ভাৰত বনাম ৱেষ্ট ইণ্ডিজ… গিলৰ নেতৃত্বত বুমৰাহ, পাড্ডিকালক ভাৰতীয় দলত অন্তৰ্ভুক্ত
পুৰুষৰ জ্যেষ্ঠ বাছনি সমিতিয়ে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া দুখন টেষ্ট খেলৰ বাবে বৃহস্পতিবাৰে ভাৰতৰ দলটো ঘোষণা কৰে ।

Published : September 25, 2025 at 6:38 PM IST
হায়দৰাবাদ: ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টীম ইণ্ডিয়াই অংশগ্ৰহণ কৰিব দুখন মেচৰ এক টেষ্ট শৃংখলাত ৷ ভাৰতত অনুষ্ঠিত হ’ব এই শৃংখলা ৷
ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহ আৰু বাওঁহতীয়া বেটছমেন দেৱদত্ত পাড্ডিকালক । বৃহস্পতিবাৰে ঘোষণা কৰা হয় দলটো ।
🚨 Presenting #TeamIndia's squad for the West Indies Test series 🔽#INDvWI | @IDFCFIRSTBank pic.twitter.com/S4D5mDGJNN
— BCCI (@BCCI) September 25, 2025
অজিত আগৰকাৰ নেতৃত্বাধীন বাছনি সমিতিয়ে শুভমন গিলৰ নেতৃত্বত অনুষ্ঠিত হ’বলগীয়া এই টেষ্ট শৃংখলাৰ বাবে দলৰ পৰা বাদ দিছে বেটছমেন কৰুণ নায়াৰ আৰু অভিমন্যু ইশ্বৰণক ৷ দলৰ দ্বিতীয়গৰাকী উইকেটৰক্ষক হিচাপে নিৰ্বাচিত হোৱা তামিলনাডুৰ নাৰায়ণ জগদীশনৰ ওপৰত নিৰ্বাচকসকলে অটল বিশ্বাস ৰাখিছে ৷
ৱৰ্কলোড মেনেজমেণ্টৰ বাবে ইংলেণ্ডত অনুষ্ঠিত পাঁচখন টেষ্টৰ ভিতৰত মাত্ৰ তিনিখন টেষ্ট খেলা বুমৰাহে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুখন মেচৰ শৃংখলাৰ বাবে নিজকে উপলব্ধ বুলি ঘোষণা কৰিছিল ।
আনহাতে, ৰবীন্দ্ৰ জাদেজাক দলৰ সহ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত শৃংখলাৰ সময়ত ভৰি ভঙা দলৰ নিয়মীয়া সহ অধিনায়ক ঋষভ পন্ত এতিয়াও সম্পূৰ্ণ সুস্থ হৈ উঠা নাই ৷
ডুবাইত সাংবাদিকৰ আগত নিৰ্বাচক কমিটিৰ অধ্যক্ষ অজিত আগৰকাৰে কয়, ‘‘আশাকৰোঁ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে (নৱেম্বৰ মাহত) ঘৰুৱা টেষ্টৰ বাবে পন্ত উপলব্ধ হ’ব ।’’
শৃংখলাৰ প্ৰথমখন টেষ্ট আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয় তথা শেষৰখন টেষ্ট নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । কাৰ্যসূচী অনুসৰি ২ অক্টোবৰৰ পৰা প্ৰথমখন আৰু ১০ অক্টোবৰৰ পৰা দ্বিতীয়খন টেষ্ট অনুষ্ঠিত হ’ব ।
নিয়মীয়া খেলুৱৈ যশস্বী জয়ছোৱাল, কে এল ৰাহুল আৰু সাই সুদৰ্শনেও ১৫ জনীয়া দলটোত স্থান লাভ কৰিছে । ৰবীন্দ্ৰ জাদেজা, ৱাশ্বিংটন সুন্দৰ, অক্ষৰ পেটেল আৰু কুলদীপ যাদৱৰ দৰে চাৰিজন নিয়মীয়া স্পিনাৰক দলত স্থান দিছে নিৰ্বাচকসকলে ।
প্ৰথম পছন্দৰ উইকেটৰক্ষক হিচাপে ধ্ৰুৱ জুৰেলক দলত অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে পেচ আক্ৰমণৰ দায়িত্ব দিয়া হৈছে মহম্মদ চিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণৰ ওপৰত । অলৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডীকো দলত স্থান দিয়া হৈছে ।
ভাৰতীয় দলটো
শুভমন গিল (অধিনায়ক), যশস্বী জয়ছোৱাল, কে এল ৰাহুল, সাই সুদৰ্শন, দেৱদত্ত পাডিক্কাল, ধ্ৰুৱ জুৰেল (উইকেটৰক্ষক), ৰবীন্দ্ৰ জাদেজা (সহ অধিনায়ক), ৱাশ্বিংটন সুন্দৰ, যশপ্ৰীত বুমৰাহ, অক্ষৰ পেটেল, নীতিশ কুমাৰ ৰেড্ডী, এন জগদীশন (উইকেটৰক্ষক), মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণ আৰু কুলদীপ যাদৱ (পি টি আই ইনপুটৰ সৈতে) ।
লগতে পঢ়ক: বাংলাদেশক পৰাস্ত কৰি এছিয়া কাপ ২০২৫ৰ ফাইনেলত ভাৰত

