচত সংঘটিত এই ঘটনা ৷

ICC WOMENS T20 WORLD CUP 2024
খেলপথাৰত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সদস্য (IANS)
author img

By ETV Bharat Sports Team

Published : October 7, 2024 at 7:26 PM IST

2 Min Read
Choose ETV Bharat

স্প’ৰ্টছ ডেস্ক, 7 অক্টোবৰ: পাকিস্তানৰ বিৰুদ্ধে কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰা টীম ইণ্ডিয়াৰ পেচাৰ অৰুন্ধতী ৰেড্ডীক ধমক প্ৰদান ৷ সোমবাৰে আই চি চিৰ আচৰণ বিধিৰ স্তৰ এক ভংগ কৰাৰ অপৰাধত মহিলা ক্ৰিকেটাৰগৰাকীক দিয়া হৈছে ধমক ।

অৰুন্ধতীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত আই চি চি মহিলা টি-20 বিশ্বকাপ 2024 ৰ শেহতীয়া মেচত আচৰণ বিধি ভংগ কৰা বুলি উত্থাপন হৈছে অভিযোগ ৷ খেলুৱৈ আৰু খেলুৱৈৰ সহায়ক কৰ্মীসকলৰ বাবে প্ৰযোজ্য বিধি 2.5 অনুচ্ছেদ উলংঘা কৰা দেখা গৈছিল ক্ৰিকেটাৰগৰাকীক ৷ যিটো "আন্তঃৰাষ্ট্ৰীয় খেলৰ সময়ত বেটছমেনক বৰ্খাস্ত কৰাৰ পিছত তেওঁক অৱজ্ঞা কৰা বা আক্ৰমণাত্মক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পৰা যিকোনো ভাষা, কাৰ্য বা ইংগিত প্ৰদান কৰাৰ সৈতে সাদৃশ্য থকা" বুলি গণ্য কৰা হয় ।

প্ৰথম ইনিংছৰ অন্তিম অভাৰত নিদা দাৰক আউট কৰাৰ পিছত ৰেড্ডীয়ে পেভিলিয়নৰ ফালে যাবলৈ ইংগিত প্ৰদান কৰিছিল ৷ 6 উইকেটত ভাৰতে জয় লাভ কৰা মেচখনত ৰেড্ডীয়ে কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ 3/19 উইকেট দখলৰ বাবে লাভ কৰে প্লেয়াৰ অৱ দ্য মেচৰ বঁটা ।

ধমক দিয়াৰ উপৰিও ৰেড্ডীৰ বিৰুদ্ধে আন এক পইণ্ট সংযোজন কৰা হৈছে, যি আছিল 24 মাহৰ ভিতৰত খেলুৱৈগৰাকীৰ প্ৰথমটো অপৰাধ ৷

এই অভিযোগ উত্থাপন কৰে অন-ফিল্ড আম্পায়াৰ এল’ইছ শ্বেৰিডান আৰু লৰেন এজেনবেগৰ লগতে তৃতীয় আম্পায়াৰ জেকলিন উইলিয়ামছ আৰু চতুৰ্থ আম্পায়াৰ ক্লেয়াৰ প’ল’ছাকে ।

অৱশ্যে ৰেড্ডীয়ে অপৰাধ স্বীকাৰ কৰি এমিৰেটছ আই চি চি আন্তঃৰাষ্ট্ৰীয় মেচ ৰেফাৰীৰ পেনেলৰ শ্বেণ্ড্ৰে ফ্ৰিটজে প্ৰস্তাৱ কৰা অনুমোদন গ্ৰহণ কৰে ৷ যাৰ বাবে কোনো আনুষ্ঠানিক শুনানিৰ প্ৰয়োজন নহ’ল ।

লগতে পঢ়ক: টি 20 বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে 6 উইকেটত জয় লাভ ভাৰতৰ - ICC WOMENS T20 WORLD CUP 2024