ETV Bharat / sports

বিশ্ব বক্সিং কাপত ভাৰতীয় বক্সাৰসকলৰ অসাধাৰণ প্ৰদৰ্শন, ৬টা পদক লাভ

বিশ্ব বক্সিং কাপত নিজৰ যোগ্যতা প্ৰমাণ কৰি মুঠ ৬টা পদক লাভ ভাৰতীয় বক্সাৰৰ । পঢ়ক সম্পূৰ্ণ খবৰ ।

World Boxing Cup 2025
ভাৰতীয় বক্সাৰসকল (IANS PHOTO)
author img

By ETV Bharat Assamese Team

Published : April 6, 2025 at 5:23 PM IST

2 Min Read
Choose ETV Bharat

ব্ৰাজিল: বিশ্ব বক্সিঙৰ উদ্যোগত আয়োজিত অভিজাত পৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতীয় বক্সিং দলটোৱে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়ায় ৷ ফ’জ ড’ ইগুয়াচুত অনুষ্ঠিত বিশ্ব বক্সিং কাপ ব্ৰাজিল ২০২৫ ত এটা সোণ আৰু এটা ৰূপসহ মুঠ ৬ টা পদক লাভ কৰে দলটোৱে ।

স্বৰ্ণপদক লাভ কৰি ইতিহাস ৰচিলে হিতেশে

হিতেশ গুলিয়াই বিশ্ব বক্সিং কাপত স্বৰ্ণপদক অৰ্জনকাৰী প্ৰথমগৰাকী ভাৰতীয় বক্সাৰ হিচাপে পৰিগণিত হয় । বিপক্ষৰ প্ৰতিদ্বন্দ্বী ইংলেণ্ডৰ অডেল কামৰাই আঘাতপ্ৰাপ্ত হৈ ৭০ কেজি শাখাৰ ফাইনেলত ৰিঙত প্ৰৱেশ কৰিব নোৱাৰিলে । যাৰ বাবে এই অভিলেখৰ গৰাকী হয় ভাৰতীয় বক্সাৰগৰাকী ৷

অভিনাশ জামৱালৰ ৰূপৰ পদক

৬৫ কেজি শাখাত ফাইনেলত প্ৰৱেশ কৰা দ্বিতীয়গৰাকী ভাৰতীয় বক্সাৰ অভিনাশ জামৱালে স্থানীয় প্ৰিয় ইউৰি ৰেইছৰ বিৰুদ্ধে সৰ্বোচ্চ প্ৰদৰ্শন আগবঢ়ায়ো স্বৰ্ণজয়ৰ পৰা বঞ্চিত হয় ৷ যাৰ বাবে খেলুৱৈগৰাকী ৰূপৰ পদক লাভ কৰিয়েই সন্তুষ্ট থাকিবলগীয়া হয় ৷

৪ গৰাকী বক্সাৰৰ ব্ৰঞ্জৰ পদক অৰ্জন

এই প্ৰতিযোগিতাত ৪ গৰাকী ভাৰতীয় খেলুৱৈয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰে ৷ এই চাৰিগৰাকী খেলুৱৈ হৈছে ক্ৰমে- যদুমণি সিং মাণ্ডেংবাম (৫০ কেজি), মনীষ ৰাথোৰ (৫৫ কেজি), শচীন (৬০ কেজি) আৰু বিশাল (৯০ কেজি) ৷

১০ দিনীয়া প্ৰস্তুতি শিবিৰৰ পৰা লাভ কৰা সহায়

বিশ্ব বক্সিং কাপত স্বৰ্ণপদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় বক্সাৰত পৰিণত হোৱাৰ পিছত প্ৰতিযোগিতাখনৰ পূৰ্বে ব্ৰাজিলত অনুষ্ঠিত হোৱা ১০ দিনীয়া প্ৰস্তুতি শিবিৰক নিজৰ জয়ৰ কৃতিত্ব দিছিল হিতেশে ৷ যি প্ৰস্তুতি শিবিৰে এই সাফল্য অৰ্জন কৰাত তেওঁৰ লগতে দলটোক বহুখিনি সহায় কৰিছিল ।

হিতেশে কয়, ‘‘শিবিৰটোৱে মোক কিছুমান কাৰিকৰী সূক্ষ্মতা শিকিবলৈ সহায় কৰিলে, যিয়ে মোক প্ৰতিযোগিতাত বহুত সহায় কৰিলে । এই প্ৰতিযোগিতাই আমাক সৰ্বোত্তম পৰ্যায়ত দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰাৰ সুযোগ প্ৰদান কৰে আৰু মই সুখী যে মই সোণৰ পদক লাভ কৰিব পাৰিলো ।’’

ভাৰতে পেৰিছ অলিম্পিকৰ পিছত প্ৰথমটো বৃহৎ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা বিশ্ব বক্সিং কাপৰ বাবে ১০ জনীয়া দল এটা নিৰ্বাচিত কৰিছিল ৷ দলটোৱে মুঠ ৬ টাকৈ পদক লাভ কৰে । ইয়াৰ ফলত দলটোৰ আত্মবিশ্বাস বৃদ্ধি হোৱাই নহয়, লছ এঞ্জেলছ গেমছৰ পূৰ্বে ২০২৮ চনৰ অলিম্পিকৰ বাবেও প্ৰস্তুতি আৰম্ভ কৰাত সহায়ক হ’ব ।

লগতে পঢ়ক: ক্ৰিকেটত প্ৰৱেশ শচীন তেণ্ডুলকাৰৰ কন্যা ছাৰা তেণ্ডুলকাৰৰ