১২ বছৰৰ পিছত ভাৰতে দখল কৰিলে চেম্পিয়নছ ট্ৰফী
কিৱি বাহিনীয়ে ৫০ অভাৰত বান্ধি দিয়া ২৫২ ৰাণৰ লক্ষ্য় ভাৰতে ৪৯ অভাৰতেই সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।

Published : March 9, 2025 at 10:44 PM IST
|Updated : March 9, 2025 at 10:51 PM IST
ডুবাই: আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বিজয় মুকুট পিন্ধিলে ৰোহিত বাহিনীয়ে । ফাইনেলত দেওবাৰে নিশা নিউজীলেণ্ডক ৪ উইকেটত পৰাজিত কৰি ভাৰতে খিতাপ দখল কৰিবলৈ সক্ষম হয় । ডুবাই ষ্টেডিয়ামত অনুষ্ঠিত এই খেলখনত ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই একেৰাহে দ্বাদশ এদিনীয়া খেলত টছত পৰাজিত হৈ অভিলেখ গঢ়িলেও একেটা বৰ্ষতেই দখল কৰিলে আই চি চিৰ দ্বিতীয়টো খিতাপ । কিৱি বাহিনীয়ে ৫০ অভাৰত বান্ধি দিয়া ২৫২ ৰাণৰ লক্ষ্য় ভাৰতে ৪৯ অভাৰতেই সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।
ডুবাইৰ শ্ল' পিটছত নিউজীলেণ্ডৰ অধিনায়ক মিচেল চেণ্টনাৰে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । ভাৰতীয় দলটোৰ বলিং আক্ৰমণত তিষ্ঠিব নোৱাৰি ২৫২ ৰাণতেই ইনিংছ সামৰে । নিউজীলেণ্ডে প্ৰথম ৬ অভাৰত ৪৬ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।
An exceptional game and an exceptional result!
— Narendra Modi (@narendramodi) March 9, 2025
Proud of our cricket team for bringing home the ICC Champions Trophy. They’ve played wonderfully through the tournament. Congratulations to our team for the splendid all round display.
ক্ৰিজত অপেনাৰ ৰাচিন ৰবীন্দ্ৰনে পুনৰ আক্ৰমণাত্মক ৰূপ লয় যদিও দলটোৱে ভাৰতীয় স্পীন বলিঙৰ সন্মুখত তিষ্ঠিবই নোৱাৰিলে । ভাৰতৰ হৈ বৰুণ চক্ৰৱৰ্তী আৰু কুলদীপ যাদৱে দুটাকৈ উইকেট দখল কৰে । জাডেজাই লাভ কৰে এটা উইকেট ।
A victory that scripts history.
— Amit Shah (@AmitShah) March 9, 2025
Congratulations to Team India on clinching a stunning victory in the ICC #ChampionsTrophy2025. Your fiery energy and unassailable dominance on the pitch made the nation proud, setting a new benchmark for cricketing excellence.
May you always come… pic.twitter.com/SC22G8c3OF
ভাৰতে ইনিংছ আৰম্ভ কৰিয়েই কিৱিৰ বলাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপ লয় । প্ৰথমটো অভাৰতেই ভাৰতীয় অপেনাৰ তথা অধিনায়ক ৰোহিত শৰ্মাই ছয় কোবায় আৰম্ভ কৰে ভাৰতৰ বিজয় ৰথৰ গতি ।
Am amazing performance from India to win the #ChampionsTrophy against a very determined New Zealand side, which never gave up. Well done also to Rohit Sharma on leading his team to consecutive @ICC men's trophies, following last year's @T20WorldCup victory. pic.twitter.com/S5CGYFf2Rs
— Jay Shah (@JayShah) March 9, 2025
ভাৰতে প্ৰথম উইকেটক যুটীত সংগ্ৰহ কৰে ১০৫ ৰাণ । গীল ৩১ ৰাণত আউট হ'লেও ৰোহিত শৰ্মাই ৮৩টা বলত সংগ্ৰহ কৰে ৭৬ ৰাণ । বিৰাট কোহলি ১ ৰাণত আউট হোৱাৰ পিচত শ্ৰেয়াস আয়াৰে ৬২ টা বলত সংগ্ৰহ কৰে ৪৮ ৰাণ ।
উইকেটকীপাৰ বেটাৰ কে এল ৰাহুলে অপৰাজিত ৩৪ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় । ইনিংছৰ শেষৰ ফালে হাৰ্ডিক পাণ্ডিয়াই এটা চাৰি আৰু সমসংখ্য়ক ছয় কোবাই ভাৰতৰ বিজয়ৰ পথ প্ৰশস্ত কৰি তোলে । ৰবীন্দ্ৰ জাডেজাই অপৰাজিত ৯ ৰাণ সংগ্ৰহ কৰে ।
India Roars to Victory - Champions Once More!
— Sarbananda Sonowal (@sarbanandsonwal) March 9, 2025
Heartiest congratulations to #TeamIndia for winning the #ChampionsTrophy2025. A brilliant show of clinical precision and outstanding cricket over the span of the tournament. I join the nation in celebration. Proud 🇮🇳#INDvsNZ pic.twitter.com/3i0m2V7DDO
চূড়ান্ত মেচত নিউজিলেণ্ডে টছত জয়ী হৈ বেটিং কৰাৰ সিদ্ধান্ত লয় । অপেনাৰ উইল ইয়ং আৰু ৰাচিন ৰবীন্দ্ৰই প্ৰথম উইকেটৰ বাবে ৫৭ ৰাণ সংগ্ৰহ কৰা সময়তেই উইল ইয়ংক স্পীনাৰ বৰুণ চক্ৰৱৰ্তীয়ে ১৫ ৰাণত আউট কৰে । বৰুণ চক্ৰৱৰ্তী, ৰবীন্দ্ৰ জাদেজা, কুলদীপ যাদৱ আৰু অক্ষৰ পেটেলে সুন্দৰ বলিং কৰাৰ ফলত কম সময়ৰ ভিতৰতে ৫৭/১ ৰ পৰা দলীয় স্ক'ৰ ১০৮/৪ হয় ।
ইয়াৰ পিছত ডেৰিল মিচেল আৰু গ্লেন ফিলিপছে (৩৪) পঞ্চম উইকেটত ৫৭ ৰাণ যোগ কৰে । মিচেলে ৬৩ ৰাণৰ সংগ্ৰহ কৰি আউট হয় । মাইকেল ব্ৰেছৱেলে অন্তিম অভাৰত দ্ৰুত অৰ্ধশতক অৰ্জন কৰি নিউজিলেণ্ডক মুঠ ২৫১/৭ ৰাণ কৰাত সহায় কৰে । তেওঁৰ অৰ্ধশতকে নিউজিলেণ্ডৰ দলটোক ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ২৫০ ৰাণৰ সীমা অতিক্ৰম কৰাত সহায় কৰে ।
উল্লেখ্য় যে ভাৰতৰ এয়া তৃতীয় চেম্পিয়নছ ট্ৰফী খিতাপ দখল । ইয়াৰ পূৰ্বে 2002 চনত শ্ৰীলংকাৰ সৈতে যুটীয়াভাৱে আৰু 2013 চনত বিজয়ী হৈছিল । এই বিজয়ৰ পিছতেই ভাৰতীয় দলটোক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বনন্দ সোণোৱালে X'ত শুভেচ্ছা জ্ঞাপন কৰে ।

