ETV Bharat / sports

প্ৰথম দিনৰ খেলত ব্যাঘাত; বৰষুণৰ বাবে পলমকৈ টছ ভাৰত-নিউজিলেণ্ডৰ টেষ্টৰ

India vs New Zealand: বেংগালুৰুত ধাৰাবাহিকভাৱে হৈ থকা বৰষুণৰ ফলত ব্যাঘাত ভাৰত-নিউজিলেণ্ডৰ মাজৰ প্ৰথমখন টেষ্টত ৷

India vs New Zealand 1st Test
ভাৰত নিউজিলেণ্ডৰ টেষ্ট (AFP PHOTO)
author img

By ETV Bharat Sports Team

Published : October 16, 2024 at 1:24 PM IST

2 Min Read
Choose ETV Bharat

স্প’ৰ্টছ ডেস্ক, 16 অক্টোবৰ: আজিৰে পৰা ভাৰত-নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব তিনিখন মেচৰ টেষ্ট শৃংখলাটো ৷ প্ৰথমখন মেচ বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত আৰম্ভ হোৱাৰ কথা যদিও খেলখনত ব্যাঘাত জন্মাইছে বৰষুণে ৷ যাৰ বাবে পলমকৈ অনুষ্ঠিত হয় টছ ৷

বৰষুণৰ পৰিপ্ৰেক্ষিতত প্ৰথম দিনৰ খেল সম্পূৰ্ণকৈ অনুষ্ঠিত কৰিব নোৱাৰাৰ সম্ভাৱনাই অধিক বুলি আশংকা কৰা হৈছে ৷ মঙলবাৰেও বৰষুণৰ বাবে দুয়োটা দলৰ নেট অনুশীলনত ব্যাঘাত জন্মে ৷

নেৰানেপেৰা বৰষুণৰ বাবে বেংগালুৰুত অৰেঞ্জ এলাৰ্ট

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, দুপৰীয়া 2.30 বজালৈকে বৰষুণৰ মাত্ৰা হ্ৰাস হোৱাৰ সম্ভাৱনা নাই ৷ যাৰ বাবে খেলখন আৰম্ভ হোৱালৈ দুয়োটা দল আৰু অনুৰাগীয়ে দীৰ্ঘসময় অপেক্ষা কৰিব লাগিব । অৱশ্যে দিনটোৰ শেষলৈ কিছু সকাহ লাভ কৰিব পাৰে ৷

নেৰানেপেৰা বৰষুণক কেন্দ্ৰ কৰি বেংগালুৰুত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট ৷ যাৰ বাবে চহৰখনৰ বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰাৰ লগতে প্ৰযুক্তি প্ৰতিষ্ঠানসমূহৰ কৰ্মচাৰীক ঘৰৰ পৰাই কাম কৰিবলৈ পৰামৰ্শ দিয়া হৈছে ।

বৰষুণৰ বাবে টছত পলম

বাংলাদেশক পৰাস্ত কৰি আত্মবিশ্বাস তুংগত থকা টীম ইণ্ডিয়া ইতিমধ্যে সাজু হৈছে কিৱি বাহিনীৰ মুখামুখি হ’বলৈ ৷ শেহতীয়া টেষ্ট শৃংখলাত বাংলাদেশক 2-0 ব্যৱধানত ঘৰৰ মাটিতে পৰাস্ত কৰিছিল টীম ইণ্ডিয়াই ৷ অৱশ্যে খেলখনত বৰষুণে বিধি-পথালি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে ৷ যাৰ প্ৰভাৱ প্ৰথম দিনটোতে পৰিলক্ষিত হৈছে ৷

উল্লেখযোগ্য যে, টীম ইণ্ডিয়াই মহম্মদ ছামীৰ অবিহনে এই শৃংখলাত অংশগ্ৰহণ কৰিব ৷ আগন্তুক বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ প্ৰতি লক্ষ্য ৰাখি তিনিখন মেচৰ টেষ্ট শৃংখলাতো গুৰুত্বপূৰ্ণ বিবেচিত হ’ব ।

ভাৰত-নিউজিলেণ্ডৰ টেষ্ট শৃংখলাৰ বাবে দুয়োটা দল

ভাৰত: ৰোহিত শৰ্মা(অধিনায়ক), যশস্বী জয়ছোৱাল, শুভমন গিল, বিৰাট কোহলী, কে এল ৰাহুল, ঋষভ পন্ত(উইকেটকীপাৰ), ৰবীন্দ্ৰ জাদেজা, চৰফৰাজ খান, ধ্ৰুৱ জুৰেল, অক্ষৰ পেটেল, ৰবিচন্দ্ৰন অশ্বিন, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ আৰু আকাশদীপ ৷

নিউজিলেণ্ড: টম লাথাম(অধিনায়ক), ডেভন কনৱে, উইল ইয়ং, কেন উইলিয়ামছন, মাইকেল ব্ৰেছৱেল, ডেৰিল মিচেল, ৰাচিন ৰবীন্দ্ৰ, গ্লেন ফিলিপছ, টম ব্লুণ্ডেল(উইকেটকীপাৰ), মাৰ্ক চেপমেন, মিচেল চেণ্টনাৰ, টিম চাউদি, মেট হেনৰী, জেকব ডাফি, আজাজ পেটেল আৰু উইলিয়াম অৰুৰ্কে ৷

লগতে পঢ়ক: ভাৰত-নিউজীলেণ্ড টেষ্টত বৰুণ দেৱতাৰ কোপদৃষ্টি ! বেংগালুৰু টেষ্টত বৰষুণে বিধি-পথালি দিয়াৰ সম্ভাৱনা