ৰোহিত আৰু ধোনীক অতিক্ৰম কৰি বৃহৎ কৃতিত্ব অৰ্জন শুভমন গিলৰ
দিল্লীত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত শুভমন গিলে ১২৯ ৰাণ নট আউটৰ এক উজ্জ্বল ইনিংছ খেলিছিল । অধিনায়ক হিচাপে এয়া তেওঁৰ পঞ্চম টেষ্ট শতক ৷

Published : October 12, 2025 at 9:10 AM IST
হায়দৰাবাদ : উৎকৃষ্ট ফৰ্মত আছে ভাৰতৰ টেষ্টৰ অধিনায়ক শুভমন গিল ৷ দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত শুভমন গিলে অপৰাজিত ১২৯ ৰাণ সংগ্ৰহ কৰে ৷ এয়া তেওঁৰ দশম টেষ্ট শতক আৰু অধিনায়ক হিচাপে তেওঁৰ পঞ্চম টেষ্ট শতক ৷
বিৰাট কোহলীক স্পৰ্শ কৰিলে গিলে
টেষ্টৰ অধিনায়ক হোৱাৰ পিছত গিলে ৭খন মেচ খেলিছে আৰু গড়ে ৮৪ কৈ মুঠ ৯৩৩ ৰাণ সংগ্ৰহ কৰিছে, য’ত ৫টা শতক আৰু এটা অৰ্ধশতক আছে ৷ ইয়াৰ লগে লগে গিলে কেলেণ্ডাৰ বৰ্ষত টেষ্ট অধিনায়ক হিচাপে সৰ্বাধিক শতক অৰ্জন কৰা বিৰাট কোহলীক স্পৰ্শ কৰিছে ৷ বিৰাটে ২০১৭ আৰু ২০১৮ চনত দুবাৰকৈ পাঁচটা শতক অৰ্জন কৰিছিল ৷
𝗚𝗶𝗹𝗹. 𝗚𝗹𝗼𝗿𝘆. 𝗚𝗿𝗲𝗮𝘁𝗻𝗲𝘀𝘀. 🙌@ShubmanGill reaches a brilliant century, guiding #TeamIndia towards a huge total, inching closer to the 500 mark! 🏏💪
— Star Sports (@StarSportsIndia) October 11, 2025
Catch the LIVE action 👉 https://t.co/tg7ZEVlTSH#INDvWI 👉 2nd Test, Day 2 | Live Now on Star Sports &… pic.twitter.com/vIWGDISIcx
এইটোও মন কৰিবলগীয়া যে অধিনায়ক হিচাপে ১২ ইনিংছত শুভমন গিলৰ এয়া পঞ্চমটো টেষ্ট শতক ৷ এই তালিকাৰ শীৰ্ষত আছে এলাষ্টাৰ কুক আৰু সুনীল গাভাস্কাৰে, যিয়ে ক্ৰমে ৯ আৰু দহ ইনিংছত এই কৃতিত্ব অৰ্জন কৰে ৷
গিলে অতিক্ৰম কৰে ৰোহিতক
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত 10 টা শতক অৰ্জন কৰি গিলে ৰোহিত শৰ্মাৰ অভিলেখ ভংগ কৰিছে আৰু বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত সৰ্বাধিক শতক অৰ্জন কৰা ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয় ৷ ইয়াৰ পূৰ্বে এই অভিলেখ আছিল ৰোহিত শৰ্মাৰ নামত ৷ তেওঁ 10 টা শতক অৰ্জন কৰিছিল ৷
ধোনী আৰু গাংগুলীকো কৰিলে অতিক্ৰম
অধিনায়ক হিচাপে টেষ্টত পঞ্চমটো শতক অৰ্জন কৰি ২৬ বছৰীয়া গিলে অধিনায়ক হিচাপে সৰ্বাধিক শতক অৰ্জন কৰা ধোনী আৰু গাংগুলীৰ অভিলেখৰ সমান কৰে ৷ ভাৰতৰ টেষ্ট অধিনায়ক হিচাপে ২০ শতক অৰ্জন কৰি শীৰ্ষত আছে বিৰাট কোহলি, তাৰ পিছতে আছে সুনীল গাভাস্কৰ আৰু মহম্মদ আজহাৰুদ্দিনে, যিয়ে ক্ৰমে ১১টা আৰু ৯টা শতক অৰ্জন কৰিছিল ৷
CAPTAIN SHUBMAN GILL HAS 5 TEST HUNDREDS FROM JUST 7 TESTS. 🥶 pic.twitter.com/JeAxWT3cqF
— Mufaddal Vohra (@mufaddal_vohra) October 11, 2025
ভাৰতৰ টেষ্ট অধিনায়ক হিচাপে সৰ্বাধিক শতক
- বিৰাট কোহলী - ২০
- সুনীল গাভাস্কৰ - ১১
- মহম্মদ আজহাৰুদ্দিন - ৯
- শচীন তেণ্ডুলকাৰ - ৭
- শুভমন গিল - ৫
- এম এছ ধোনী - ৫
- সৌৰভ গাংগুলী - ৫
- মনছুৰ আলী খান পটৌদি - ৫
- ৰাহুল দ্ৰাবিড় - ৪
- ৰোহিত শৰ্মা - ৪
গিলৰ মুঠ আন্তঃৰাষ্ট্ৰীয় শতক
শুভমন গিলৰ নামত মুঠ ১৯টা আন্তঃৰাষ্ট্ৰীয় শতক আছে ৷ তেওঁ টেষ্টত ১০টা, এদিনীয়াত ৮টা, টি-২০ত ১টা শতক অৰ্জন কৰিছে ৷ দ্বিতীয় টেষ্টত ভাৰতে ১৩৫ অভাৰ ৫ উইকেটৰ বিনিময়ত ৫১৮ ৰাণ সংগ্ৰহ কৰে ৷
লগতে পঢ়ক : ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় টেষ্ট: জয়ছোৱালৰ শতক, ৩০০ ৰাণৰ সীমা অতিক্ৰম ভাৰতৰ

