এজবাষ্টনত ব্ৰিটিছৰ ৫৮ বছৰীয়া শাসনৰ অৱসান: ভাৰতে পালে নতুন সেনাপতি
ইংলেণ্ডৰ সৈতে দ্বিতীয়খন টেষ্টত ভাৰতৰ বৃহৎ জয় । ৫৮ বছৰে কৰিব নোৱৰা কাম কৰি দেখুৱালে শুভমন গিল বাহিনীয়ে ।

Published : July 7, 2025 at 11:03 AM IST
বাৰ্মিংহাম: ইংলেণ্ডৰ এজবাষ্টন ষ্টেডিয়াম ভাৰতীয় ক্ৰিকেট দলৰ বাবে বহু বছৰ ধৰি তীব্ৰ প্ৰত্যাহ্বানপূৰ্ণ হৈ আছিল । কিয়নো এই ষ্টেডিয়াম ব্ৰিটিছ দলটো অপ্ৰতিৰোধ্য আছিল । যাৰ বাবে ভাৰতে ৫৮ বছৰে ইংলেণ্ডৰ বিৰুদ্ধে এই ষ্টেডিয়ামত বিজয়ৰ মুখ দেখা নাছিল । কিন্তু শুভমন গিল বাহিনীয়ে এজবাষ্টনৰ এই অপবাদ আঁতৰাবলৈ সক্ষম হ'ল । দেওবাৰে এই ষ্টেডিয়ামতে ঐতিহাসিক বিজয় সাব্যস্ত কৰে ভাৰতে । ভাৰতে দ্বিতীয়খন টেষ্টত আয়োজক ইংলেণ্ডক ৩৩৬ ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি ৫ খনীয়া শৃংখলাটোত ১-১ত সমতা স্থাপন কৰিবলৈ সক্ষম হয় ।
এজবাষ্টনৰ টেষ্টত ভাৰতৰ অধিনায়ক শুভমন গিলৰ প্ৰদৰ্শন আছিল প্ৰশংসনীয় । ইফালে আকাশদ্বীপৰ দৰে নতুন সেনাপতিও পালে ভাৰতে । ভাৰতৰ অধিনায়ক শুভমন গিলে টেষ্টখনত এগৰাকী প্ৰকৃত নায়কৰ দৰে খেলিছিল । প্ৰথম ইনিংছত দ্বিশতক আৰু দ্বিতীয় ইনিংছতো ১৫০ৰো অধিক ৰাণ সংগ্ৰহ কৰি ভাৰতৰ বিজয়ৰ সপোন দেখুৱালে । গিলৰ বীৰত্বৰ বাবেই ভাৰতে ইংলেণ্ডক ৬০২ ৰাণৰ অসম্ভৱ টাৰ্গেট বান্ধি দিছিল ।
India’s first-ever Test win at Edgbaston ✅
— Star Sports (@StarSportsIndia) July 6, 2025
First Asian team to win a Test at Edgbaston ✅
First Test win for Shubman Gill as captain ✅#TeamIndia defeated #England by 336 runs at Edgbaston in a dominant display of Test cricket brilliance. 🤩
Watch the post-presentation LIVE… pic.twitter.com/bsmi7sB9zQ
অন্তিম দিনৰ খেলৰ পূৰ্বে বৰষুণে সকলোকে চিন্তিত কৰি তুলিছিল । লক্ষ্য অসম্ভৱ হ'লেও ইংলেণ্ডে এসময়ৰ বাবে বৰষুণক সাৰথি কৰি খেলখন ড্ৰ'ৰ দিশলৈ লৈ যাব বুলি ধাৰণা কৰিছিল । ১০ অভাৰ কম হোৱাৰ পাছতো কিন্তু ভাৰতীয় বলাৰসকলে হাৰ মনা নাছিল । ইতিমধ্যে ইংলেণ্ডে অন্তিম দিনৰ পূৰ্বে তিনিটা উইকেট হেৰুৱাইছিল ।
দুপৰীয়াৰ আহাৰৰ পূৰ্বে ইংলেণ্ডে ৬ উইকেটত ১৫৩ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ বিপৰীতে ভাৰতক খেলখনত জয়ী হ'বলৈ আৰু মাত্ৰ চাৰিটা উইকেটৰ প্ৰয়োজন আছিল । ইফালে ভাৰতীয় পেচাৰ আকাশদ্বীপে খেলখনত ৬ টা উইকেট দখল কৰি ভাৰতক বিজয়ৰ মোহৰ লগোৱাত সহায় কৰে । নিজৰ টেষ্ট কেৰিয়াৰত প্ৰথমবাৰৰ বাবে এটা ইনিংছত ৫ টা উইকেট দখল কৰাৰ কৃতিত্বও লাভ কৰে আকাশদ্বীপে । ইংলেণ্ডে মাত্ৰ ২৭১ ৰাণতে আটাইকেইটা উইকেট হেৰুৱায় ।
HISTORY MADE AT EDGBASTON! 🇮🇳🔥#TeamIndia becomes the first-ever Asian side to conquer this fortress, and they’ve done it in style! 💥
— Star Sports (@StarSportsIndia) July 6, 2025
A convincing win that marks the first Test victory under #ShubmanGill’s captaincy. 👑#ENGvIND 👉 3rd TEST| THU, 10 JULY, 2:30 PM. Streaming… pic.twitter.com/voQHKvzTaW
ইফালে এজবাষ্টন টেষ্টত ভাৰতৰ হৈ মহম্মদ চিৰাজ আৰু আকাশদ্বীপে ২০ টা উইকেটৰ ভিতৰত ১৭ টা উইকেট দখল কৰে । যাৰ বাবে এতিয়া বুমৰাহৰ অনুপস্থিতিতো বিভিন্নজনে ভাৰতীয় পেচাৰৰ প্ৰশংসা কৰা দেখা গৈছে । উল্লেখ্য যে ১০ জুলাইৰ পৰা লণ্ডনৰ আইকনিক লৰ্ডছত অনুষ্ঠিত হ'ব এণ্ডাৰছন-তেণ্ডুলকাৰ শৃংখলাৰ তৃতীয়খন টেষ্ট ।
লগতে পঢ়ক :ৰোহিত-বিৰাটৰ অনুৰাগীৰ বাবে দুখবৰ ! - INDIA TOUR OF BANGLADESH

