ETV Bharat / sports

ভাৰত বনাম ৱেষ্ট ইণ্ডিজ: ১৬২ ৰাণত ইনিংছ সামৰিলে ৱেষ্ট ইণ্ডিজে, ছিৰাজৰ ৫ উইকেট দখল

প্ৰথমখন মেচত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে সুন্দৰ আৰম্ভণি কৰিছে ভাৰতে আৰু দলটোক ১৬২ ৰাণত আৱদ্ধ কৰি ৰাখিছে ৷

IND vs WI 1st Test
ভাৰতীয় খেলুৱৈসকল (AP)
author img

By ETV Bharat Assamese Team

Published : October 2, 2025 at 5:59 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: আজিৰে পৰা আৰম্ভ হৈছে ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ দুখন মেচৰ টেষ্ট শৃংখলা ৷ শৃংখলাৰ প্ৰথমখন টেষ্ট আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে ৷

প্ৰথমখন মেচত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে সুন্দৰ আৰম্ভণি কৰিছে ভাৰতে আৰু বিপক্ষক ১৬২ ৰাণত আৱদ্ধ কৰি ৰাখিছে ৷ যশপ্ৰীত বুমৰাহ আৰু মহম্মদ ছিৰাজৰ পেচ যুটিয়ে সহজে তচনচ কৰি পেলায় বিপক্ষৰ বেটিং শক্তি ৷

ছিৰাজে ৪ টা উইকেট দখল কৰাৰ বিপৰীতে বুমৰাহে দখল কৰে ৩ টা উইকেট । ৱেষ্ট ইণ্ডিজৰ হৈ জাষ্টিন গ্ৰীভছে ৩২ ৰাণ আৰু শ্বাই হোপে অপৰাজিত ২৬ ৰাণৰ ইনিংছ খেলে ৷

টছত জয়লাভ কৰি ৱেষ্ট ইণ্ডিজে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ কেৰিবিয়ান অধিনায়ক ৰষ্টন চেজে এই সিদ্ধান্ত লোৱাৰ কাৰণ এয়ে আছিল যে তেওঁ এই পিটচৰ শেষত বেটিং কৰিব বিচৰা নাছিল ৷ কাৰণ খেলখন আগবাঢ়ি যোৱাৰ লগে লগে পিটচৰ গতি যিকোনো ধৰণৰ হোৱাৰ সম্ভাৱনা আছে ৷

আজিৰ মেচখনত ভাৰতৰ বলিং বিভাগ চম্ভালিছে দুজনকৈ ফাষ্ট বলাৰ ক্ৰমে যশপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজে ৷ আনহাতে ভাৰতৰ স্পিন বিভাগত আছে ৰবীন্দ্ৰ জাদেজা, ৱাশ্বিংটন সুন্দৰ আৰু কুলদীপ যাদৱ ।

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলা টেষ্ট শৃংখলাৰ ২৫ খন মেচত বিগত ২৩ বছৰে অপ্ৰতিৰোধ্য হৈ আছে ভাৰত । শেষবাৰৰ বাবে ৱেষ্ট ইণ্ডিজে ভাৰতক ১৫৫ ৰাণত পৰাস্ত কৰিছিল, য’ত ৱেভেল হিণ্ডছে শতক অৰ্জন কৰাৰ লগতে চমৎকাৰ বেটিং কৰিছিল ।

বিপক্ষৰ বিৰুদ্ধে সৰ্বাধিক দীঘলীয়া অপৰাজিত ধাৰা (টেষ্ট)

  • ৪৭ ইংলেণ্ড বনাম নিউজিলেণ্ড (১৯৩০-৭৫)
  • ৩০ ইংলেণ্ড বনাম পাকিস্তান (১৯৬১-৮২)
  • ২৯ ৱেষ্ট ইণ্ডিজ বনাম ইংলেণ্ড (১৯৭৬-৮৮)
  • ২৫ ভাৰত বনাম ৱেষ্ট ইণ্ডিজ (২০০২-২৩)*
  • ২৪ অষ্ট্ৰেলিয়া বনাম দক্ষিণ আফ্ৰিকা (১৯১১-৫২)
  • ২৪ ৱেষ্ট ইণ্ডিজ বনাম ভাৰত (১৯৪৮-৭১)

মূল একাদশ

ভাৰতীয় দলটো

যশস্বী জয়ছোৱাল, কে এল ৰাহুল, সাই সুদৰ্শন, শুভমন গিল (অধিনায়ক), ধ্ৰুৱ জুৰেল (উইকেটৰক্ষক), ৰবীন্দ্ৰ জাদেজা, ৱাশ্বিংটন সুন্দৰ, নীতিশ কুমাৰ ৰেড্ডী, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজ

ৱেষ্ট ইণ্ডিজৰ দলটো

টেগেনাৰিন চেণ্ডাৰপল, জন কেম্পবেল, এলিক এথানেজ, ব্ৰেণ্ডন কিং, শ্বাই হোপ (উইকেটৰক্ষক), ৰষ্টন চেজ (অধিনায়ক), জাষ্টিন গ্ৰীভছ, জোমেল ৱাৰিকান, খাৰী পিয়েৰ, জোহান লেইন আৰু জেডেন ছিলছ

দুয়োটা দলৰ মুখামুখি

দুয়োটা দলে ইজনে সিজনৰ বিৰুদ্ধে ১০০ খন খেলত অংশগ্ৰহণ কৰিছে ৷ ৱেষ্ট ইণ্ডিজে ৩০ খন, ভাৰতে ২৩ খন খেলত জয়লাভ কৰাৰ বিপৰীতে ৪৭ খন মেচ অমীমাংসিতভাৱে সামৰণি পৰিছে ৷ ২০২৩ চনত দুয়োটা দলৰ মাজত অন্তিমবাৰৰ বাবে অনুষ্ঠিত দুখন মেচৰ শৃংখলাটোত ভাৰতে ৱেষ্ট ইণ্ডিজক ১-০ ব্যৱধানত পৰাস্ত কৰিছিল ।

টছৰ সময়ত ভাৰতীয় অধিনায়ক শুভমন গিলে কয় যে বছৰৰ শেষৰফালে দলটোৱে ঘৰুৱা শৃংখলাৰ চাৰিখন টেষ্ট মেচত অংশগ্ৰহণ কৰিব আৰু ভাৰতৰ লক্ষ্য হৈছে সকলোবোৰ মেচতে জয়ী হোৱা ।

তেওঁ লগতে কয়, ‘‘সকলোৰে অৱস্থা ভাল, ৰঙা বলৰ বাবে মানসিকতাত সোমাই পৰাটোৱেই মাথোঁ লক্ষ্য । দেখাত ইয়াক অতি ভাল পিটচ যেন লাগিছে । টছ হেৰুৱাই মই হতাশ হোৱা নাই, ই কভাৰৰ তলত আছিল আৰু আমি হয়তো আৰম্ভণিতে কিছু সহায় পাম ।’’

লগতে পঢ়ক: ভাৰতৰ আগত শিৰনত পাকিস্তানৰ, বি চি চি আইৰ ওচৰত ক্ষমা বিচাৰিলে মহছিন নকভিয়ে