ডুবাইত হ’ব ভাৰত-পাকিস্তানৰ মেচ, এছিয়া কাপ ২০২৫ৰ স্থান ঘোষণা এচিচিৰ
ডুবাইত ফাইনেলকে ধৰি ১১খন খেল অনুষ্ঠিত হোৱাৰ বিপৰীতে আবুধাবিত ৮খন খেল অনুষ্ঠিত হ’ব ।

Published : August 3, 2025 at 9:16 AM IST
নতুন দিল্লী : এছিয়া কাপ ২০২৫ত ভাৰত বনাম পাকিস্তানৰ দুখন গুৰুত্বপূৰ্ণ মেচ ডুবাইত অনুষ্ঠিত হ’ব ৷ ৯ ছেপ্টেম্বৰৰ পৰা ইউ এ ইত এছিয়া কাপ অনুষ্ঠিত হ’ব ৷ শনিবাৰে এই কথা ঘোষণা কৰে এ চি চিয়ে ৷
প্ৰতিযোগিতাখনৰ আনুষ্ঠানিক আয়োজক চহৰ হিচাপে নিশ্চিত হৈছে ডুবাই আৰু আবুধাবি ৷ ২৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া ফাইনেলকে ধৰি ডুবাইত ১১খন খেল অনুষ্ঠিত হ’ব, আনহাতে আবুধাবিত ৮খন খেল অনুষ্ঠিত হ’ব ৷
১৪ ছেপ্টেম্বৰত ডুবাইত আৰু পুনৰবাৰ সম্ভৱতঃ ২১ ছেপ্টেম্বৰত একে স্থানতে ভাৰত আৰু পাকিস্তানৰ মুখামুখি হ’ব ৷ ২০২৬ চনৰ পুৰুষৰ টি-২০ বিশ্বকাপৰ বাবে দলৰ প্ৰস্তুতিৰ কথা মনত ৰাখি টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’বলগীয়া এছিয়া কাপত প্ৰথমবাৰৰ বাবে আঠটা দল থাকিব ৷
যদিও ২৬ জুলাইত মেচসমূহৰ কথা ঘোষণা কৰা হৈছিল, তথাপিও এ চি চিয়ে স্থান ঘোষণা কৰা নাছিল ৷ ভাৰতে ১০ ছেপ্টেম্বৰত (ইউ এ ইৰ বিৰুদ্ধে) আৰু ১৪ ছেপ্টেম্বৰত (পাকিস্তানৰ বিৰুদ্ধে) ডুবাইত দুখন লীগ মেচ খেলিব, আনহাতে ১৯ ছেপ্টেম্বৰত আবুধাবিৰ শ্বেইখ জায়েদ ষ্টেডিয়ামত ওমানৰ বিৰুদ্ধে চূড়ান্ত লীগ মেচ অনুষ্ঠিত হ’ব ৷
𝐓𝐡𝐞 𝐛𝐚𝐭𝐭𝐥𝐞 𝐟𝐨𝐫 𝐀𝐬𝐢𝐚𝐧 𝐬𝐮𝐩𝐫𝐞𝐦𝐚𝐜𝐲 𝐢𝐬 𝐛𝐚𝐜𝐤! 🏏
— AsianCricketCouncil (@ACCMedia1) July 26, 2025
The ACC Men’s T20I Asia Cup kicks off from 9th to 28th September in the UAE! 🤩
Get ready for thrilling matchups as the top 8 teams in Asia face off for continental glory! 👊#ACCMensAsiaCup2025 #ACC pic.twitter.com/JzvV4wuxna
ছুপাৰ ছিক্সৰ মেচৰ ভিতৰত আবুধাবিত মাত্ৰ এখন মেচহে নিৰ্ধাৰণ কৰা হৈছে ৷ ভাৰত, পাকিস্তান, ওমান আৰু ইউ এ ই গ্ৰুপ এত থকাৰ বিপৰীতে আফগানিস্তান, শ্ৰীলংকা, বাংলাদেশ আৰু হংকং গ্ৰুপ বিত আছে ৷
এছিয়ান ক্ৰিকেট কাউন্সিলৰ অধ্যক্ষ মহচিন নাকভিয়ে শনিবাৰে এক বিবৃতি কয় যে এছিয়া কাপ কেৱল এখন প্ৰতিযোগিতা নহয়, ই এছিয়ান ক্ৰিকেটৰ উদযাপন । ইউ এ ইত ইয়াক আয়োজন কৰিলে আমি বিশ্বৰ অন্যতম সজীৱ ক্ৰিকেট হাবলৈ উত্তেজনা আনিব পাৰো ৷
তেওঁ লগতে কয়, “আমি নিশ্চিত যে ২০২৫ চনৰ সংস্কৰণে কেৱল উৎকৃষ্টতাৰ নতুন মানদণ্ড নিৰ্ধাৰণ কৰাই নহয়, সমগ্ৰ মহাদেশখনৰ এই ক্ৰীড়া আৰু ইয়াৰ লাখ লাখ আবেগিক সমৰ্থকৰ মাজৰ বন্ধনো গভীৰ কৰি তুলিব ৷”
ভাৰত, পাকিস্তান, ইউ এ ই আৰু ওমানক গ্ৰুপ এত স্থান দিয়াৰ বিপৰীতে গ্ৰুপ বিত বাংলাদেশ, শ্ৰীলংকা, আফগানিস্তান আৰু হংকঙক অন্তৰ্ভুক্ত কৰা হৈছে ৷
আফগানিস্তান আৰু হংকং-চীনৰ মেচখনৰে আৰম্ভ হ’বলগীয়া প্ৰতিযোগিতাখন প্ৰতিটো গ্ৰুপৰ শীৰ্ষ দুটা দলে ছুপাৰ ফোৰ পৰ্যায়লৈ আগবাঢ়িব, য’ত শীৰ্ষ দুটা দলে খিতাপৰ সংঘৰ্ষত মুখামুখি হৈ এছিয়া কাপৰ ১৭ সংখ্যক সংস্কৰণৰ বিজয়ী নিৰ্ণয় কৰিব ৷
ভাৰত এছিয়া কাপৰ আয়োজক যদিও দুয়োখন দেশৰ ভূ-ৰাজনৈতিক আৰু কূটনৈতিক উত্তেজনাৰ বাবে ২০২৭ চনলৈ নিৰপেক্ষ স্থানত খেলাৰ বাবে দুয়োখন দেশৰ মাজত পাৰস্পৰিক চুক্তি হোৱাৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ইউ এ ইত এই প্ৰতিযোগিতাখন আয়োজন কৰিব ৷
কলম্বোত অনুষ্ঠিত হোৱা ৫০ অভাৰৰ ফৰ্মেটত ২০২৩ চনৰ ফাইনেলত ভাৰতে শ্ৰীলংকাক পৰাস্ত কৰি এছিয়া কাপৰ খিতাপ দখল কৰিছিল ৷ ২০২২ চনত টি-২০ আন্তঃৰাষ্ট্ৰীয় সংস্কৰণত শ্ৰীলংকাই ফাইনেলত পাকিস্তানক পৰাস্ত কৰি এছিয়া কাপ জয় কৰিছিল ৷
২০২৫ চনৰ পুৰুষৰ টি-২০ এছিয়া কাপৰ সম্পূৰ্ণ সূচী
- ৯ ছেপ্টেম্বৰ - আফগানিস্তান বনাম হংকং চীন, আবুধাবি
- ১০ ছেপ্টেম্বৰ - ভাৰত বনাম ইউ এ ই, ডুবাই
- ১১ ছেপ্টেম্বৰ - বাংলাদেশ বনাম হংকং চীন, আবুধাবি
- ১২ ছেপ্টেম্বৰ - পাকিস্তান বনাম ওমান, ডুবাই
- ১৩ ছেপ্টেম্বৰ - বাংলাদেশ বনাম শ্ৰীলংকা, আবুধাবি
- ১৪ ছেপ্টেম্বৰ - ভাৰত বনাম পাকিস্তান, ডুবাই
- ১৫ ছেপ্টেম্বৰ - ইউ এ ই বনাম ওমান, আবুধাবি
- ১৫ ছেপ্টেম্বৰ - শ্ৰীলংকা বনাম হংকং চীন, ডুবাই
- ১৬ ছেপ্টেম্বৰ - বাংলাদেশ বনাম আফগানিস্তান, আবুধাবি
- ১৭ ছেপ্টেম্বৰ - পাকিস্তান বনাম ইউ এ ই, ডুবাই
- ১৮ ছেপ্টেম্বৰ - শ্ৰীলংকা বনাম আফগানিস্তান, আবুধাবি
- ১৯ ছেপ্টেম্বৰ - ভাৰত বনাম ওমান, আবুধাবি
- ২০ ছেপ্টেম্বৰ - বি১ বনাম বি২, ডুবাই
- ২১ ছেপ্টেম্বৰ - এ১ বনাম এ২, ডুবাই
- ২৩ ছেপ্টেম্বৰ - এ২ বনাম বি১, আবুধাবি
- ২৪ ছেপ্টেম্বৰ – এ১ বনাম বি২, ডুবাই
- ২৫ ছেপ্টেম্বৰ – এ২ বনাম বি২, ডুবাই
- ২৬ ছেপ্টেম্বৰ – এ১ বনাম বি১, ডুবাই
- ২৮ ছেপ্টেম্বৰ – ফাইনেল, ডুবাই

