চেম্পিয়নছ ট্ৰফীৰ ফাইনেল: প্ৰথমে বলিং ভাৰতৰ
আই চি চি চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত নিউজীলেণ্ডে টছত জয়ী হৈ প্ৰথমে বেটিং কৰিছে ।

Published : March 9, 2025 at 3:25 PM IST
ডুবাই : আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ফাইনেলত আজি ভাৰত আৰু নিউজীলেণ্ড মুখামুখি হৈছে । ডুবাই ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই খেলখনত ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই একেৰাহে দ্বাদশ এদিনীয়া খেলত টছত পৰাজিত হৈ অভিলেখ গঢ়িছে । ডুবাইৰ শ্ল' পিটছত নিউজীলেণ্ডৰ অধিনায়ক মিচেল চেণ্টনাৰে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । যাৰ বাবে ভাৰতীয় দলটোৱে প্ৰথমে বলিং কৰিছে । প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈ নিউজীলেণ্ডে ৬ অভাৰৰ অন্তত ৪৬ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । ক্ৰীজত পুনৰ এবাৰ আক্ৰমণাত্মক ৰূপ দেখা গৈছে কিৱি বাহিনীৰ অপেনাৰ ৰাচিন ৰবীন্দ্ৰৰ । এতিয়ালৈ ৰবীন্দ্ৰই ২১ টা বলত ২৯ ৰাণ সংগ্ৰহ কৰে । উইল ইয়ঙেও ১৯ বলত ১১ ৰাণ কৰিছে । ভাৰতে প্ৰথম উইকেটৰ সন্ধানত আছে ।
চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত টছত জয়ী হোৱাৰ পিছত নিউজীলেণ্ডৰ অধিনায়ক মিচেল চেণ্টনাৰে কয়, "আমি প্ৰথমে বেটিং কৰিম । এসপ্তাহ পূৰ্বে আমি ভাৰতৰ বিৰুদ্ধে খেলখনত যি দেখিছিলো তাতকৈ ভাল উইকেট যেন লাগিছে । দুৰ্ভাগ্যবশতঃ মেট হেনৰী কান্ধৰ আঘাতৰ বাবে খেলখনত অংশ ল'ব নোৱাৰিব । তেওঁৰ স্থানত নাথান স্মিথ দলত থাকিব ।"
🚨 Toss News 🚨
— BCCI (@BCCI) March 9, 2025
New Zealand have elected to bat against #TeamIndia in the #ChampionsTrophy #Final!
Updates ▶️ https://t.co/uCIvPtzs19#INDvNZ pic.twitter.com/pOpMWIZhpj
ইফালে টছত পৰাজিত হোৱাৰ পিছত ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই কয়, "আমি ইয়াত কিছু সময় ধৰি আছো । প্ৰথমে বেটিং কৰিছো আৰু বলিঙো কৰিছো । পিছত বেটিং কৰাত আমাৰ কোনো সমস্যা নাই । পিটছত বিশেষ পৰিৱৰ্তন হোৱা নাই, আমি টাৰ্গেট অনুসৰণ কৰিছো আৰু বিজয় অৰ্জন কৰিছো ।"
The team sheets are out for the GRAND FINALE! 📋✅
— Star Sports (@StarSportsIndia) March 9, 2025
No changes in the Indian contingent while #MattHenry misses out from the Kiwi setup! Is it advantage India? 😮#ChampionsTrophyOnJioStar FINAL 👉 #INDvNZ | LIVE NOW on Star Sports 1, Star Sports 1 Hindi, Star Sports 2 &… pic.twitter.com/49AYMtSO6Z
ভাৰতৰ প্লেয়িং ১১ : ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, বিৰাট কোহলী, শ্ৰেয়স আয়াৰ, অক্সৰ পেটেল, কে এল ৰাহুল (উইকেটকিপাৰ), হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, মহম্মদ ছামী, কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী ।
নিউজীলেণ্ডৰ প্লেয়িং ১১ : উইল ইয়ং, ৰাচিন ৰবীন্দ্ৰ, কেন উইলিয়ামচন, ডেৰিল মিচেল, টম লাথাম (উইকেটকিপাৰ), গ্লেন ফিলিপছ, মাইকেল ব্ৰেছৱেল, মিচেল চেণ্টনাৰ (অধিনায়ক), কাইল জেমিচন, উইলিয়াম অ'ৰাউৰ, নাথান স্মিথ ।

