ETV Bharat / sports

আই পি এলৰ কোটিটকীয়া ক্ৰিকেটাৰ ব্যৰ্থ ! পাকিস্তানৰ বিৰুদ্ধে পৰাজয়ৰে অভিযান আৰম্ভ ভাৰতৰ

U19 asia cup: এছিয়া কাপৰ প্ৰথমখন মেচতে চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে লজ্জাজনক হাৰ ভাৰতৰ ৷ পৰাজয়ৰে প্ৰতিযোগিতাত অভিযান আৰম্ভ ভাৰতৰ ৷

ind vs pak u19 asia cup
ভাৰত আৰু পাকিস্তানৰ অনুৰ্ধ-19 খেলুৱৈ (BCCI vs PCB Photo)
author img

By ETV Bharat Sports Team

Published : December 1, 2024 at 10:17 AM IST

2 Min Read
Choose ETV Bharat

স্প’ৰ্টছ ডেস্ক: ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু পাকিস্তান অনুৰ্ধ-19 দল দুটাৰ মাজত অনুষ্ঠিত হয় এছিয়া কাপ 2024 ৰ মেচ ৷ শনিবাৰে অনুষ্ঠিত এই খেলখনত পাকিস্তানৰ হাতত পৰাজয়বৰণ কৰে ভাৰতে ৷

পাকিস্তানৰ অনুৰ্ধ-19 দলটোৱে মহম্মদ আমান নেতৃত্বাধীন ভাৰতক 43 ৰাণত পৰাস্ত কৰে । এনেদৰে পৰাজয়ৰে প্ৰতিযোগিতাখনত অভিযান আৰম্ভ কৰে ভাৰতে ৷

শ্বাহজেব খানৰ 159 ৰাণৰ বিস্ফোৰক ইনিংছ

এই খেলখনত পাকিস্তানৰ অধিনায়ক চাদ বেগে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । লগতে ভাৰতীয় অধিনায়ক মহম্মদ আমানক প্ৰথমে ফিল্ডিং কৰিবলৈ আমন্ত্ৰণ জনাই পাকিস্তানৰ অধিনায়কগৰাকীয়ে ।

পাকিস্তানে প্ৰথমে বেটিং কৰি 50 অভাৰত 7 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 281 ৰাণ । শ্বাহজেব খানে পাকিস্তানৰ হৈ 159 ৰাণৰ বিস্ফোৰক ইনিংছ খেলে । খেলুৱৈগৰাকীয়ে নিজৰ ইনিংছটো সজায় 5 টা চাৰি আৰু 10 টা ছয়ৰে ৷ দলটোৰ হৈ উছমান খানে 60 ৰাণৰ অৱদান আগবঢ়ায় । ভাৰতৰ হৈ সমৰ্থ নাগৰাজে দখল কৰে 3 টা উইকেট ।

43 ৰাণত পৰাজিত ভাৰত

পাকিস্তানে নিৰ্ধাৰণ কৰি দিয়া 282 ৰাণ আগত লৈ ক্ৰিজত নমা ভাৰতে 50 অভাৰত 10 টা উইকেট হেৰুৱাই 238 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । ভাৰতৰ হৈ আয়ুষ মহত্ৰে (20), বৈভৱ সূৰ্যবংশী (1), আন্দ্ৰে সিদ্ধাৰ্থ (15), মহম্মদ আমান (16), নিখিল কুমাৰ (67), কিৰণ চোৰামলে (20), হৰবংশ সিং (26), হাৰ্দিক ৰাজ (10), সমৰ্থ নাগৰাজ (0), মহম্মদ এনান (30) আৰু যুধাজিত গুহাই (30) ৰাণ সংগ্ৰহ কৰে ৷ ভাৰতৰ হৈ কোনো এগৰাকী বেটছমেনে বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰাত ব্যৰ্থ হোৱা দেখা যায় ৷ পাকিস্তানৰ আলি ৰাজাই দলটোৰ হৈ 3 টা উইকেট দখল কৰে ৷

ব্যৰ্থ আই পি এলৰ কোটিটকীয়া ক্ৰিকেটাৰ বৈভৱ সূৰ্যবংশী

এই মেচখনত সকলো ক্ৰিকেটপ্ৰেমীৰে দৃষ্টি 13 বছৰীয়া বৈভৱ সূৰ্যবংশীৰ ওপৰত আৱদ্ধ আছিল । শেহতীয়াকৈ আই পি এল 2025 ৰ মেগা নিলামত ক্ৰিকেটাৰগৰাকীক ৰাজস্থান ৰয়েলছে 1.3 কোটি টকাত ক্ৰয় কৰিছিল ৷ বিহাৰৰ সমষ্টিপুৰ জিলাৰ বাসিন্দা বৈভৱে পাকিস্তানৰ বিৰুদ্ধে 9 টা বল খেলি মাত্ৰ 1 ৰাণতে পেভিলিয়নলৈ ওভতে ।

লগতে পঢ়ক: টীম ইণ্ডিয়াৰ অনুশীলন মেচৰ প্ৰথম দিনটোতে বৰষুণৰ বিধি-পথালি