ETV Bharat / sports

দিলীপ দোছীক শ্ৰদ্ধাঞ্জলি জনাই ভাৰত-ইংলেণ্ডৰ খেলুৱৈয়ে পিন্ধিলে ক’লা বেজ - DILIP DOSHI PASSES AWAY

লীডছৰ হেডিংলেত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত প্ৰথমখন টেষ্টৰ শেষৰদিনা দুয়োটা দলৰ খেলুৱৈসকলে ক’লা বেজ পৰিধান কৰি খেলপথাৰত নামে ৷

DILIP DOSHI PASSES AWAY
ক’লা বেজ পৰিধান কৰি খেলপথাৰত ভাৰত-ইংলেণ্ডৰ খেলুৱৈসকল (ANI Photo)
author img

By ANI

Published : June 24, 2025 at 6:57 PM IST

2 Min Read

লীডছ: ভাৰত-ইংলেণ্ডৰ মাজৰ প্ৰথমখন টেষ্ট মেচৰ মঙলবাৰে পঞ্চম তথা অন্তিমটো দিন ৷ হেডিংলেত চলি থকা এই টেষ্ট মেচখনৰ সময়ত ভাৰত আৰু ইংলেণ্ড ক্ৰিকেট দলৰ খেলুৱৈসকলক ক’লা বেজ পৰিধান কৰা দেখা যায় ৷

ক’লা বেজ পৰিধান কৰি খেলপথাৰলৈ আহিছিল খেলুৱৈসকল

আচলতে ভাৰতৰ প্ৰাক্তন বাওঁহতীয়া স্পিনাৰ দিলীপ দোছীৰ সোমবাৰে লণ্ডনত ৭৭ বছৰ বয়সত মৃত্যু ঘটে । প্ৰাক্তন বাওঁহতীয়া স্পিনাৰগৰাকীৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে যদিও মৃত্যুৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই ।

দিলীপ দোছীৰ দেহাৱসানৰ খবৰ লাভ কৰাৰ পিছত তেওঁক সন্মান জনাবলৈ ক’লা বেজ পিন্ধি খেলপথাৰত নামে ভাৰতীয় খেলুৱৈসকল । খেলপথাৰতে ইংলেণ্ড আৰু ভাৰতৰ খেলুৱৈসকলে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ স্মৃতিত এক মিনিট মৌনতা অৱলম্বন কৰে । ইয়াৰ পূৰ্বেও দুয়োটা দলে এই মেচত দুবাৰকৈ ক’লা বেজ পিন্ধি খেলপথাৰলৈ আহিছিল ।

প্ৰথমবাৰৰ বাবে কেতিয়া খেলুৱৈসকলে পৰিধান কৰিছিল ক’লা বেজ ?

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নিহতসকলক সুঁৱৰি আৰু শ্ৰদ্ধাঞ্জলি জনাই প্ৰথমবাৰৰ বাবে ভাৰত আৰু ইংলেণ্ডৰ খেলুৱৈসকলে বাহুত ক’লা বেজ পৰিধান কৰি লীডছৰ হেডিংলেত অনুষ্ঠিত প্ৰথমখন টেষ্টত অংশগ্ৰহণ কৰিছিল । সেই সময়তো খেলুৱৈসকলে নিহতসকলৰ আত্মাৰ সদগতিৰ অৰ্থে শ্ৰদ্ধাঞ্জলি জনাই মৌনতা অৱলম্বন কৰিছিল ।

বিগত ১২ জুনত আহমেদাবাদৰ পৰা লণ্ডনলৈ উৰা মৰা এয়াৰ ইণ্ডিয়াৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল । বিমানখনত থকা ২৪১ জন যাত্ৰী আৰু ক্ৰু মেম্বাৰসকল এই দুৰ্ঘটনাত নিহত হয় । এই ঘটনাত ২৭৪ জন লোকে প্ৰাণ হেৰুৱাইছে যদিও কথমপি ৰক্ষা পৰিছে এজন যাত্ৰী ৷ নিহতসকলৰ ভিতৰত আছে ১৮১ জন ভাৰতীয় আৰু ৫৩ জন ব্ৰিটিছ নাগৰিক ।

কিহৰ বাবে দ্বিতীয়বাৰ ক’লা বেজ পৰিধান কৰিলে খেলুৱৈসকলে ?

ইয়াৰ পিছত দ্বিতীয়বাৰৰ বাবে খেলুৱৈসকলে ইংলেণ্ডৰ প্ৰাক্তন বেষ্ট বলাৰ ডেভিদ লৰেন্সৰ মৃত্যুত সন্মান প্ৰদৰ্শন কৰি ক’লা বেজ পৰিধান কৰিছিল ৷ বিগত ২২ জুনত ৬১ বছৰ বয়সত মৃত্যু হৈছিল ডেভিদ লৰেন্সৰ । ২০২৩ চনৰ পৰা তেওঁ মটৰ নিউৰণ ডিজিজত আক্ৰান্ত আছিল । এই ৰোগে আক্ৰান্ত ব্যক্তিৰ পেশীসমূহ দুৰ্বল কৰি আনি আয়ুষ হ্ৰাস কৰে ৷

লগতে পঢ়ক: ১৩৯ বলত ৪৩০ ৰাণ, ইতিহাস লিখিলে নলবাৰীৰ সন্তানে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.