ETV Bharat / sports

নিউজীলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্ট জিকিবলৈ ভাৰতে কৰিব লাগিব অসাধ্য সাধন, 69 বছৰৰ অভিলেখ বিপদত

নিউজীলেণ্ডৰ সৈতে শৃংখলাত 1-1 ৰ সমতা আনিবলৈ ভাৰতে চতুৰ্থ ইনিংছত দ্বিতীয় সৰ্বাধিক ৰাণৰ পম খেদি জয়ী হ’ব লাগিব ।

IND VS NZ
ভাৰত বনাম নিউজীলেণ্ড (AP)
author img

By ETV Bharat Assamese Team

Published : October 26, 2024 at 1:46 PM IST

2 Min Read
Choose ETV Bharat

পুনে: ভাৰতে তেওঁলোকৰ 69 বছৰৰ অভিলেখ অক্ষত ৰাখিবলৈ নিউজীলেণ্ডৰ বিৰুদ্ধে খেলা দ্বিতীয়খন টেষ্টত এক ঐতিহাসিক ৰাণৰ লক্ষ্য অতিক্ৰম কৰিব লাগিব। ভাৰতে এই টেষ্টত জয় লাভৰ বাবে 359 ৰাণৰ লক্ষ্য পাৰ কৰিব লাগিব, যদি টীম ইণ্ডিয়াই ইয়াত সফল হয়, তেন্তে এয়া হ‘ব চতুৰ্থ ইনিংছত হ'ব দ্বিতীয় সৰ্বাধিক ৰাণৰ লক্ষ্য অতিক্ৰম কৰি বিজয় ৷

খেলখনৰ তৃতীয় দিনা পাঁচ উইকেটত 198 ৰাণৰ পৰা ইনিংছ আৰম্ভ কৰি কিৱি দলে প্ৰথম সত্ৰৰ এঘণ্টাত 57 ৰাণত বাকী থকা পাঁচটা উইকেট হেৰুৱায়। অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিন (2/97) আৰু বাওঁহতীয়া স্পিনাৰ ৰবীন্দ্ৰ জাদেজাই (3/72) উইকেট দখল কৰে। ভাৰতীয় স্পিনাৰৰ এই উজ্জ্বল প্ৰদৰ্শনে দ্বিতীয় ইনিংছত নিউজীলেণ্ডক 255 ৰাণত বান্ধি থয়।

এই স্বত্ত্বেও নিউজীলেণ্ডে সামগ্ৰিকভাৱে 358 ৰাণৰ অগ্ৰগতি লাভ কৰে ৷ লক্ষ্যণীয় যে পুনেৰ ভাঙি পৰা পিটছত 359 ৰাণ জয়ৰ লক্ষ্য যথেষ্ট প্ৰত্যাহ্বানজনক। যদি ভাৰতে সফলতাৰে লক্ষ্যটো অনুসৰণ কৰিবলৈ সক্ষম হয়, তেনেহ’লে ই ভাৰতত আয়োজিত টেষ্ট ক্ৰিকেটৰ ইতিহাসত ঘৰুৱা দলটোৰ দ্বিতীয় সৰ্বাধিক ৰাণ চেজ হ'ব। অৱশ্যে, এইটোও মন কৰিবলগীয়া যে নিউজীলেণ্ডৰ বিৰুদ্ধে চতুৰ্থ ইনিংছত সৰ্বাধিক লক্ষ্য আছিল 345 ৰাণ, যিটোত ৱেষ্ট ইণ্ডিজে 1969 চনত অকলেণ্ডত উপনীত হৈ জয় অৰ্জন কৰিছিল।

ভাৰতে ঘৰুৱা খেলপথাৰত চতুৰ্থ ইনিংছত সৰ্বাধিক ৰাণৰ লক্ষ্য অতিক্ৰম কৰাৰ সূচী

  • ইংলেণ্ডৰ বিৰুদ্ধে 387/4 (চেন্নাই, 2008)
  • ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে 276/5 (দিল্লী, 2011)
  • নিউজীলেণ্ডৰ বিৰুদ্ধে 262/5 (বাংগালোৰ, 2012)
  • অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২৫৬/৮ (ব্ৰেবোৰ্ণ, মুম্বাই, ১৯৬৪)
  • অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 216/9 (মোহালি, 2010)

লগতে পঢ়ক: অসাধ্য সাধনত ব্যৰ্থ ভাৰতীয় বলাৰ; 36 বছৰৰ পিছত ঘৰৰ মাটিত লজ্জাজনক পৰাজয় ভাৰতৰ