বাংলাদেশক ১০ উইকেটত পৰাস্ত কৰি মহিলা এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ - Womens Asia cup 2024
INDW Vs BANW : ভাৰতীয় মহিলা দলে মহিলা এছিয়া কাপৰ ছেমি ফাইনেলত বাংলাদেশক ১০ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৰ এই বিশাল জয় বলিং ইউনিটৰ শক্তিশালী প্ৰদৰ্শন আৰু স্মৃতি মন্ধানা আৰু শ্বেফালী বৰ্মাৰ অপেনিং যুটিৰ প্ৰদৰ্শনৰ পৰা আহে ৷

Published : July 26, 2024 at 5:42 PM IST
স্পৰ্টছ ডেস্ক, 26 জুলাই : মহিলাৰ এছিয়াৰ কাপত দুৰ্দান্ত প্ৰদৰ্শনেৰে বিজয়ৰ ধাৰা অব্যাহত ৰাখি প্ৰতিযোগিতাখনৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় দলে ৷ শুকুৰবাৰে ডাম্বুলাৰ ৰণগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত ছেমি ফাইনেলত বাংলাদেশক 10 উইকেটত পৰাস্ত কৰি মহিলা এছিয়া কাপত ভাৰতে তেওঁলোকৰ দৌৰ অব্যাহত ৰাখিছে ৷ শ্বেফালী বাৰ্মা আৰু স্মৃতি মন্ধানাৰ অপেনিং যুটিটোৱে 83 ৰাণৰ অংশীদাৰীত্ব গঢ়ি ভাৰতীয় দলৰ বাবে এক সহজ জয় নিশ্চিত কৰে ৷
মন্ধানাই অপৰাজিত 55 ৰাণৰ ইনিংছ খেলাৰ বিপৰীতে আৰু শ্বেফালীয়ে অপৰাজিত 26 ৰাণ সংগ্ৰহ কৰি দলক জয়ৰ সোৱাদ দিয়ে ৷ দুয়োগৰাকীয়ে মাত্ৰ 11 অভাৰ ক্ৰীজত থাকি ভাৰতৰ বিজয় নিশ্চিত কৰে ৷
ইয়াৰ পূৰ্বে ভাৰতীয় বলাৰসকলে বাংলাদেশ শিবিৰত ধুমুহাৰ সৃষ্টি কৰিছিল ৷ ভাৰতৰ শক্তিশালী বলিং আক্ৰমণত বাংলাদেশ দলটোৰ বেটিং মেৰুদণ্ড ভাঙি পৰে ৷ বাংলাদেশ দলৰ বেটছমেন সকল নিয়মীয়াকৈ পেভিলিয়নমুখী হোৱাৰ সময়ত দলৰ বাবে অকলশৰীয়া যোদ্ধা হিচাপে পৰিগণিত হৈছিল নিগাৰ চুলতানা (32) ৷ ভাৰতৰ ৰেণুকা সিং আৰু ৰাধা যাদৱৰ বলিং আক্ৰমণত বাংলাদেশৰ বেটিং লাইন তাচ পাতৰ দৰে খহি পৰে ৷
লগতে পঢ়ক : আৰ্চাৰীৰে ভাৰতৰ অলিম্পিকৰ যাত্ৰা আৰম্ভ - Paris Olympics 2024
বাংলাদেশে ইনিংছৰ আৰম্ভণিৰে পৰা উইকেট হেৰুৱাবলৈ আৰম্ভ কৰে ৷ ভাৰতৰ ৰেণুকা সিঙে বাংলাদেশৰ টপ অৰ্ডাৰত খহনীয়াৰ সৃষ্টি কৰাত বেটিং দলটো 44/6 ত শলঠেকত পৰে ৷ নিগাৰে কিছু সময়ৰ বাবে বাংলাদেশী অনুৰাগীসকলৰ উশাহ ঘূৰাই আনিছিল, যিহেতু তেওঁ ইনিংছটো স্থিৰ কৰি ৰাখিছিল আৰু শ্ৰোনা আখটাৰৰ সৈতে সপ্তম উইকেটৰ বাবে 36 ৰাণৰ অংশীদাৰীত্ব গঢ়িছিল ৷ অৱশ্যে, নিগাৰে ব্যক্তিগত 32 ৰাণত বিদায় লয় আৰু দলটো পুনৰ বেটিং বিপৰ্যয়ৰ সন্মুখীন হৈ স্ক'ৰবোৰ্ডত মাত্ৰ 80/8 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ ইফালে ৰেণুকা ঠাকুৰক যোগ্য সঁহাৰি দি ৰাধা যাদৱেও বাংলাদেশ শিবিৰত ত্ৰাসৰ সৃষ্টি কৰে ৷
ৰেণুকা সিং ঠাকুৰ আৰু ৰাধা যাদৱে তিনিটাকৈ উইকেট দখল কৰে ৷ ৰেণুকাই 2.50 ইক’নমিৰ সৈতে তিনিটা উইকেট দখল কৰে আৰু ৰাধাই 3.50 ৰ ইক’নমি লাভ কৰে ৷ আনহাতে পূজা বস্ত্ৰকাৰ আৰু দীপ্তি শৰ্মায়ো এটাকৈ উইকেট দখল কৰে ৷
উল্লেখ্য যে, ছেমি ফাইনেলত মুখামুখি হ’বলগা শ্ৰীলংকা আৰু পাকিস্তানৰ বিজয়ী দলটোৰ বিৰুদ্ধে ফাইনেলত প্ৰতিদ্বন্দিতা কৰিব ভাৰতে ৷ 27 জুলাইত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ ফাইনেল মেচত ভাৰতে নিজৰ খিতাপ দখলৰ বাবে উদগ্ৰীৱ হৈ আছে ৷

